মানুহে এনে কিছুমান ভুল কৰে যিসমূহে তেওঁক অভদ্ৰ বুলি প্ৰমাণিত কৰে। আৰু বিপৰীতে জ্ঞানী আৰু বুদ্ধিমান লোকে কিছু সময় লয়, ভাব চিন্তা কৰে কিবা এটি কৰোঁতে। এনে ধৰণৰ কিছু পাৰ্থক্যই এজন লোকক ভদ্ৰ আৰু অভদ্ৰ দুটি শ্ৰেণীত বিভক্ত কৰে।
১) হঠাৎ খং কৰা ( Quick tempered ) :- হঠাৎ কিবা এটা শুনা বা দেখাৰ লগে লগে খং উঠা কোনো প্ৰকাৰে শুভ নহয়। জ্ঞানী, বিচক্ষণ আৰু বুদ্ধিমান লোকে কোনো কথাতে তাৎক্ষণিক ভাৱে নিজৰ খং আৰু ক্ষোভৰ বহিঃপ্ৰকাশ হবলৈ নিদিয়ে, হঠাৎ কাজিয়াত লিপ্ত নহয়। কিন্তু অভদ্ৰ লোক ইয়াৰ সম্পূৰ্ণ বিপৰীত হয়।
২) কোনো বিষয় ভালকৈ নুশুনাকৈ নিজৰ মন্তব্য প্ৰকাশ কৰা ( Not listening and reacting ) :- সম্পূৰ্ণ কথা নুশুনাকৈ মাত্ৰ বাক্যৰ শাৰী এটা শুনিয়ে যিয়ে মন্তব্য প্ৰকাশ কৰে তেওঁ মহামুৰ্খতকৈ বেছি। সেয়ে কোৱা হয় যে সন্মুখৰ জনে কি কৈছে, কি বুজাবলৈ বিচাৰিছে তাক সম্পূৰ্ণ বুজি আৰু বিচাৰ কৰি উত্তৰ দিয়া ভদ্ৰলোকৰ কাম। ইয়াতো দুটা কথা থাকে এক হৈছে প্ৰতিক্ৰিয়া (reaction ) আৰু আনটো হৈছে সহযোগিতা ( Response ) । ভদ্ৰ লোকে আনৰ কথাত Respond কৰে, React নকৰে ; কিয়নো react কৰাৰ বাবে ভাৱনা আৰু চিন্তাৰ প্ৰয়োজন নহয় । সেয়ে ইংৰাজীত কয়, “Think before you act ” ।
৩) নিজক লৈ অহংকাৰ ( Boasts of yourself ) :- যিয়ে নিজৰ কথা আৰু নিজৰ বিষয়ত প্ৰচণ্ড অহংকাৰ কৰে তেওঁৰ সমান অভদ্ৰ নাই। মানুহে যে অহংকাৰ কৰে তাক ভাবিলে বৰ আশ্চৰ্যজনক লাগে কাৰণ এই পৃথিৱীৰ ডাঙৰ ডাঙৰ ডিগ্ৰী, ধন – সম্পত্তি কোনোটোৱে স্থায়ী নহয় ; তেনেহলে অহংকাৰ কেনেকৈ আহে। মনত ৰখা উচিত যে অহংকাৰ এনে এটি পাপ যাৰ কোনো ক্ষমা নাথাকে। নিজৰ অতীত , বৰ্তমান আৰু ভৱিষ্যত যি সদায় মনত পেলাই তেওঁৰ অহংকাৰ নাথাকে।
৪) হিচাপৰ বাহিৰত অৰ্থ খৰছ কৰা ( Spending money recklessly ) :- নিজৰ বিচক্ষণতা ৰাখি টকা ব্যয় কৰা মানুহৰ এটা কৌশল। সেইবুলি কৃপনালি কৰা লজ্জাজনক। দৰকাৰী আৰু প্ৰয়োজনৰ বাহিৰে ধন খৰছ কৰা ভদ্ৰতাৰ পৰিচায়ক নহয়। খৰছৰ ক্ষেত্ৰত দুটা কথা থাকে এটা হৈছে প্ৰয়োজন ( necessity ) আৰু আনটো চখ (luxury ) , প্ৰয়োজনক গুৰুত্ব নিদি চখক প্ৰাধান্য দিয়া হৈছে ভদ্ৰতাৰ অপৰিপন্থী ।
৫) একে ভুল বাৰে বাৰে কৰা ( Never learn from past ) :- যি মানুহে একেটা ভুল প্ৰতিবাৰে কৰি থাকে তেনে লোক অভদ্ৰৰ বাহিৰে একো নহয়। বিজ্ঞ মানুহে অতীতৰ ভুল আৰু অভিজ্ঞতাৰ পৰা শিকে আৰু ভৱিষ্যতে তেনে ভুলৰ পৰা বিৰত থাকিবলৈ যত্নপৰ হয়।
৬) লোকৰ আগত নিজৰ গুৰুত্ব বঢ়াবলৈ অদৰকাৰী কাম কৰা অভদ্ৰৰ পৰিচায়ক। কিছুমান মানুহে কি কৰে নিজৰ গুৰুত্ব বঢ়োৱাৰ বাবে কিছু অদৰকাৰী কথা কৈ পেলাই, অদৰকাৰী কৈ হাঁহে , অপ্ৰয়োজনীয় কাম কৰে আৰু তেওঁ বুজিয়ে নাপাই যে সন্মুখৰ জনে তেওঁৰ আচৰণত আমনি পাইছে ; তেনে লোক কিন্ত বুৰ্বকৰ কম নহয়।
পতি – পত্নীৰ কি দোষত সংসাৰ ভাঙে জানিবলৈ তলত ক্লিক কৰক
হিট কমেদি ভিডিঅ’ ?? কৰণা ভেকচিন ??