পুহ মাহৰ শেষত আৰু মাঘ মাহৰ আৰম্ভণিতে যি সংক্ৰান্তি পৰে তাকে মকৰ সংক্ৰান্তি বুলি কোৱা হয়। মকৰ সংক্ৰান্তিৰ দিনটিত সূৰ্য মকৰ ৰাশিত প্ৰবেশ কৰে সেই বাবে এই দিনটিক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। শাস্ত্ৰৰ অনুসৰি মকৰ সংক্ৰান্তিৰ পৰাই শুভ সময় আৰম্ভ হয় লগতে ভোগালী বিহু উদযাপন কৰা হয় আৰু এই দিনটি হৈছে পূণ্য স্নানৰ দিন । এই দিনটোত যদি গংগা বা যিকোনো নদীত স্নান কৰে তেন্তে অধিক পূণ্য প্ৰাপ্তি হয় ।
মনত ৰাখিব ১৪ জানুৱাৰী শুক্ৰবাৰ ৰাতিপুৱা ৮.৩০ মিনিটত সূৰ্য্য উত্তৰয়ন আৰম্ভ হ’ব , সেয়ে স্নান কৰাৰ শুভ সময় সূচী হৈছে ৮.৩০ ৰ পৰা ১০.২০ মিনিটলৈ । আৰু এই সময়ত স্নান কৰি দুখীয়া দৰিদ্ৰক কোনো বস্তু দান কৰিলে জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ যায় আৰু ধন সম্পদ বৃদ্ধি হয় । দান কৰা গোটেই দিনটোৱে শুভ যদিও এই সময়ত দান কৰে তেন্তে বেছি শুভ মনা হয়। এই পবিত্ৰ দিনটিত অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনটিত পূৰ্ণস্ৰান , দান, ধ্যান আৰু ব্ৰত আদি খুবেই শুভ বুলি কোৱা হয়। সেয়ে ভিক্ষাৰীক এই এটি বস্তু দান কৰক ; এই বস্তুটো হৈছে কলা তিল । তিল দান কৰাৰ আগতেই কোনো নদীত স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ল’ব আৰু ভগৱান বিষ্ণুৰ আগত প্রদীপ জ্বলাই ” ঔম নমঃ ভগৱতে বাসুদেৱাহ্ ” এই মন্তটি তিনিবাৰ জপ কৰি ভগৱানৰ ওচৰত মনৰ ইচ্ছাৰ কথা জনাব লাগে । ইয়াৰ পিছত এই বস্তু ভাগ অৰ্থাৎ কলা তিল দান কৰিলে জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হৈ যায় আৰু ধন টকাৰ অভাৱ দুৰ হয় ।
হিন্দু শাস্ত্ৰৰ অনুসৰি মকৰ সংক্ৰান্তিৰ বহু মহত্ব থাকে । মকৰ সংক্ৰান্তিৰ পৰা দেৱতা সকলৰ দিন আৰম্ভ হয়। এই পবিত্ৰ দিনটিত এই বিশেষ বস্তু যদি ঘৰলৈ আনিব পাৰে জীৱনত বহুতো সুফল লাভ কৰিব পৰা যায়। তলত উল্লেখ কৰা বস্তু কেইটাৰ ভিতৰত যদি এটি বস্তুও আনিব পাৰে জীৱনৰ বহু সমস্যা দূৰ হৈ যায় । গতিকে জানো আহক এই বস্তু কেইটা কি ?
(১) হালধীয়া বস্ত্ৰ :- মকৰ সংক্ৰান্তিত হালধীয়া বস্ত্ৰ কিনি ঘৰলৈ লৈ আনক। এই পবিত্ৰ দিনটিত হালধীয়া বস্ত্ৰ কিনি ঘৰলৈ আনিলে অত্যন্ত মংগল হয় আৰু তেওঁ সোভাগ্যশালী হয় ।
(২) কলা তিল :- মকৰ সংক্ৰান্তিত তিলৰ বিশেষ মহত্ব আছে । এই দিনটিত তিল কিনি ঘৰলৈ আনি দৰিদ্ৰক দান কৰিব পাৰে জীৱনত বহুতো সুফল লাভ কৰিব পাৰি। এনে ঘৰত সদায় সুখ শান্তিয়ে বিৰাজ কৰে ।
(৩) কম্বল :- মকৰ সংক্ৰান্তিত যদি কম্বল দান কৰিব পাৰে তেন্তে হাজাৰ গুণ ফল লাভ কৰিব পাৰে, সেয়েহে এই দিনটোত দুখীয়া দৰিদ্ৰক কম্বল বা গৰম কাপোৰ দান কৰিব পাৰে তেন্তে ইয়াৰ ফল হাজাৰ গুণ প্ৰাপ্ত কৰিব পৰা যায়।
(৪) সূৰ্য উদয় হোৱা ফটো :- মকৰ সংক্ৰান্তিৰ দিনা কিনি আনক এখন সূৰ্য উদয় হোৱা ফটো আৰু সেই ফটোখন ঘৰৰ উত্তৰ পূব দিশৰ বেৰত লগাই ৰাখিলে ঘৰৰ সকলো দুখ ,, অমংগল দূৰ হৈ যায় । লগতে ধন টকাৰ অপচয় নহয় ।
মাঘ বিহুত এই ৰাশিৰ ভাগ্য মজবুত হ’ব !!
মকৰ সংক্ৰান্তিৰ দিনটিত সূৰ্য মকৰ ৰাশিত প্ৰবেশ কৰে , লগতে এই সংক্ৰান্তিৰ সময়ত সূৰ্য ৰাশি পৰিবৰ্তনৰ প্ৰভাৱত কেইটামান ৰাশিৰ লোকৰ বাবে আহে শুভ সংবাদ। ভগৱান সূৰ্য দেৱতা ও মহাদেৱৰ কৃপাত এই ৰাশিৰ মংগল সময়ৰ আবিৰ্ভাৱ হয় । মেষ ৰাশি, বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশিৰ লোক সকলৰ ভাগ্য পৰিবৰ্তন হব , সুফল হ’ব , সমাজত মান সন্মান বাঢ়িব, কাৰ্যক্ষেত্ৰত পাব অধিক সফলতা। এই ৰাশিৰ লোকসকলৰ আৰ্থিক স্থিতি আগতকৈ মজবুত হ’ব সম্পূৰ্ণ মাঘৰ মাহ। ব্যৱসায়ৰ লগত জড়িত লোকৰ অধিক লাভৰ। যোগ ৰব,এই এই ৰাশিৰ লোকৰ আত্ম বিশ্বাস বাঢ়িব, শত্ৰুৰ পৰা বিজয় লাভ কৰিব পাৰিব, নতুন ভূমি আৰু বাহন কিনাৰো যোগ থাকিব।
এটি বাস্তৱ আৰু কৰুণ প্ৰেম কাহিনী পঢ়িবলৈ তলত ক্লিক কৰক