extra marital affairs

কি কি বৃত্তিৰ লোক সকল পৰকীয়া প্ৰেমত মচগুল থাকে ?

  এই সকল লোকৰ পৰকীয়া প্ৰেমৰ প্ৰৱণতা বেছি ! সমীক্ষাত প্ৰকাশ –

 পৰকীয়া বুলি কওঁতে দ্বিধা আৰু দণ্ডৰ শেষ নাই , তথাপিও পৰকীয়া প্ৰৱণতাৰ শেষ নহয়। মানুহৰ জীৱিকাৰ সৈতে এই পৰকীয়া প্ৰেমৰ সম্বন্ধ নাই যদিও , কোন বৃত্তিৰ লোক এই প্ৰেমত বেছিকৈ লিপ্ত হয় তাকে জানিবলৈ খ্যাতনামা ৱেবচাইট ” ডেটিং ৱেবচাইট ” য়ে সমীক্ষা কৰি প্ৰকাশ কৰিছে যে সম্প্ৰীতি ১২ টি বৃত্তিৰ লোকৰ মাজত এই প্ৰৱণতা সৰ্বাধিক। আৰু এই বৃত্তি সমূহৰ ভিতৰত পৰকীয়া প্ৰৱণতাৰ শীৰ্ষত ৰৈছে চিকিৎসক।

Ask these few question to him to whom you are going to marry

 তেওঁলোকৰ সমীক্ষা অনুসৰি পৰকীয়াত লিপ্ত মহিলাৰ ভিতৰত ২৩ শতাংশই আছিল মহিলা চিকিৎসক আৰু নাৰ্ছ। লগতে সমীক্ষাটোত কোৱা হৈছে যে দীঘলীয়া সময় কামৰ চাপ আৰু মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এই পৰকীয়াত আশ্ৰয় লয় তেওঁলোকে। অন্যহাতে পৰকীয়াত লিপ্ত পুৰুষৰ ভিতৰত ৫ শতাংশ হৈছে চিকিৎসক।

 দ্বিতীয়তে , যি ক্ষেত্ৰৰ লোকৰ পৰকীয়াত আগ্ৰহ সেয়া হৈছে শিক্ষাক্ষেত্ৰ। এই পৰকীয়াত লিপ্ত নাৰী ১২ শতাংশ আৰু পুৰুষৰ ৪ শতাংশ হৈছে অধ্যাপক, প্ৰবক্তা আৰু শিক্ষক বুলি মত পোষণ কৰা হয় সমীক্ষাটিত।

 উদ্যোগপতি আৰু অৰ্থনীতিবিদ সকলো পিছ পৰি নাথাকি দখল কৰিছে এই তালিকাৰ তৃতীয় স্থান। ইয়াৰে ৯ শতাংশ নাৰী আৰু ৮ শতাংশ হৈছে পুৰুষ বুলি সমীক্ষাত প্ৰকাশ পাইছে।

extra marital affairs

 তাৰ পিছত এই তালিকাত অন্তৰ্ভুক্ত হৈছে প্ৰসাধন সামগ্ৰী বিক্রেতা, সমাজকৰ্মী, যোগাযোগ মাধ্যমৰ কৰ্মী, উকীল , বিনোদন জগতৰ কলা কৌশলী, ৰাজনীতি কৰা লোক ইত্যাদি। এই ক্ষেত্ৰ সমূহৰ ভিতৰত প্ৰায় ২৯ শতাংশ পুৰুষৰ পৰকীয়া প্ৰৱণতা থকা বুলি সমীক্ষাটিত প্ৰকাশ কৰা হৈছে।

 সমীক্ষাটিত এইটোও কোৱা হৈছে যে এনে ধৰণৰ তথ্যক কেতিয়াও সামাজিক সত্যৰ সামগ্ৰিক প্ৰতিফলন বুলি স্বীকাৰ কৰিব নোৱাৰি। সেয়ে এনে সমীকৰণ আৰু সমীক্ষাক সহজ ভাৱে ধৰি লোৱাই যুক্তিযুক্ত।

চৰিত্ৰহীন মহিলা চিনিব কেনেকৈ জানিবলৈ  তলত ক্লিক কৰক

চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *