বিয়া মানুহৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত এক নতুন জীৱন সন্নিবিষ্ট থাকে, থাকে বহু দায়িত্ব, দুগৰাকী মানুহ সুখে দুখে সংসাৰ কৰাৰ থাকে অঙ্গীকাৰ। এই বিবাহৰ পিছত দুটি অজান মনৰ মিলন ঘটে। সেয়ে এই বিয়াৰ বাবে বহুতৰে ভয় আৰু চিন্তাও থাকে যে তেওঁৰ ভৱিষ্যত জীৱন সংগী কেনে হ’ব, কেনেকৈ পছন্দ কৰিব ইত্যাদি আদি। আজিৰ এই লিখনি আচাৰ্য চাণক্য নীতিৰ আধাৰত লিখা হৈছে যত চাণক্যই ছোৱালীৰ বিভিন্ন গুণ সম্পৰ্কে বিস্তাৰ ভাবে বৰ্ণনা কৰিছিল। চাণক্যৰ নীতিত নাৰীৰ সৌন্দৰ্য্যই বেছি প্ৰাধান্য পোৱা নাছিল মাত্ৰ গুৰুত্ব পাইছিল কিছু বিশেষ গুণে। সেই গুণ সমূহ হৈছে।
১) যি ছোৱালীৰ লগত আপোনাৰ পৰিচয় বা চিনাকি আছে আৰু আপুনি তাইৰ বহু কথা ইতিমধ্যে জানেও, কিন্তু যদিহে সেই ছোৱালীজনীয়ে আপোনাক তাইৰ কিছু কথা গোপনে ৰাখিছে বা মিছা কৈছে তেনেহলে সেই ছোৱালী আপোনাৰ প্ৰিয়জন হলেও ত্যাগ কৰা উচিত। কিয়নো সম্পৰ্কত স্বচ্ছতাৰ প্ৰয়োজন আৰু মিছা কথাই যিকোনো সম্পৰ্কত বিষৰ দৰে কাম কৰে ।
২) কাৰোবাক বিয়া কৰাৰ আগতে ছোৱালীৰ পৰিয়ালৰ কথা জানি লোৱা দৰকাৰী। কাৰণ যিকোনো মানুহে সংস্কাৰ আৰু শিক্ষা প্ৰথমতে পৰিয়ালৰ পৰা গ্ৰহণ কৰে। সেয়ে ছোৱালীজনী আপোনাৰ প্ৰিয়জন হলেও তেওঁৰ পৰিয়ালৰ কথা বিয়াৰ আগতে জানি নোলোৱাকৈ আগবাঢ়ি যোৱা ভুল হ’ব ।
৩) চাণক্যই কৈছিল যে ফুল যিমানে সুন্দৰকৈ ফুলে , সিমানেই ভোমোৰাৰ চকু পৰে । সেয়ে তেওঁ কৈছিল বহু সুন্দৰী ছোৱালীত কৈ সুন্দৰ মনৰ ছোৱালীকহে বিয়া কৰিব লাগে। অতি সুন্দৰী নাৰীৰ ওপৰত পৰ পুৰুষৰ নজৰ বেছিকৈ পৰে । সেয়ে বিয়াৰ বাবে সুন্দৰী হলেও সুন্দৰ মনৰ ছোৱালীকহে প্ৰাধান্য দিয়া উচিত।
৪) প্ৰত্যেক মানুহৰ ভাল আৰু বেয়া দুটি গুণ থাকে। যি ছোৱালীয়ে মাত্ৰ তেওঁৰ ভাল গুণ সমূহ আপোনাক প্ৰত্যক্ষ কৰাই বেয়া গুণ সমূহ জানিবলৈ নিদিয়ে তেনে ছোৱালীক বিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰা উচিত ।
৫) যি ছোৱালীয়ে অকণমান কথাতে খং ৰাগ কৰে , হঠাতে যিকোনো অৱস্থাতে হাই কাজিয়াত লিপ্ত হয় তেনে ছোৱালীক বিয়াৰ বাবে পছন্দ নকৰাই শ্ৰেয়।
ভাগ্যবান সন্তান কোন বাৰত জন্ম হয় জানিবলৈ তলত ক্লিক কৰক