the luckyest day of week to born

ভাগ্যবান শিশু কোনদিনা জন্ম হয় ? সপ্তাহৰ কোনটো বাৰ আটাইতকৈ ভাল ?

the luckyest day of week to born

 বাস্তু শাস্ত্ৰ অনুসৰি শিশু এটি জন্মৰ দিন আৰু বাৰৰ ওপৰত নিৰ্ভৰ কৰে সেই শিশু ভৱিষ্যতলৈ ডাঙৰ হৈ কি হ’ব, কেনেকুৱা হ’ব আৰু স্বভাৱ চৰিত্ৰ আদি কেনে হ’ব। সপ্তাহৰ সাতোটা দিনৰ কোনটো বাৰত জন্ম হ’লে শিশু অতি ভাগ্যশালী হ’ব জানিবলৈ হ’লে জানিব লাগিব তলৰ কথাখিনি ৷

  শনিবাৰৰ দিনা জন্ম হোৱা শিশুৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ পৰা দেখা যায়। এই শিশু নিজক লৈ সুখী হৈ থাকে। এওঁলোকৰ কথা বতৰা বহুত ভাল হয় ও লোকৰ কথা নেপেলাই। এওঁলোকে সকলোৰ লগত মিলি জুলি চলে। এই শনিবাৰে জন্ম গ্ৰহণ কৰা শিশুয়ে আনক মোহিত কৰিব পৰা গুণ থাকে।

 

which day is lucky day to born

  ৰবিবাৰে জন্ম গ্ৰহণ কৰা শিশুৰ জীৱন ৰেখাক বহুত ভাল দেখা যায়। সূৰ্য্যদেৱতাৰ দিন ৰবিবাৰে জন্ম গ্রহণ কৰা শিশুয়ে অকলে থাকি ভাল পায়। এওঁলোকে কাকো অসুবিধা কৰিব নিবিচাৰে আৰু নিজে অসুবিধা পালে সোনকালে খং উঠে। এওঁলোকৰ ভগবানৰ ওপৰত বিশ্বাস বেছি আৰু আনৰ বেয়া কেতিয়াও চিন্তা নকৰে । এনে শিশু ডাঙৰ হৈ আনৰ সহায় পৰায়ন হয়।

  সোমবাৰে জন্ম হোৱা শিশু দেখিবলৈ মৰমিয়াল হয়, এওঁলোকে হাঁহি ভাল পায়। কিছু চঞ্চল প্ৰৱণতা থাকে যদিও এওঁলোক ডাঙৰ হৈ নিজক লৈয়ে সুখী থাকিব বিচাৰে। এনে শিশুৰ স্মৃতি শক্তি প্ৰখৰ হয় অৰ্থাৎ যিকোনো বিষয় সোনকালে মনত ৰাখিব পাৰে যদিও ধৈৰ্য্য শক্তি বহুত কম হয় এওঁলোকৰ। এনে সন্তানৰ মাতৃস্নেহ বেছি।

 

lucky day of the week

  মঙ্গলবাৰে জন্ম হোৱা শিশুৰ স্বভাৱ অকণমান বেয়া দেখিবলৈ পোৱা যায়। হনুমানৰ দিন মঙ্গলবাৰে জন্ম লোৱা শিশুৱে সদায় নিজৰ কথাত অটল থাকে । এই শিশু ডাঙৰ হৈ বহুত সুখী হয়, আনৰ বহু বিশ্বাসী আৰু আনৰ আস্হাভাজন হৈ পৰে।

  বুধবাৰে জন্ম হোৱা শিশু বহুতেই চোকা আৰু বুদ্ধিমান হয় । এই শিশু ডাঙৰহৈ পৰিয়াল আৰু সমাজৰ হিত সাধন কৰে। এই লোকে সদায় সকলোৰে সৈতে ভাল সম্বন্ধ অটুট ৰাখে। এই সন্তান পবিত্র মনৰ গৰাকী হোৱাৰ লগতে আনক সহায় কৰাৰ মানসিকতা ৰাখে।

  গুৰুবাৰে জন্ম হোৱা শিশু সাহসী হয়। এই শিশু ডাঙৰ হৈ জ্ঞানী আৰু বুদ্ধিমান হয় । এওঁলোকৰ হাতত সকলো সমস্যাৰ সমাধান থাকে। এনে লোক ধৰ্মপৰায়ন হয়। এনে লোকে সকলোৰে সন্মান পাই কিয়নো এই লোকে সকলোকে সমান চকুৰে চোৱাৰ মানসিকতা ৰাখে।

  শুক্ৰবাৰে জন্ম হোৱা শিশু বুদ্ধিমান আৰু ভাল স্বভাৱৰ হয়। ডাঙৰ হৈ এনে শিশু নম্ৰ আৰু সাহসী হয়। এনে লোকে সদায় চিন্তা বিভোৰ হৈ থাকে আৰু নিজৰ মনৰ কথা সহজতে আনক প্ৰকাশ নকৰে। এই দিনটোত জন্ম হোৱা লোক যথেষ্ট আত্মকেন্দ্ৰিক স্বভাৱৰ হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *