never disclose 9 truths of you wife to other

নিজৰ স্ত্ৰীৰ এই ৯ টি গোপন কথা আনৰ সন্মুখত নকব !

   ৰাহুল আৰু মেন’কাৰ বিয়া হৈছিল উভয়ৰে পৰিয়ালৰ সন্মতি ক্ৰমে। বিয়াৰ এমাহ পিছতে মেনকাই আবিষ্কাৰ কৰিলে যে ৰাহুল বৰ বেলেগ স্বভাৱৰ, কাৰণ কেৱল নিজৰ গৃহতে নহয় আত্মীয় স্বজনৰ ঘৰলৈ গৈয়ো ৰাহুলে মেনকাৰ বদনাম কৈ ফুৰে সকলোৰে আগত। যেনে মেন’কাই ভালদৰে খাদ্য ৰান্ধিব নাজানে, বেছিকৈ কাপোৰ কানি লৈ অযথা টকাৰ খৰছ বঢ়াই, গোটেই দিন মেন’কাই ফোনত ব্যস্ত থাকে ইত্যাদি ইত্যাদি। আৰু তাতে শান্ত নাথাকি ৰাহুলে তেওঁৰ এজনী মহিলা বান্ধৱীক কৈ পেলালে ” মোৰ শ্ৰীমতীৰ গাত একো ভাল গুনেই নাই ! মই যদি তোমাৰ দৰে এগৰাকী নাৰীক মোৰ পত্নী হিচাপে পালোঁহেঁতেন “। ৰাহুলৰ এনেবোৰ কথা আৰু আচৰণ জানিব পাৰি মেনকাৰ মনত ভীষণ কষ্ট হ’ল, কাৰোবাক প্ৰকাশ কৰিবও নোৱাৰে কথাবোৰ। তাই জানে যে ৰাহুল তাইৰ স্বামী আৰু সেইবাবে তাই প্ৰতিবাদ কৰিবও নোৱাৰে। লাহে লাহে ওচৰ চুবুৰীয়াই ৰাহুল আৰু মেন’কাৰ সম্পৰ্কৰ কথাবোৰক লৈ ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰিলে, তথাপি ৰাহুলৰ কোনো পৰিবৰ্তন নহ’ল । এনেদৰে তেওঁলোকৰ সম্পৰ্ক বেছি বেয়ালৈ গতি কৰিব ধৰিলে।

  ৰাহুল আৰু মেন’কাৰ কথা এটি উদাহৰণ আছিল । আজিৰ সমাজতো বহুজনৰ ক্ষেত্ৰত এনেকুৱা ঘটনা সদায় ঘটে, সেইবাবে নিজৰ স্ত্ৰীৰ কিছুমান কথা লোকৰ সৈতে আলোচনা কৰা অনুচিত।

never speak the personal matter of your wife to other

   ১) প্ৰত্যেকৰে ৰন্ধা বঢ়াৰ শৈলী ভিন্ন । আনৰ স্ত্ৰীয়ে ৰন্ধা খাদ্য সুস্বাদু হ’ব পাৰে, লগতে তেওঁৰ সুন্দৰ সুন্দৰ সুস্বাদু ৰন্ধন প্ৰক্ৰিয়াৰ বাবে তেওঁক প্ৰশংসা কৰাত কাৰো আপত্তিও নাথাকে, কিন্তু তেওঁৰ ৰন্ধন প্ৰণালীৰ সৈতে নিজৰ স্ত্ৰীৰ ৰন্ধন শৈলীক তুলনা কৰা অনুচিত। কাৰণ আনৰ স্ত্ৰীয়ে এদিন আপোনাক আপোনাৰ জিভাত লগাকৈ খুৱাইছে সচাঁ, কিন্তু নিজৰ স্ত্ৰী গৰাকীয়ে তেওঁৰ নিজৰ দুখ ভাগৰ নেউচি, প্ৰচণ্ড গৰম  ঠাণ্ডাকো নেউচি প্ৰত্যেক সাজতে আপোনাক সময়ত খাদ্য প্ৰস্তুত কৰি যোগান ধৰিছে।  তেনে অৱস্থাত যদি আনৰ সৈতে তেওঁক তুলনা কৰি হেয় প্ৰতিপন্ন কৰা হয়, তেওঁ নিশ্চিত ভাবে দুখ পাব আৰু অন্তৰত কষ্ট পাব লগতে আপুনিও সমাজৰ আগত বৰ সৰু হৈ পৰিব।

   ২) সৰু ডাঙৰ মান অভিমান, কথাৰ কটাকটি সংসাৰত থাকে , যিয়ে আচলতে সম্পৰ্ক মজবুট কৰাত সহায় কৰে, যিটো আপুনি আৰু আপোনাৰ স্ত্ৰীৰ সম্পূৰ্ণ ব্যক্তিগত কথা। কিন্তু বহু স্বামীয়ে এই সৰু সৰু কাজিয়াবোৰক ৰহণ সানি আনৰ আগত কৈ ফুৰে ,যত প্ৰত্যেকতো বাক্যৰে স্ত্ৰী গৰাকীক দোষী কৰা হয়। এই স্বভাৱে পুৰুষৰ ভাল মানসিকতাৰ পৰিচয় নিদিয়ে।

  ৩) “ইচ ! মোৰ পত্নী যদি তোমাৰ দৰে হলহেঁতেন” , বুলি যদি আপুনি কোনো পৰস্ত্ৰীক কৈ পেলাইছে সেইটোৱে নিজৰ স্ত্ৰীক ভীষণ কষ্ট দিয়ে। লগতে পৰস্ত্ৰীয়ে আপোনাক মানসিক বিকাৰগ্ৰস্ত লোক বুলি ভবাৰ বাহিৰে অইন বিকল্প নাথাকে।

know your life partner before you marry

   ৪) “তেওঁ আগত জানিছিল , পাৰিছিল কিন্ত এতিয়া নোৱাৰে বা নাজানে” , এনে হ’বলৈ নিদিব নিজৰ স্ত্ৰীক। যদি আপোনাৰ স্ত্ৰীয়ে বিবাহৰ আগত ভাল গান গাব জানিছিল বা নৃত্য কৰিব পাৰিছিল বা ভাল লেখা লিখিছিল, কিন্তু সংসাৰৰ ব্যস্ততাত সেইবোৰ এতিয়া চৰ্চ্চা নোহোৱা হৈ গল, তেনে কথা বাৰুকৈয়ে নিন্দনীয়। এনে কৰিলে তেওঁৰ প্ৰতিভা খিনি হেৰাই যাব, আৰু চৰ্চা কৰি থাকিলে দুগুণ হ’ব । সেয়ে নিজৰ স্ত্ৰীৰ এনে প্ৰতিভা সমূহক সন্মান দিয়া উচিত।   

  ৫) “মোৰ স্ত্ৰী পৰিবাৰ তোমাৰ দৰে ধুনীয়া নহয়”, এনেকৈ কাৰোবাৰ সন্মুখত কৈ পেলোৱাৰ দৰে আৰু বেয়া আচৰণ কিজানি পৃথিৱীত দ্বিতীয়তো নোলাব । আৰু যদি এই কথা নিজৰ স্ত্ৰীৰ সন্মুখতে  কাৰোবাক কৈ পেলাইছে তেন্তে তাৰ তুলনা কৰিব টান। এই কথাই পুৰুষৰ চাৰিত্ৰীক বিকৃতিৰ কথা স্পষ্ট কৰিব।

   ৬) “নিজৰ ঘৰতকৈ বন্ধু আৰু বান্ধবীৰ সৈতে সময় কটাই ভাল লাগে” , যদি কাৰোবাক এনেদৰে কৈছে আৰু এই কথাক সমৰ্থন কৰিবলৈ যি প্ৰত্যুত্তৰে নিদিয়ক কিয় জানি লব আৰু বুজিব যে পুৰুষজন নিজৰ স্ত্ৰীৰ সৈতে দাম্পত্য জীৱনত সুখী নহয়।

   ৭) “তেওঁক সকলো পোছাক পিন্ধিলে ভাল নালাগে বা ভাল নেদেখি” , তাই বৰ শকত অথবা তাই বৰ ক্ষীণ’। নিজৰ স্ত্ৰীৰ এই কথা লোকৰ আগত কোৱা অনুচিত। নিজৰ স্ত্ৰীক কোনো পোছাকত ভাল নালাগিলে সেইটো ঘৰত কওঁক ; লোকৰ সন্মুখত নহয়।

never disclose these 9 top things to other

   ৮) “তোমাতকৈ আৰু ভাল ছোৱালী বিয়া কৰিব পাৰিলেহেঁতেন”। আৰে পাৰে যদি কিয় নকৰিলে ? মাত্র তেওঁৰ স্ত্ৰীয়ে নহয় , এনে কথা কোনো পুৰুষৰ মুখত শুনিলে সকলো মানুহে পুৰষজনক ঠাট্টা কৰিব। পুৰুষৰ মুখৰ এনে কথাই পুৰুষৰ সন্মান হানি কৰে ; স্ত্ৰীৰ নহয়। এনে মন্তব্য প্ৰকাশ কৰি বহু পুৰুষে স্ত্ৰীক কষ্ট দিয়ে;  লগতে নিজেও সমাজত হাঁহিয়াতৰ পাত্ৰ আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হয়।

  ৯) “তেওঁ বহুত খৰছ কৰে তেওঁ বহুত মিছা কথা কয়”। যদিও সঁচা হয় তথাপি বাহিৰত কৈ ফুৰা লজ্জাজনক কথা। কাৰণ নিজৰ স্ত্ৰীক অইন মানুহে সলনি কৰিব নোৱাৰে, পাৰিব তেওঁৰ একমাত্ৰ স্বামীয়ে। খৰছ কমাবলৈ আপুনি বাজেট কৰিব লাগিব , মিছা কোৱা কমাবলৈ আপুনি বুধিয়ক হ’ব লাগিব আৰু আপুনিও মিছা কোৱা বন্ধ কৰিব লাগিব।

সেয়ে নিজৰ স্ত্ৰীৰ বহু কথা লোকৰ আগত প্ৰকাশ কৰিব নালাগে, যিবোৰে তেওঁক হেয় প্ৰতিপন্ন কৰে। স্ত্ৰী হেয় হ’লে নিজৰ image নষ্ট হ’ব ; নাবাঢ়ে। ভালে কুশলে থাকিব সকলোৱে।

আচাৰ্য চানক্যই কোন তিনি নাৰীৰ পৰা দুৰৈত থাকিবলৈ কৈছে জানিবলৈ ক্লিক কৰক 

তিনি শ্ৰেণীৰ নাৰীৰ পৰা দুৰৈত থাকিব !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *