FOODS THAT CURES ANAEMIA AND INCREASE HEMOGLOBIN

ৰক্তহীনতা কিয়  হয় ? লক্ষণ সমুহ কি ? কি খাদ্যৰ  দ্বাৰা নিৰ্মুল হয় ? 

  সুন্দৰ সুঠাম স্বাস্থ্যৰ অধিকাৰী হবলৈ শৰীৰক বিভিন্ন পোষক দ্ৰব্যৰ অতিকৈ প্ৰয়োজন। আৰু এই পোষক দ্ৰব্য সমূহ আমি আহৰণ কৰোঁ সুষম আহাৰৰ পৰা। এই সুষম আহাৰৰ এটি অতি গুৰুত্বপূৰ্ণ উপাদান হৈছে খনিজ লৱন সমূহ।

How to cure anaemia

 আকৌ বিভিন্ন খনিজ লৱনৰ এটি অতি প্ৰয়োজনীয় উপাদান হৈছে আইৰন বা লৌহ। আইৰণৰ দ্বাৰা আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা ( RBC) প্ৰস্তুত হয়। এই RBC ত এবিধ হিমগ্লবিন নামৰ পদাৰ্থ থাকে যাৰ বাবে তেজৰ ৰং ৰঙা হয়। এই হিম’গ্লোবিনৰ সৈতে হাঁওফাঁওৰ পৰা অক্সিজেন সংযুক্ত হৈ অক্সিহিম’গ্লবিন হয় আৰু এই অক্সিহিম’গ্লবিনে শৰীৰৰ বিভিন্ন কোষ সমূহক অক্সিজেন যোগান ধৰে।

  কিন্তু যেতিয়া আমাৰ খাদ্য তালিকাত  আৰু কিছু অইন কাৰণত এই আইৰণৰ অভাৱ হয় তেতিয়াই শৰীৰত হিম’গ্লোবিনৰ অভাৱ হ’ব আৰু হিম’গ্লোবিন কমি যোৱাৰ ফলত শৰীৰত অক্সিজেনৰো অভাৱ হব। ইয়াৰ ফলত শৰীৰ দুৰ্বল হৈ পৰা, ভাগৰুৱা অনুভৱ কৰা, মূৰ ঘূৰোৱা আদি নানান সমস্যা দেখা দিব যাক ৰক্তহীনতা আৰু ইংৰাজীত এনিমিয়া বুলি কোৱা হয়।

ৰক্তহীনতাৰ লক্ষণসমূহ:- 

শৰীৰ দুৰ্বল হৈ পৰা, মূৰ ঘূৰোৱা, টোপনি নোহোৱা, ছাল আৰু চকুৰ পতা শেঁতা পৰা, হৃদযন্ত্ৰৰ গতি অনিয়মীয়া হোৱা, উশাহ চুটি হোৱা, হাত ভৰি ঠাণ্ডা অনুভৱ কৰা, মূৰৰ বিষ হোৱা, বুকুৰ বিষ আদি এশ একুৰী সমস্যা সৃষ্টি হ’ব ৰক্তহীনতা হলে । অনুভৱ কৰিলে তেল নোহোৱা গাড়ী খন যেনে ৰক্তহীনতাৰ লক্ষণ হ’ব পাৰে তেনে। তেজৰ হিমগ্লবিন পৰীক্ষাৰ জৰিয়তে শৰীৰত ৰক্তহীনতা চিনাক্ত কৰিব পাৰি।

ৰক্তহীনতা কিয় হয় ? হোৱাৰ কাৰণ কি ?

এই ৰক্তহীনতাক কেইবা প্ৰকাৰত ভগাই লোৱা হৈছে ইয়াৰ  কাৰণ অনুযায়ী:- ১) এপ্লাষ্টিক এনিমিয়া ২) আইৰনৰ অভাৱত হোৱা এনিমিয়া ৩) চিকল চেল এনিমিয়া ৪) ঠেলাচিমিয়াম ৫) ভিটামিনৰ অভাৱত হোৱা এনিমিয়া।

 আৰু এই সকলো প্ৰকাৰৰ ভিতৰত আইৰনৰ অভাৱত হোৱা এনিমিয়া বা ৰক্তহীনতা প্ৰধান।

এই ৰক্তহীনতা হোৱাৰ মূল কাৰণ হৈছে খাদ্যত আইৰনৰ অভাৱ, যিকোনো কাৰণত দেহৰ পৰা অত্যাধিক ৰক্তক্ষৰণ, গৰ্ভৱতী অৱস্থাত যদি আইৰন সমৃদ্ধ আহাৰৰ অভাৱ, মাহেকীয়া সময়ত যদি অত্যাধিক ৰক্তক্ষৰণ, পাকস্থলী আৰু খাদ্যনলীত ঘাঁ লগা, অত্যাধিক বিষনাশক ঔষধ সেৱন কৰা আদি ।

এজন লোকক দৈনিক কিমান আইৰনৰ প্ৰয়োজন :-

১) ১৯ বছৰৰ পৰা ৫০ বছৰৰ মহিলা :- ১৮ মিলিগ্ৰাম।
২) গৰ্ভৱতী মহিলা :- ২৭ মিলিগ্ৰাম।
৩) ৫০ বছৰ উৰ্ধৰ মহিলা :- ৮ মিলিগ্ৰাম।
৪) ১৯ বছৰ ওপৰৰ পুৰুষ :- ৮ মিলিগ্ৰাম।
৫) শিশু আৰু কৈশোৰ :- ৭- ১৬ মিলিগ্ৰাম।

আনহাতে খাদ্যৰ তালিকাত  ফলেট আৰু ভিটামিন B12 ৰ অভাৱতো  ৰক্তহীনতা হ’ব পাৰে যাক পাৰনিচিয়াছ এনিমিয়া বুলি কোৱা হয়।

ৰক্তহীনতা দূৰ কৰিবলৈ এইসমূহ খাদ্য অতি উপকাৰী :-

BROKOLI IS A GOOD SOURCE OF IRON

১) ব্রকলি :- এই ব্রকলিত যথেষ্ট আইৰন থাকে। এক কাপ ব্ৰকলীত প্ৰায় ১ মিলিগ্ৰাম আইৰন পোৱা যায়।

২) বীট :- বীটে ৰক্তহীনতা পূৰণ কৰাত সহায় কৰে। ইয়াৰ ৰস ৰক্তহীনতাৰ বাবে অতিকৈ উপকাৰী।

BEETROOT CONTAINS MORE IRON AND INCREASES HEMOGLOBINBEETROOT JUICE IS EXCELLENT HEALTH SUPPLEMENT

বীটৰ চালাড, জুইছ বা চবজি আদি বনাই খাব পাৰে। কিয়নো ইয়াত পাব ভৰপূৰ আইৰন, কেলচিয়াম, ফচফৰাছ, মেগনেচীয়াম, কঁপাৰ, জিংক আদি।

৩) কলদিল :- এটি মধ্যম জোখৰ কলদিলত প্ৰায় ৫৬.৪ মিলিগ্ৰাম আইৰন থাকে।

BANANA FLOWER IS A RICHEST SOURCE OF IRON

সেয়ে এই পাচলি হৈছে এবিধ উত্তম ৰক্তহীনতা দূৰ কৰিব পৰা খাদ্য।

৪) পালেং শাক:- হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰি ৰক্তহীনতা দূৰ কৰিবলৈ সৰ্বশ্ৰেষ্ঠ উৎস।

SPINACH CONTAINS IRON AND BOOST HEMOGLOBIN

ইয়াত ভিটামিন B 6 , ভিটামিন A আৰু C , আইৰণ, কেলচিয়াম আদি উপাদান সমৃদ্ধ হৈ থাকে। ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত দ্ৰুত গতিত ৰক্তহীনতা দূৰ কৰিব পাৰি।

৫) আপেল :- ৰক্তহীনতা সমস্যাৰ বাবে আপেল অত্যন্ত উপকাৰী। যদি দৈনিক আপেল খোৱা হয় তেতিয়া শৰীৰৰ বহুতো সমস্যা দুৰ হয় আৰু ৰক্তহীনতাৰ সমস্যাও দূৰ হয়।

APPLE IS A BEST FRUIT TO CURE ANAEMIA

ইয়াত আইৰন নাথাকে যদিও ৰক্তহীনতা দূৰ কৰিবলৈ ভিটামিন B6, C, D থকাৰ লগতে কেলচিয়াম, মেগনেচীয়াম, কোবালামীন থাকে।

৬) ডালিম :- উচ্চ কেলৰি যুক্ত এই ফল ডালিমত যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায়।

EATING POMGRANATE INCREASES HEMOGLOBIN

যি শৰীৰত হিমগ্লবিন বৃদ্ধি কৰিবলৈ অতি মুল্যবান ফল। নিয়মীয়া ডালিম খেৱনৰ ফলত শৰীৰত হিম’গ্ল’বিনৰ অভাৱ দূৰ হয়।

৭) কণী :- দুটা কণীত প্ৰায় ১.৬৮ মিলিগ্ৰাম আইৰন থাকে। সেয়ে ই এক উত্তম খাদ্য। ৰক্তহীনতাত ভুগিলে দৈনিক এটাকৈ সিজা কণী খোৱা উপকাৰী।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *