TIME OF WORSHIP TO BISWAKARMA THIS TIME

বিশ্বকৰ্মাৰ পূজাত কি কৰিলে কি নকৰিলে বাবা সন্তুষ্ট হব!! বিশ্বকৰ্মা পূজাত কি কি ৰাশিৰ লোকৰ জীৱন সলনি হ’ব??এই পূজা ৰ মন্ত্ৰটি কি?

 হিন্দু ধৰ্ম অনুসৰি ‌ভগৱান ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল আৰু ইয়াক সুন্দৰ কৈ গঢ় দিছিল ভগৱান বিশ্বকৰ্মাই । সেয়েহে প্ৰভু বিশ্বকৰ্মাক জগতৰ প্ৰথম ইঞ্জিনিয়াৰ বুলি কোৱা হয়।

blessings of biswakarma puja

 

 এইবেলি অসমীয়া মাহৰ ১৪২৭ খ্ৰীষ্টাব্দত ৩১ ভাদ আৰু ইংৰাজী ২০২১ চেপ্তেম্বৰ ১৭ তাৰিখ শুক্ৰবাৰে পালন কৰা হব। এইবাৰ এই পূজাৰ বিশেষ শুভ মূহুৰ্ত হৈছে ৰাতিপুৱা ৭ বাজি ৫২ মিনিটৰ পৰা ১০ বাজি ১৯ মিনিটলৈ ; আৰু দুপৰীয়া ১২ বাজি ৪৫ মিনিটৰ পৰা ২ বাজি ২৩ মিনিটলৈ । এই সময়ত পূজা প্ৰাৰ্থনা কৰিলে ভগৱান বিশ্বকৰ্মা অত্যন্ত সন্তুষ্ট হ’ব আৰু ভক্তই প্ৰভু বিশ্বকৰ্মাৰ দুহাত ভৰি আশীৰ্বাদ লাভ কৰিব। এই পূজাৰ দিনা কিছু কামৰ পৰা বিৰত  থকা আৰু কিছুমান কাম কৰিলে ভক্তৰ মঙ্গল হয়। সেইবোৰ হৈছে:-

১) ফেক্টৰী আৰু কল কাৰখানাৰ বয় বস্তু সমূহ ভালদৰে পৰিষ্কাৰ কৰি তাক সন্মানেৰে পৰিপাটিকৈ সজাই ৰখা দৰকাৰী আৰু তাৰ পিছত পূজা অৰ্চনা কৰিব।

 

WAY OF WORSHIP TO LORD BISWAKARMA

২) এই পূজাৰ দিনা কল কাৰখানাৰ মালিক সকলে কোনো যন্ত্ৰপাতি কামত ব্যৱহাৰ কৰিব নালাগে । এইবোৰ প্ৰথমে পৰিষ্কাৰ কৰি সেৱা সন্মান জনাই পূজা অৰ্চনা কৰিহে ইয়াক পিছদিনা ব্যৱহাৰ কৰিব।

৩) অকল কল কাৰখানাৰ যন্ত্ৰপাতিয়ে নহয় দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা আচবাব সমূহো যেনে নিজৰ গাড়ী, মটৰ, চাইকেল, দা, কুঠাৰ আদি এই দিনত চাফ চিকুণ কৰি পূজা অৰ্চনা দিয়া বাঞ্চনীয়।

৪) এই দিনটোত মাছ মাংস আৰু সুৰা সেৱন কৰিব নালাগে। লগতে নিজৰ কৰ্মক্ষেত্ৰত উন্নতি পাবৰ বাবে দুখীয়া লোক আৰু ব্ৰাহ্মীনক দান কৰা উত্তম। তেতিয়া বিশ্বকৰ্মা বাবা সন্তুষ্ট হৈ পৰিব।

 

HOW TO GET MORE BLESSINGS OF LORD BISWAKARMA THIS YEAR

(৫) এই পবিত্ৰ দিনটিত ঘৰ দুৱাৰ অপৰিস্কাৰ কৰি ৰখাটো উচিত নহয়। এই দিনটোত যিমান পাৰে ঘৰ দুৱাৰ চাফ চিকুন কৰি ৰাখিব লাগে। নহলে জগত খনিকৰ ভগৱান বিশ্বকৰ্মা অসন্তুষ্ট হয়।

(৬) এই পবিত্ৰ দিনটিত কেতিয়াও দেৰিকৈ শুই নাথাকিব। যিমান পাৰে সোনকালেই উঠিব চেষ্টা কৰিব লাগে। কাৰণ যিমান সোনকালেই উঠি গা ধুই বিশ্বকৰ্মাক স্মৰণ কৰিব  সিমানেই মংগল হয় ।

(৭) এই পবিত্ৰ দিনটিত কাৰোবাৰ লগত হাই কাজিয়া, খঙ ৰাগ আদিৰ পৰা বিৰত থাকিব।

THE BLESSING OF BISWAKARMA AND THE PROPER TIME TO WORSHIP THIS 2021

 

(৮) এই পবিত্ৰ দিনটিত যদি দুখীয়া দৰিদ্ৰ কোনো লোক আহে কেতিয়াও খালী হাতে যাবলৈ নিদিব ; কিবা নহয় কিবা দান কৰিলে পূৰ্ণ লাভ হ’ব ।

(৯) এই পবিত্ৰ দিনত গাড়ী আৰু লোহা জাতীয় যিকোনো বস্তু ৰাতিপুৱা ধুব লাগে কাৰণ এই সামগ্ৰীসমূহে হৈছে বিশ্বকৰ্মা , সকলোবোৰ সামগ্ৰীত মন্দিৰৰ ফুট দিব এনে কৰিলে বিশ্বকৰ্মা সন্তুষ্ট হ’ব ।

১০) পূজাৰ দিনা ৰাতিপুৱা শুই উঠিয়েই নিজৰ হাতৰ তলুৱা দৰ্শন কৰক আৰু এটা তামৰ পাত্ৰত এশ টিপ পানী লৈ তাত অকণ গংগাজল আৰু হালধি দি এই পানী প্ৰথমে ঘৰৰ মুখ্য দুৱাৰত ছটিয়াব আৰু পিছত প্ৰত্যেক কোঠাত ছটিয়াই গোটেই ঘৰটো অলপ নিমখ মিহলোৱা পানীৰে মচিব। তাৰ পিছত স্নান আদি কৰি ভগবান বিশ্বকৰ্মাক স্মৰণ কৰিব।

আৰু বিশ্বকৰ্মাৰ মহামন্ত্ৰটি পাঠ কৰি বিশ্ব খনিকৰ জনক প্ৰণাম কৰিবলৈ নাপাহৰিব। এই প্ৰণাম মন্ত্ৰটি হৈছে ” দেৱ শিল্পীন্ মহাভাগ দেবানাং কাৰ্যসাধক বিশ্বকৰ্মন্ নমস্তুভ্যং সৰ্বাভিষ্টফলপ্ৰদ।।”

বিশ্বকৰ্মা পূজাত কি কি ৰাশিৰ লোকৰ জীৱন সলনি হ’ব??

এই পবিত্ৰ দিনটিত কিছুমান ৰাশিৰ লোকৰ আহিব লগা সময়ে তেওঁলোকৰ বাবে লৈ আহিব সুখৰ বতৰা ।এই ভাগ্যশালী ৰাশি কেইটা হৈছে :- মেষ , বৃষ , সিংহ, কন্যা, তুলা, মকৰ, আৰু কুম্ভ । ভগৱান বিশ্বকৰ্মাৰ কৃপাত এই ৰাশিৰ বৰ্তমান লাভৰ যোগ আছে ।

THESE ZODAIC SIGNS PEAPLE WILL HAVE VERY GOOD LUCK FROM THE DAY OF BISWAKARMA PUJA

লগতে এই ৰাশিৰ লোক সকলে ভাগ্যত পৰিবৰ্তন দেখিবলৈ পাব ; সমাজত মান সন্মান বাঢ়িব; কাৰ্যৰ ক্ষেত্ৰত সফলতা আহিব; আৰ্থিক স্থিতি আগতকৈ মজবুত হ’ব ; ব্যৱসায়ৰ লগত জড়িত লোকৰ অধিক লাভ পাব ; আত্মবিশ্বাস বাঢ়িব ; শত্ৰুৰ পৰা বিজয় লাভ কৰিব পাৰিব ; এই ৰাশিৰ লোক সকলৰ পূৰ্বৰ সমস্যা নিমিষতে দূৰ হৈ যাব; সুখ শান্তি আহিব। ব্যৱসায়ৰ লগত জড়িত লোকে ভগৱান বিশ্বকৰ্মাক পূজা কৰিলে বিশেষ আশীৰ্বাদ লাভ কৰিব । এই সময়ত এওঁলোকৰ আত্মসন্মান বাঢ়িব ; এই সময়ত উন্নতিৰ দিশত আগ বাঢ়িব পাৰিব । যি শুভ কাম ‌কৰিব বুলি ভাবি আছে‌ এই দিনটিত আৰম্ভ কৰিব পাৰে। এই সময় উপৰোক্ত ৰাশিৰ বাবে অত্যন্ত শুভ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *