এইবাৰ বিশ্বকৰ্মা পূজাত কিমান সময়ত পূজা কৰিলে শুভ হব ? বিশ্বকৰ্মা পূজাত কি কি ৰাশিৰ লোকৰ জীৱন সলনি হ’ব? প্ৰতি বছৰে বিশ্বকৰ্মা পূজা ১৭ ছেপ্তেম্বৰেই আহে কিয় ? জানক ইয়াৰ আচল ৰহস্য:-

  হিন্দু ধৰ্ম অনুসৰি ‌ভগৱান ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল আৰু ইয়াক সুন্দৰ কৈ গঢ় দিছিল ভগৱান বিশ্বকৰ্মাই । সেয়েহে প্ৰভু বিশ্বকৰ্মাক জগতৰ প্ৰথম ইঞ্জিনিয়াৰ বুলি কোৱা হয়।

blessings of biswakarma puja

 প্ৰতি বছৰে বিশ্বকৰ্মা পূজা কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। এই পবিত্ৰ দিনটো ভগৱান বিশ্বকৰ্মাৰ জন্ম দিন আৰু এই দিনক বিশ্বকৰ্মা জয়ন্তী হিচাপেও জনা যায়। সাধাৰণ যানবাহনৰ গৰাকী আৰু যন্ত্ৰচালিত কাৰখানা আদিৰ লোকসকলে এই দিনটোত বিশ্ব খনিকৰ জনৰ পূজা অতি ধুমধামেৰে পালন কৰে।

   এইবেলি অসমীয়া মাহৰ ১৪২৭ খ্ৰীষ্টাব্দত ৩১ ভাদ আৰু ইংৰাজী ২০২১ চেপ্তেম্বৰ ১৭ তাৰিখ শুক্ৰবাৰে পালন কৰা হব। এইবাৰ এই পূজাৰ বিশেষ শুভ মূহুৰ্ত হৈছে ৰাতিপুৱা ৭ বাজি ৫২ মিনিটৰ পৰা ১০ বাজি ১৯ মিনিটলৈ ; আৰু দুপৰীয়া ১২ বাজি ৪৫ মিনিটৰ পৰা ২ বাজি ২৩ মিনিটলৈ । এই সময়ত পূজা প্ৰাৰ্থনা কৰিলে ভগৱান বিশ্বকৰ্মা অত্যন্ত সন্তুষ্ট হ’ব আৰু ভক্তই প্ৰভু বিশ্বকৰ্মৰ দুহাত ভৰি আশীৰ্বাদ লাভ কৰিব।

THE BLESSING OF BISWAKARMA AND THE PROPER TIME TO WORSHIP THIS 2021

  প্ৰতি বছৰে বিশ্বকৰ্মা পূজা ১৭ ছেপ্তেম্বৰেই আহে কিয় ? জানক ইয়াৰ আচল ৰহস্য ;-

দূৰ্গা পূজা, গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজাকে আদি সকলো পূজাই সুকীয়া সুকীয়া বছৰৰ বেলেগ বেলেগ তাৰিখত অনুষ্ঠিত হয়। কিয়নো এই সমূহ পূজাৰ ক্ষেত্ৰত দিনত কৈ তিথিৰ গুৰুত্ব অধিক। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম বিশ্বকৰ্মা পূজা। কি কাৰণত বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজাৰ বাবে ইংৰাজী কেলেণ্ডাৰৰ ১৭ ছেপ্তেম্বৰৰ দিনটো সংৰক্ষিত হৈছে সেয়া জানিবলৈ প্ৰয়োজন হব পঞ্জিকা ওলোটাই চোৱাৰ । হিন্দু ধৰ্মৰ সকলো দেৱ-দেৱীৰে পূজাৰ তিথি নিৰ্ভৰ কৰে চন্দ্ৰৰ গতি প্ৰকৃতিৰ ওপৰত । চান্দ পঞ্জিকা অনুসৰিহে বাকী দেৱ-দেৱী সকলৰ পূজাৰ দিন বাৰ নিৰ্ধাৰিত হয় ।

 

HOW TO GET MORE BLESSINGS OF LORD BISWAKARMA THIS YEAR

   কিন্তু বিশ্বকৰ্মা পূজাৰ দিন নিৰ্ধাৰণ কৰা হয় সূৰ্যৰ গতি প্ৰকৃতিৰ ওপৰত । যেতিয়া সূৰ্যই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ গমণ কৰে তেতিয়াই  উত্তৰায়ন আৰম্ভ হয় আৰু সেই সময়ত নিদ্ৰাত থকা দেৱ-দেৱীসকল সাৰ পাই আৰু লগে লগে  সময় আহি পৰে  ভগৱান বিশ্বকৰ্মাৰ পূজাৰ ।

  হিন্দু পঞ্জিকাৰ দুই প্ৰধান শাখা সূৰ্য সিদ্ধান্ত আৰু বিশুদ্ধ সিদ্ধান্ত উভয়ে একমত গ্ৰহণ কৰি ‌প্ৰতিবছৰে ভাদ মাহৰ অন্তিম দিনটিত নিৰ্ধাৰিত হয় বিশ্বকৰ্মা পূজাৰ দিন। পঞ্জিকাৰ মতে ভাদ সংক্ৰান্তিৰ পূৰ্বৰ পাঁচটা মাহৰ নিৰ্ধাৰিত দিন হৈছে ১৫৪ দিন আৰু এই নিয়ম অনুযায়ী প্ৰতি বছৰৰ ১৭ ছেপ্টেম্বৰতে এই পূজা নিৰ্ধাৰিত হয়। কিন্তু কোনো বছৰত যদি এই পাঁচটা মাহৰ এটা  মাহ ২৯ বা ৩২ দিনীয়া হয় তেতিয়া বিশ্বকৰ্মা পূজা এদিন আগবাঢ়ি যায় । অৱশ্যে এয়া অতি বিৰল ‌। আৰু এই বছৰো ব্যতিক্ৰম হোৱা নাই এই নিয়মৰ । আৰু এনেদৰে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিশ্বকৰ্মা পূজাই লৈ আহিছে সাৰদীয় উৎসৱৰ আগজাননী ।

  এইবাৰ বিশ্বকৰ্মা পূজাত কি কৰিলে আৰু কি নকৰিলে বিশ্বখনিকৰ বিশ্বকৰ্মাৰ আশীৰ্বাদ আপোনাৰ ওচৰত থাকিব ??

ভগৱান বিশ্বকৰ্মাৰ পূজা হিন্দু ধৰ্মৰ লোক সকলৰ বাবে বহুতো গুৰুত্ব আছে । ভগৱান বিশ্বকৰ্মাক বাস্তু শাস্ত্ৰ দেৱতা আৰু দেৱতাসকলৰ সৈনিকৰ হিচাপে মান্যতা দিয়া।হয়। এই পূজা পালন কৰা ব্যক্তি সকলৰ ঘৰত ধন সম্পত্তি, সুখ সমৃদ্ধিৰ একো অভাৱ নহয় , বেপাৰ‌, বানিজ্যটো সু-ফল পোৱা যায় ; ভক্ত সকলৰ সকলো মনো কামনা পূৰ্ণ হয় । এই পবিত্ৰ দিনটিত এই কেইটা কাম কৰাৰ পৰা বিৰত থকা উচিত নহ’লে তেওঁ অসন্তুষ্ট হ’ব পাৰে :-

WAY OF WORSHIP TO LORD BISWAKARMA

 

(১) এই পবিত্ৰ দিনটিত ঘৰ দুৱাৰ অপৰিস্কাৰ কৰি ৰখাটো উচিত নহয়। এই দিনটোত যিমান পাৰে ঘৰ দুৱাৰ চাফ চিকুন কৰি ৰাখিব লাগে। নহলে জগত খনিকৰ ভগৱান বিশ্বকৰ্মা অসন্তুষ্ট হয়।

(২) এই পবিত্ৰ দিনটিত কেতিয়াও দেৰিকৈ শুই নাথাকিব। যিমান পাৰে সোনকালেই উঠিব চেষ্টা কৰিব লাগে। কাৰণ যিমান সোনকালেই উঠি গা ধুই বিশ্বকৰ্মাক স্মৰণ কৰি পূজা কৰা হয় সিমানেই মংগল হয় ।

(৩) এই পবিত্ৰ দিনটিত কাৰোৰ লগত হাই কাজিয়া, খঙ ৰাগ আদিৰ পৰা বিৰত থাকিব।

(৪) এই পবিত্ৰ দিনটিত যদি দুখীয়া দৰিদ্ৰ কোনো লোক আহে কেতিয়াও খালী হাতে যাবলৈ নিদিব ; কিবা নহয় কিবা দান কৰিলে পূৰ্ণ লাভ হ’ব ।

(৫) এই পবিত্ৰ দিনত গাড়ী আৰু লোহা জাতীয় যিকোনো বস্তু ৰাতিপুৱা ধুব লাগে কাৰণ এই সামগ্ৰীসমূহে হৈছে বিশ্বকৰ্মা , সকলোবোৰ সামগ্ৰীত মন্দিৰৰ ফুট দিব এনে কৰিলে বিশ্বকৰ্মা সন্তুষ্ট হ’ব ।

  বিশ্বকৰ্মা পূজাত কি কি ৰাশিৰ লোকৰ জীৱন সলনি হ’ব??

এই পবিত্ৰ দিনটিত কিছুমান ৰাশিৰ লোকৰ আহিব লগা সময়ে তেওঁলোকৰ বাবে লৈ আহিব সুখৰ বতৰা ।

THESE ZODAIC SIGNS PEAPLE WILL HAVE VERY GOOD LUCK FROM THE DAY OF BISWAKARMA PUJA

এই ভাগ্যশালী ৰাশি কেইটা হৈছে :- মেষ , বৃষ , সিংহ, কন্যা, তুলা, মকৰ, আৰু কুম্ভ । ভগৱান বিশ্বকৰ্মাৰ কৃপাত এই ৰাশিৰ বৰ্তমান লাভৰ যোগ আছে । লগতে এই ৰাশিৰ লোক সকলে ভাগ্যত পৰিবৰ্তন দেখিবলৈ পাব ; সমাজত মান সন্মান বাঢ়িব; কাৰ্যৰ ক্ষেত্ৰত সফলতা আহিব; আৰ্থিক স্থিতি আগতকৈ মজবুত হ’ব ; ব্যৱসায়ৰ লগত জড়িত লোকৰ অধিক লাভ পাব ; আত্মবিশ্বাস বাঢ়িব ; শত্ৰুৰ পৰা বিজয় লাভ কৰিব পাৰিব ; এই ৰাশিৰ লোক সকলৰ পূৰ্বৰ সমস্যা নিমিষতে দূৰ হৈ যাব; সুখ শান্তি আহিব। ব্যৱসায়ৰ লগত জড়িত লোকে ভগৱান বিশ্বকৰ্মাক পূজা কৰিলে বিশেষ আশীৰ্বাদ লাভ কৰিব । এই সময়ত এওঁলোকৰ আত্মসন্মান বাঢ়িব ; এই সময়ত উন্নতিৰ দিশত আগ বাঢ়িব পাৰিব । যি শুভ কাম ‌কৰিব বুলি ভাবি আছে‌ এই দিনটিত আৰম্ভ কৰিব পাৰে। এই সময় উপৰোক্ত ৰাশিৰ বাবে অত্যন্ত শুভ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *