আজি নিশা বাৰ বাজিলে // স্বাগতম নৱবৰ্ষ //

আজি নিশা বাৰ বাজিলে

( স্বাগতম নৱবৰ্ষ )

মধু পাটোৱাৰী

আজি নিশা বাৰ বাজিলে
তোৰ জীৱন শলিতা নুমাব
এগছি নতুন বন্তি আকৌ
থিতাতে জ্বলি উঠিব !!

কি দিলি কি পালি
ইতিহাসে হিচাপ ৰাখিব !
অশ্ৰু-হাঁহি দুয়োৰে আজি
অপৰূপ সঙ্গম ঘটিব !!
কাল চক্ৰৰ ক্ষিপ্ৰ গতি
কোনেনো বাৰু ৰুধিব ??

নতুন দিনৰ নতুন সপোন
নতুন জ্যোতিৰে ফুলিব ;
দিবাস্বপ্নৰ ওখ পাহাৰ
সমূলি খহি পৰিব
যুগে যুগে ৰূপান্তৰৰ
এনেকৈয়ে চকৰি ঘূৰিব !!

স্বাগতম একুৰি একৈশ
স্বাগতম নৱবৰ্ষ !
আশাকৰোঁ সৱাকে দিবি
বুকুৱে বুকুৱে হৰ্ষ
তোলৈ আজি এয়াই মোৰ
প্ৰথম অনুৰোধ থাকিব ।।
যুগে যুগে ৰূপান্তৰৰ
এনেকৈয়ে চকৰি ঘূৰিব
তোলৈ আজি এয়াই মোৰ
প্ৰথম অনুৰোধ থাকিব …….!!!
৩১-১২-২০২০

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *