এইবাৰ কভিড 19 ৰ স্বাৱ পৰীক্ষা কৰোতে ফুটিল মগজুৰ বেৰ ।

এইবাৰ কভিড 19 ৰ স্বাৱ পৰীক্ষা কৰোতে ফুটিল মগজুৰ বেৰ :-

     এগৰাকী 40 বছৰীয়া ভদ্ৰ মহিলাৰ কভিড 19 পৰীক্ষাৰ বাবে নাকৰ স্বাৱ সংগ্ৰহ কৰোতে পৰীক্ষাৰ ষ্টিক ডাল নাকৰ চাইনাচেৰে সোমাই গৈ মগজুৰ বেৰত আঘাত কৰাৰ ফলত নাকেৰে মগজুৰ পানী (CSF) ওলাই অহা ঘটনাই সকলোৰে চকু কপালত তুলিছে ।

     আন্তৰাষ্ট্ৰীয় এখন মেডিকেল জাৰ্নেল ত যোৱা বৃহস্পতি বাৰে প্ৰকাশ কৰা মতে এই ঘটনা সংঘটিত হয় আমেৰিকাত ।
প্ৰাপ্ত তথ্য মতে মহিলা গৰাকীৰ নাকৰ দুয়োটা বিন্ধাৰ জৰিয়তে স্বাৱ সংগ্ৰহ কৰা হৈছিল যদিও এটা বিন্ধাত হে এই দুৰ্ঘটনা সংঘটিত হয় । ফলত মহিলাগৰাকীৰ অত্যন্ত মূৰৰ বিষ, বমি, ডিঙিৰ জঠৰতা আৰু পোহৰৰ ফালে চাব নোৱাৰা লক্ষণ দেখা দিয়াত ওৱেলছ চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰে আৰু কথমপি প্ৰাণ ৰক্ষা পৰে।

      ওৱেলছ চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে মহিলাগৰাকী যোৱা জুলাই মাহতো মগজুৰ অন্য এটা শল্য চিকিৎসা কৰা হৈছিল ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *