Shiva stuti

  শাওন মাহত কিছুমান বস্তু খালে আৰু কিছুমান বস্তু পৰিহাৰ কৰিলে গৃহত অৰ্থৰ বৃষ্টি হয় আৰু মহাদেৱ শিৱৰ কৃপাবৰ হবলৈ সক্ষম হব পাৰি ; এটি কথা মনত ৰখা উচিত যে শাওন মাহ গঙ্গাজলৰ দৰে অত্যন্ত পবিত্ৰ।

MORITIOUS AS TOURIST VENUEway of holly life

যদিহে আপুনি ভগৱান শিৱৰ ভক্ত হয় তেন্তে শুদ্ধ মনে শ্ৰদ্ধা ভক্তিৰে এই শাওন মাহত নিজৰ কৰণীয় খিনি কৰিব পাৰে তেন্তে মহাদেৱৰ কৃপা লাভ কৰা নিশ্চিত। এই শাওন মাহৰ প্ৰথম সোমবাৰৰ ব্ৰত ১০ জুলাই ইতিমধ্যে পাৰ হৈ গৈছে, দ্বিতীয় সোমবাৰৰ ব্ৰত ১৭ জুলাই তৃতীয় সোমবাৰৰ ব্ৰত ২৪ জুলাই চতুৰ্থ সোমবাৰৰ ব্ৰত হৈছে ৩১ জুলাই , পঞ্চম ব্ৰত ৭ আগষ্ট, ষষ্ঠ ব্ৰত ২৮ আগষ্ট । শাওন মাহৰ সমৃদ্ধি হ’ব ৩১ আগষ্টৰ দিনা আৰু ৰাশি বন্ধন হ’ব ৩০ আগষ্টৰ দিনা অৰ্থাৎ সমৃদ্ধি হোৱাৰ আগদিনা।

tourist place Cocos island
শাওন মাহৰ এই সোমবাৰ সমূহৰ অতি গুৰুত্ব আছে ; প্ৰথম সোমবাৰ আছিল মহাদেৱৰ আৰধনাৰ দিন অৰ্থাৎ এই দিনৰ অধিপতি হৈছে চন্দ্ৰ আৰু সেয়ে এই দিনটোক কোৱা হয় সোমবাৰ , আৰু সেয়ে প্ৰথম সোমবাৰত ভগৱান শিৱ আৰু চন্দ্ৰমা উভয়ৰ ব্ৰত ৰখা বাঞ্ছনীয়।

the ultimate car

শাওন মাহৰ সোমবাৰ সমূহত ব্ৰত ৰাখিলে নিশ্চিত ফল পোৱা যায়, সেয়ে মহাদেৱৰ ভক্ত সকলে এই দিনটোত মনৰ ইচ্ছা পূৰণৰ বাবে , সুখ সমৃদ্ধিৰ বাবে, শান্তিৰ হকে এই দিনটোত ব্ৰত অবশ্যে পালন কৰে। বৈবাহিক জীৱন সুখৰ হ’বলৈ, ভাল জীৱন সংগী পাবলৈ কুমাৰী যুৱতীয়ে সোমবাৰে ব্ৰত পালন কৰে।

Different existence of Shiva

এক বিশেষ কথা যে জ্যোতিষ শাস্ত্ৰত সোমবাৰৰ দিনটোক বিশেষ ভাৱে ভগৱান শিৱ আৰু চন্দ্ৰমাৰ সৈতে সংযোগ কৰা হয় । এই দিনত তেনে কৰ্ম কৰা উচিত যিবোৰ মহাদেৱৰ অত্যন্ত প্রিয় ; মহাদেৱৰ মন্দিৰত গৈ গঙ্গাজল অৰ্পণ কৰা , মহাদেৱক তেওঁৰ প্রিয় বেলপত্ৰ অৰ্পণ কৰা, চন্দনৰ তিলক লগাই দিয়া আদি। মহাদেৱৰ প্রিয় ৰং হৈছে শুভ্ৰ ; সেয়ে সোমবাৰে গাখীৰ, দৈ , শুভ্ৰ ফুল আদি মহাদেৱক অৰ্পণ কৰা উচিত, লগতে ভক্তই শুভ বস্ত্ৰ পৰিধান কৰিলে মহাদেৱ অতি সন্তুষ্ট হৈ পৰে।

spiritual life

বাস্তু শাস্ত্ৰ অনুসৰি সোমবাৰে কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ আগতে আইনা চোৱা দৰকাৰী আৰু তেনে কৰিলে কোনো বাধা নোহোৱাকৈ কামৰ সিদ্ধি হৈ পৰে , যশ প্ৰাপ্তি হয় আৰু সফলতা হাতলৈ আহে।

way of life

আৰু কিছুমান কাম আছে যিসমূহ সোমবাৰে কোনো কাৰণতে কৰা উচিত নহয়। শাওনৰ কোনো সোমবাৰে কলা ৰঙৰ পোছাক পৰিধান কৰি কেতিয়াও মহাদেৱৰ মন্দিৰলৈ যোৱা উচিত নহয়, বিশেষকৈ মহিলাই আৰু যুৱতীয়ে মূৰৰ চুলি ধুই দিয়া উচিত নহয় । শাওনৰ সোমবাৰে প্ৰতি পুৰুষ মহিলাই যিয়ে ব্ৰত কৰে তেওঁলোকে ধৈৰ্য্য ৰখা উচিত কিয়নো ধৈৰ্য্য নাৰাখিলে মহাদেৱ ৰুষ্ট হৈ পৰিব পাৰে। শাওনৰ সোমবাৰে নাচপতি ফল কেতিয়াও খোৱা উচিত নহয় কিয়নো সেয়া শাস্ত্ৰ অনুসৰি অশুভ। শাওনৰ সোমবাৰে মাছ মাংস খোৱা অনুচিত ; সম্পূৰ্ণ সাত্বিক আহাৰ যেনে গাখীৰ, দৈ , ফল , চাগু আদি সেৱন কৰা উচিত।

2023 year predictionsbeautiful way of life
শাওনৰ সোমবাৰ সমূহত আনক অপমান কৰা অনুচিত, তেনে কৰিলে আমাৰ জিহ্বাত থকা মা স্বৰস্বতীক অপমান কৰা বুজাই । লগতে মহাদেৱ যিহেতু অত্যন্ত পশুপ্ৰেমী সেয়ে শাওনৰ সোমবাৰে গোমাতাৰ পূজা কৰা উচিত, শাওনৰ সোমবাৰে গোমাতাক কিবা নহলে কিবা খাবলৈ দিব যাৰ ফলত ব্ৰত সম্পূৰ্ণ হৈ পৰিব আৰু সফল হ’ব । লগতে গোমাতাক কোনো ধৰণৰ আঘাত বা খেদাখেদি কৰিব নালাগে।

কলিযুগৰ এক মহামন্ত্ৰ ! বিপদৰ পৰা ৰক্ষা পাবলৈ সদায় পাঠ কৰক ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

কলিযুগৰ এক মহামন্ত্ৰ ! বিপদৰ পৰা ৰক্ষা পাবলৈ সদায় পাঠ কৰক !

আন তিনিযুগৰ দৰে কলিযুগত অভিশাপে কাম নিদিয়ে কিয় ? জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

আন তিনিযুগৰ দৰে কলিযুগত অভিশাপে কাম নিদিয়ে কিয় ?

 

শাস্ত্ৰত কোৱা হৈছে শাওনৰ সোমবাৰে যি ব্ৰত কৰে সেই ব্ৰতৰ সময়ত খাবলৈ কাৰো পৰা ধাৰ লৈ বা খুজি ফলমূল কিনিব নালাগে। আনকি শাওনৰ সোমবাৰে ব্ৰত ৰাখিলে আটা মৈদাৰ পৰা প্ৰস্তুত কৰা খাদ্য খোৱা উচিত নহয়, কিয়নো আটা মৈদাত পোক পতংগ থাকে আৰু পোক পতংগ থকা আটা মৈদাৰ পৰা প্ৰস্তুত খাদ্য খালে মাছ মাংস ভক্ষণ কৰাৰ সমান হৈ পৰিব ফলত ব্ৰত ভংগ হ’ব ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *