কলিযুগৰ এক মহামন্ত্ৰ ! বিপদৰ পৰা ৰক্ষা পাবলৈ সদায় পাঠ কৰক !

   হিন্দু শাস্ত্ৰসমূহত মহামন্ত্ৰৰ মৌৰ্যদা পোৱা শ্লোক সমূহৰ ভিতৰত অন্যতম হৈছে ” হৰে কৃষ্ণ মন্ত্ৰ” । কলি সন্তুলন উপনিষদত দাবী কৰা হৈছে যে কলিযুগৰ নানান বিপদ আৰু দুৰ্যোগৰ পৰা ৰক্ষা পৰি নিজকে সুখ শান্তিৰে সমৃদ্ধ কৰি ৰাখিবলৈ এই মন্ত্ৰ জপ কৰা অবশ্যেই প্ৰয়োজনীয়। আৰু সেইবাবেই হয়তো পৃথিৱীৰ অনেক লোকে এই মহামন্ত্ৰৰ দ্বাৰা নিজকে আশ্বস্ত কৰি ৰাখিব খোজে।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE
মনত পূৰ্ণ বিশ্বাস ৰাখি নিয়মিত এই মন্ত্ৰ জপ কৰিলে এই মন্ত্ৰৰ গুণ আৰু সুফল হৈ পৰে অপৰিসীম। এই মন্ত্ৰই মানুহৰ মন আৰু মগজুক শান্ত কৰে, মানুহৰ মনৰ দুঃচিন্তা আৰু মনৰ অৱসাদ দূৰ হয়। এই মন্ত্ৰ জপ কৰাৰ ফলত মস্তিষ্কৰ বিকাশ ঘটে , বুদ্ধি তীক্ষ্ণ হয় লগতে স্মৃতি শক্তিৰ বিকাশ ঘটে।

beautiful way of lifebeautiful way of life
এই মন্ত্ৰ জপ কৰাৰ ফলত মনৰ পৰা ভয় দূৰ হয়, মানুহে জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ পাৰে এই মন্ত্ৰৰ দ্বাৰা । এই মন্ত্ৰ জপ কৰাৰ ফলত পৰিয়ালত সুখ শান্তি ভৰি পৰে। কিয়নো এই মন্ত্ৰ জপ কৰাৰ ফলত মানুহৰ আশে পাশে ধনাত্মক শক্তিৰ পৰিমাণ বৃদ্ধি হয়।

way of holly lifeway of holly life

পৃথিৱী বিখ্যাত ছাৰ আইজাক নিউটনে তেওঁৰ তৃতীয় সূত্ৰত কৈছিল যে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীত মুখী প্ৰতিক্ৰিয়া থাকে ; ঠিক একেদৰে মানৱ জীৱনত আমি যি কামেই নকৰো তাৰ প্ৰতিক্ৰিয়া বা ফল থাকিবই , অৰ্থাৎ ভাল কৰ্ম কৰিলে নিজৰ ভাল হ’ব , লোকৰ উপকাৰ কৰিলে নিজৰো উপকাৰ হ’ব , ক্ষতি কৰিলে নিজৰ মাৰাত্মক ক্ষতি হ’ব । অৰ্থ হৈছে যেনে কৰ্ম তেনে ফল ; লগতে দৈনিক মানুহে জানি অজানিতে বহু বেয়া কৰ্ম কৰি থাকে যাৰ ফলত মানুহৰ পাপৰ বোজা বাঢ়ি গৈ থাকে । আৰু আমাৰ শাস্ত্ৰত কোৱা হৈছে যে মানুহে যদি নিয়মীয়া এই মহামন্ত্ৰ পাঠ কৰে তেতিয়া তেওঁ দৈনন্দিন কৰা পাপৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়।

beautiful way of life
এই মন্ত্ৰ যিয়ে নিয়মিত পাঠ কৰে তেওঁলোকৰ মনৰ মাজত এক অদ্ভুত পৰিৱৰ্তন আহে ; আৰু সেয়া হৈছে তেওঁলোকে পাপ কৰ্মৰ পৰা নিজকে বিৰত ৰাখে, সেই লোকৰ বিবেক আৰু বুদ্ধি সদায় কুকৰ্মৰ পৰা বহু দূৰৈত অৱস্থান কৰে। আৰু এই পৰিবৰ্তন মাত্ৰ এক মাহৰ ভিতৰতে দেখিবলৈ পোৱা যায়।

INDUNESIA A PLACE OF BEAUTY
এই মন্ত্ৰ জপ কৰি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ’ব পাৰি । শাস্ত্ৰত কোৱা হৈছে যে মৃত্যুৰ পিছত আত্মাই এক শৰীৰৰ পৰা ওলাই গৈ অইন এক শৰীৰত বাঁহ লয় , যেনেদৰে পুৰণি কাপোৰ খুলি নতুন কাপোৰ এখন পিন্ধা হয় ; আৰু এই চক্ৰ বাৰ বাৰ এক আত্মাৰ সৈতে পুনৰাবৃত্তি হৈ থাকে। আৰু এই জন্ম মৃত্যুৰ পুনৰাবৃত্তি চক্ৰৰ পৰা কোনোবাই পৰিত্ৰাণ পাবলৈ হলে “হৰে কৃষ্ণ মন্ত্ৰ ” প্ৰতিদিনে জপ কৰা বাঞ্চনীয়।

meditation and good healthmeditation and good health
১৬ টি বৰ্ণৰে লিখা এই মন্ত্ৰত আছে মাত্ৰ তিনিটা শব্দ , সেয়া হৈছে –

হৰে কৃষ্ণ হৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰে হৰে
হৰে ৰাম হৰে ৰাম
ৰাম ৰাম হৰে হৰে ,,

এই মন্ত্ৰৰ দ্বাৰা ভগৱান বিষ্ণুৰ দুটি অৱতাৰ শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ শক্তিক তুলি ধৰাৰ চেষ্টা কৰা হৈছে। আৰু এই মন্ত্ৰৰ আটাইতকৈ শক্তিশালী ৰূপ দুটিক জপ কৰিলে যে বৰ্তমানৰ কলিযুগত বহু বেছি ফল পোৱা যাব সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই।

গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত।

এই ৫ টি কথা মা পিতাক কেতিয়াওঁ নকব ! – শ্ৰীকৃষ্ণ গীতা জ্ঞান। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

এই ৫ টি কথা মা পিতাক কেতিয়াওঁ নকব ! – শ্ৰীকৃষ্ণ গীতা জ্ঞান।

যিকোনো সময়তে, যিকোনো মুহূৰ্ততে এই মন্ত্ৰ জপ কৰিব পাৰি ; এই মন্ত্ৰ জপ কৰিবলৈ শ্ৰীকৃষ্ণ অথবা শ্ৰীৰামচন্দ্ৰৰ ছবি সন্মুখত ৰখাৰো প্ৰয়োজন নাই। বৰং যেতিয়াই মন যায় তেতিয়াই ১ – ৩ বাৰ গুণগুণাই দিয়া উচিত এই মহামন্ত্ৰ। আৰু যদি সম্ভৱ হয় দৈনিক ১০৮ বাৰ এই মন্ত্ৰ জপ কৰা অত্যাধিক সুফলদায়ক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *