local herbs in Assam

অসমৰ ভূমিত সহজলভ্য ২১ বিধ বনষৌধিৰ ঘৰুৱা ব্যৱহাৰ।

কেইবিধ মান বনৌষধিৰ থলুৱা নাম, বৈজ্ঞানিক নাম , ইংৰাজী নাম আৰু তাৰ ঔষধি গুণসমূহ তলত উল্লেখ কৰা হৈছে :-

১) অসমীয়া নাম :- মাটি কান্দুৰী ।

Mati kanduri

ইংৰাজী নাম :- Racaba
বৈজ্ঞানিক নাম :- Alternanthera sessilis
ব্যৱহাৰৰ উপযোগী অংগ :- পাত আৰু ফুল।

ঔষধি গুণ সমূহ :-

ক) পাতৰ ৰস খালে মাতৃ দুগ্ধ আৰু দৃষ্টিশক্তি বৃদ্ধি হয় ; ৰক্তকণিকা বৃদ্ধি হয়, মাংসপেশী আটিল হয়।
খ ) এই পাতৰ ৰসৰ সৈতে নেমু মিহলাই খালে গ্ৰহণী ৰোগ উপশম হয় ।
গ) এই পাত নেহৰুৰ সৈতে পাতত দি পিটিকা কৰি খালে পেটৰ গেছৰ সমস্যা দূৰ হয়।

2) অসমীয়া নাম :- পদনা , পদিনা , পদুনা।

mint medicinal value

ইংৰাজী নাম :- Mint
বৈজ্ঞানিক নাম: – Mentha arvensis
ব্যৱহাৰৰ উপযোগী অংশ :- পাত।

ঔষধি গুণ :-

ক) নিয়মীয়া পদিনাৰ পাত খালে স্নায়বিক দুৰ্বলতা কমে, স্মৃতি শক্তি বৃদ্ধি হয়।
খ) পদিনা পাতৰ পেষ্ট তৈয়াৰ কৰি দাঁত ঘঁহিলে দন্তক্ষয় ৰোধ হয় ।

3) অসমীয়া নাম :- পচতিয়া বা আজ্ঞাচিত।

 Indian Pivet medicinal value
ইংৰাজী নাম :- Indian Pivet
বৈজ্ঞানিক নাম :- Vitex negundu
ব্যৱহাৰৰ উপযোগী অংগ :- পাত, ডাল।

ঔষধি গুণ :-

ক) পচতীয়া পাতৰ ৰস খালে বৈভিন্ন ধৰনৰ গাৰ বিষ উপশম হয়।
খ) শুকান পাতৰ গুডি নিতৌ খালে দেহৰ মেদ কমে ।
গ) কেইটা মান কুমলিয়া পাত কুমলিয়া ভীম কলৰ লগত মিহলাই খালে গ্ৰহনি ৰুগ উপশম হয়।

4) অসমীয়া নাম: তিতা কেৰেলা।

Bitter gourd medicinal valueBitter gourd medicinal value

ইংৰাজী নাম :- Bitter gourd
বৈজ্ঞানিক নাম : Momordica charantia

ব্যৱহাৰৰ উপযোগী অংগ :- ফল , পাত।

ঔষধি গুণ :-

ক) তিতা কেৰেলা বা পাতৰ ৰস মৌৰসৰ লগত মিহলাই খালে লিভাৰৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়।

খ) ডায়েবেটিছ অসুখ থকা ৰোগিয়ে কেৰেলা খোৱা অতি আৱশ্যক । তিতা কেৰেলাই ডায়েবেটিছ ৰোগ দবাই ৰখাত সহায় কৰে।

গ) তিতা কেৰেলা খালে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা ( immunity) বাঢ়ে।
ঘ) তিতা কেৰেলাই ছালৰ অসুখ ভাল কৰে।

5) অসমীয়া নাম: নেফাফু।

East Indian Glory Bower medicinal value

ইংৰাজী নাম :- East Indian Glory Bower

বৈজ্ঞানিক নাম :- Clerodendrum colebrookianum

ব্যৱহাৰৰ উপযোগী অংগ :- পাত।

ঔষধি গুণ :-
ক) নেফাফু গছৰ পাত উচ্চ ৰক্তচাপৰ বাবে বৰ উপকাৰী ।
খ) নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহনী, পেটৰ বিষ আৰু হৃদৰোগৰ বাবেও অতি উপকাৰী।
গ) এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়।

6) সাধাৰণ অসমীয়া নাম: কলীয়া তুলসী

Sacred Basil medicinal value

ইংৰাজী নাম :-Sacred Basil/ Holy Basil

বৈজ্ঞানিক নাম :- Ocimum Sanctum

ব্যৱহাৰৰ উপযোগী অংশ :- পাত আৰু বীজ।

ঔষধি গুণ :-

ক) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক।
খ) পাতৰ ৰস ব্ৰনকাইটিছ, চৰ্দ্দি কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী।
গ) কটা ঘাঁত তুলসী পাতৰ পেষ্ট বান্ধিলে এন্টিচেপ্তিকৰ কাম কৰে।

7) অসমীয়া নাম :- দুপৰ টেঙা/পাতেগজা

Air plant medicinal value
ইংৰাজী নাম :- Air plant
বৈজ্ঞানিক নাম :- Kalanchoe pinnata
ব্যৱহাৰৰ উপযোগী অংগ :- পাত , কাণ্ড আৰু শিপা।

ঔষধি গুণ :-

ক) বৃক্কৰ দোষত কঁকালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়।

খ) মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে।

গ) কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাতৰ ব্যৱহাৰ হয়।

8) অসমীয়া নাম :-টেঙেচি

Indian sorrel medicinal value

ইংৰাজী নাম:- Indian sorrel
বৈজ্ঞানিক নাম :- Oxalis corniculate

ব্যৱহাৰৰ উপযোগী অংগ :-পাত , শিপা।

ঔষধি গুণ :-

ক) টেঙেচিৰ পেষ্ট বেচু (Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়।

খ) টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়।

গ) চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে।

ঘ)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে।

ঙ) গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।

9. অসমীয়া নাম :- চালকুঁৱৰী / ঘৃতকুমাৰী

Aleo vera medicinal value

ইংৰাজী নাম – Aleo vera
বৈজ্ঞানিক নাম – Aloe barbadensis miller
ব্যৱহাৰৰ উপযোগী অংগ :- পাত।

ঔষধি গুণ :-

ক) চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মূত্ৰদোষ, শুক্ৰ দোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়।

খ) টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়।

গ) অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়।

ঘ) উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।

ঙ) বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা(Sun Burn) আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।

10. অসমীয়া নাম – আমলখি

Amla medicinal value

ইংৰাজী নাম :- Amla
বৈজ্ঞানিক নাম :- Phyllanthus emblica
ব্যৱহাৰৰ উপযোগী অংগ :- ফল, পাত, শিপা ও বাকলি।

ঔষধি গুণসমূহ :-

ক) আমলখি প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ সমৃদ্ধ।

খ) কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোধক, মূত্ৰকাৰক, জুলাপ কাৰক, জ্বৰনাশক, বমনৰোধী, অজীৰ্ণতা প্ৰতিৰোধী।

গ) কোষ্ঠকাঠিন্য, কৃমি, পেটৰ বিষ, গ্ৰহণী, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী।

11. অসমীয়া নাম :- শিলিখা 

Myrobalan medicinal value

ইংৰাজী নাম :- Myrobalan
বৈজ্ঞানিক নাম :- Terminalia Chebula
ব্যৱহাৰৰ উপযোগী অংগ :- ফল, গুটি, পাত , গা গছৰ ছাল।

ঔষধি গুণসমূহ :-

ক) শিলিখাই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে৷

খ) শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে৷

গ) হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনক৷

ঘ) শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷ শিলিখাই আমাৰ এচিডিটি নাশ কৰে৷

12. অসমীয়া নাম : – কাজিনেমু

Lemon medicinal value

ইংৰাজী নাম :- Kaji nemu / Lemon
বৈজ্ঞানিক নাম :- Citrus limon
ব্যৱহাৰৰ উপযোগী অংগ :- ফল , পাত।

ঔষধি গুণসমূহ :-

ক) যথেষ্ট পৰিমাণে ভিটামিন চি থাকে।
খ) নেমুৰ ৰস খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
গ) নেমুৰ ৰস খালে হজম ক্ষমতা বৃদ্ধি হয়, পেটৰ ৰোগ দূৰ হয় আৰু লিভাৰ ভালে থাকে।

13. অসমীয়া নাম :- নৰসিংহ

curry leaves medicinal value

ইংৰাজী নাম :- Sweet neem / curry leaves
বৈজ্ঞানিক নাম :- Murraya koenigii
ব্যৱহাৰৰ উপযোগী অংগ :- পাত, ডাল আৰু শিপা।

ঔষধি গুণসমূহ :-

ক) ৰক্তহীনতা দূৰ কৰিবলৈ উপকাৰী।
খ) ডায়েবেটিচৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে।
গ) যকৃতৰ বাবে নৰসিংহ পাত উপকাৰী।
ঘ) ডায়েৰিয়া প্ৰতিৰোধ কৰিব পাৰে নৰসিংহই।

14. অসমীয়া নাম :- মানিমুনি ।

Indian pennywort medicinal value

ইংৰাজী নাম :- Indian pennywort
বৈজ্ঞানিক নাম :- Centella asiatica
ব্যৱহাৰৰ উপযোগী অংগ :- পাত, শিপা , গা গছ।

ঔষধি গুণসমূহ :-

ক) এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷

খ) দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷

গ) মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ।

15. অসমীয়া নাম :- ভেদাইলতা।

Skunk vine medicinal value

ইংৰাজী নাম :- Skunk vine
বৈজ্ঞানিক নাম :- Paedericto Chide

ব্যৱহাৰৰ উপযোগী অংগ :- পাত, ফুল, গুটি আৰু শিপা।

ঔষধি গুণসমূহ :-

ক) ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী।
খ) পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
গ) বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।

ঘ) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
ভেদাইলতা শক্তিবৰ্ধক।
ঙ) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।

16. অসমীয়া নাম :- ঢেকীয়া ।

Fern medicinal value

ইংৰাজী নাম :- Fern
বৈজ্ঞানিক নাম :- Fiddlehead Fern
ব্যৱহাৰৰ উপযোগী অংগ :- পাত।

ঔষধি গুণসমূহ :-

ক) পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।
খ) দেহক ৰোগ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰিব পাৰে ।
গ) ৰক্তচাপ সন্তুলিত কৰে।

17. অসমীয়া নাম :- পদিনা।

Mint medicinal value

ইংৰাজী নাম :- Mint
বৈজ্ঞানিক নাম :- Mentha spicata
ব্যৱহাৰৰ উপযোগী অংগ :- পাত , পাতৰ ৰস।

ঔষধি গুণসময় :-

ক) পদিনাৰ ৰস নাকত দিলে অতিমাত্ৰা চৰ্দিৰ পৰা উপশম পোৱা যায়।
খ) তীব্ৰ পেটৰ বিষত পদিনাৰ ৰস আৰু আদাৰ ৰসত অলপ নিমখ মিহলাই খালে বিষ কমে।
গ) পেট ফুলা, অভোক লগা আদি বেমাৰত পদিনাৰ পাত, তুলসী পাত, জালুক আৰু আদা পানীত মিহলাই উতলাই সেই পানী খালে উপশম পোৱা যায়।

18. অসমীয়া নাম :- তেজপাত


ইংৰাজী নাম :- Indian Bay Leaf
বৈজ্ঞানিক নাম :- Cinnamomum tamala
ব্যৱহাৰৰ উপযোগী অংগ :- পাত , শিপা।

ঔষধি গুণ :-

ক) পেটৰ হজম উন্নত কৰে।
খ) ডায়বেটিচৰ চিকিৎসাৰ বাবে তেজপাত ব্যৱহাৰ হয়।
গ) দেহৰ উদ্বেগ আৰু মানসিকচাপ হ্ৰাস কৰে।
ঘ) হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰে।

19) অসমীয়া নাম :- ঔটেঙা 

Ellephent apple medicinal value
ইংৰাজী নাম :- Ellephent apple
বৈজ্ঞানিক নাম :- Dillenia indica
ব্যৱহাৰৰ উপযোগী অংগ :- ফল , গা গছৰ ছাল আৰু কোমল পাত।

ঔষধি গুণ :-

ক) দেহৰ ৰক্তচাপ নিয়ন্ত্ৰন কৰে ।
খ) ভিটামিন এ সমৃদ্ধ হেতুকে চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী।
গ) ভিটামিন “চি” ৰ ভঁৰাল হোৱা হেতুকে ছাল, যৌনতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা আছে।
ঘ) তেজৰ “আৰ বি চি’ ৰ পৰিমান উন্নত কৰে।

20 . অসমীয়া নাম :- ব্ৰাহ্মী শাক।

ইংৰাজী নাম :- Indian pennywort medicinal value
বৈজ্ঞানিক নাম :- Bacopa monnieri
ব্যৱহাৰৰ উপযোগী অংগ :- পাত, কোমল ডাল , শিপা।

ঔষধি গুণ :-

ক) ব্ৰাহ্মীশাক গৰুৰ খাতি ঘীৰ সৈতে ভাজি খালে শক্তি আৰু স্মৃতি দুয়োটা বৃদ্ধি পায় |
খ) সতেজ ব্ৰাহ্মীশাকৰ ১০-২০ মিঃলিঃ ৰস আহাৰ খোৱাৰ পাছত প্ৰতিদিনে দুবাৰকৈ খালে স্নায়ুজনিত মানসিক চাপ হ্ৰাস হয়।
গ) শেহতীয়া গৱেষণাত প্ৰকাশ যে ব্ৰাহ্মীয়ে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে ।

21. অসমীয়া নাম :- দূৱৰি বন ।

Bermuda grass medicinal value

ইংৰাজী নাম :- Bermuda grass
বৈজ্ঞানিক নাম :- Cynodon dactylon
ব্যৱহাৰৰ উপযোগী অংগ :- পাত, ডাল , শিপা।

ঔষধি গুণসমূহ :-

ক) কটা ছিঙা হলে এই বন পটাত পিহি মলমৰ দৰে সানিলে ঘাঁ শুকাই।

খ) দাঁতেৰে তেজ ওলালে দুবৰি বন পিহি তেজ ওলোৱা দাঁতত চাধাৰ দৰে কিছু সময় ৰাখিলে তেজ বন্ধ হয় ।

গ) ঘাঁ হ’লে দুবৰি বনৰ ৰসত হালধিৰ ৰস মিহলাই ঘাঁত সানিলে উপকাৰ পোৱা যায়।

ঘ) চুলি সৰিলে আৰু অকালতে পকিলে দুবৰি বনৰ ৰস মূৰত সানিলে চুলি সৰা , পকা ভাল হয় আৰু চুলি ক’লা হয়।

ঙ) চকু ৰঙা পৰা ৰোগত দুবৰি বন পানীত তিয়াই ৰাখি সেই পানীৰে চকু ধুলে ভাল হৈ যায়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *