Bolivia as tourist venue

অদ্ভুত দেশ যত মানুহে নতুন অন্তৰ্বাস পিন্ধি নৱবৰ্ষ উদযাপন কৰে !

    পৃথিৱীত এনে অদ্ভুত ধৰণৰ দেশ আছে যি দেশৰ ঐতিহ্য, অতি প্ৰাকৃতিক সৌন্দৰ্য আৰু খনিজ সম্পদ থাকিলেও সেই দেশক বিশ্বৰ দৰিদ্ৰ দেশৰ এখন বুলি ধৰা হয় । যি দেশত জেইলত থকা অপৰাধীয়ে জেইলৰ ভাড়া দিব লাগে , আনকি সেই দেশৰ অপৰাধীয়ে অনুমতি বিচাৰিলে নিজৰ পৰিয়ালৰ সৈতে থকাৰ অনুমতি পায়। কিন্তু সেই দেশৰ মানুহ বন্ধু সুলভ আৰু অতিথি পৰায়ন । যি দেশৰ লোকসকলে ৰঙীন অন্তৰ্বাস পিন্ধি নতুন বছৰক আদৰণি জনাই। যি দেশৰ অৰ্থনীতিৰ প্ৰধান উৎস হৈছে লৱন আৰু লিথিয়াম।

Bolivia as tourist venuetourist place Cocos island

এনে এখন দেশ হৈছে বলিভিয়া ( Bolivia) ; যি দেশৰ মহিলাৰ ফালে চালে চকু ঘূৰাই অনা অসম্ভৱ। বলিভিয়া হৈছে সুন্দৰ ৰমণী যুৱতীৰ দেশ , অসাধাৰণ প্ৰাকৃতিক দৃশ্য , মনোৰম সেউজীয়া বননিৰে ভৰপূৰ বলিভিয়া হৈছে দক্ষিণ আমেৰিকাৰ এখন দেশ যাৰ দক্ষিণ আৰু পূৰ্ব দিশত ব্ৰাজিল , দক্ষিণ পূৰ্ব দিশত পেৰাগুৱে , দক্ষিণত আৰ্জেন্টিনা , উত্তৰ পূব দিশত আছে চিলি । এই দেশৰ আয়তন এক লাখ পাঁচশ আশী হাজাৰ বৰ্গকিলমিটাৰ আৰু জনসংখ্যা ১০৫৫৬১০০ জন। এই দেশ স্বাধীন হৈছিল ১৮২৫ চনত ; কোৱা হয় এই দেশৰ মুঠ জনসংখ্যাৰ দুই তৃতীয় অংশ হৈছে আদিবাসী। বলিভিয়াৰ বেছিভাগ লোক আন্দাচ পৰ্বতমালাৰ দুখন পৰ্বত শ্ৰেণীৰ মাজৰ মালভূমিত বসবাস কৰে।

Bolivia as tourist venueBolivia as tourist venue
খনিজ সম্পদ থাকিলেও এই দেশ এখন দৰিদ্ৰ দেশ। চৰকাৰী ভাবে বলিভিয়া ৰ ৰাজধানী হৈছে শুক্ৰে , কিন্তু লাপাজ হৈছে দেশখনৰ প্ৰশাসনিক ৰাজধানী আৰু চৰকাৰী কৰ্মস্থল আৰু চৰকাৰী ভাষা হৈছে স্পেনিছ। দক্ষিণ আমেৰিকাৰ দ্বিতীয় বৃহত্তম প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে সেই দেশত, সেই দেশ উচ্চশিক্ষাৰ বাবে জনপ্ৰিয়, কেইবাখনো বিশ্ববিদ্যালয় আছে সেই দেশত , আৰু সেই দেশৰ শিক্ষাৰ হাৰ হৈছে ৮৩.৬ শতাংশ। সেই দেশৰ নাগৰিক বেছিভাগ খ্ৰীষ্টান ৰোমান কেথলিক ।

Bolivia as tourist venueBolivia as tourist venue

অভিন্ন বাৰেবৰনীয়া সংস্কৃতি , ৰঙীন উৎসৱ সমূহ, ৰঙীন চহৰসমূহ হৈছে বলেভিয়াৰ বৈশিষ্ট আৰু সেইসমূহ হৈছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইতিহাস মতে ব্ৰাজিলৰ তুলনাত বলিভিয়াত অপৰাধ প্ৰৱণতা অতি নগণ্য।

Bolivia as tourist venueBolivia as tourist venue

বলেভিয়াৰ মহিলাসকল পৃথিৱীৰ অইন মহিলাৰ তুলনাত পৃথক , ইয়াৰ মহিলাৰ উচ্চতা প্ৰায় চাৰি ফুট মানৰ হয়। নতুন বছৰৰ প্ৰথম দিনা পুৰণি অন্তৰ্বাস খুলি নতুন আৰু ৰঙীন অন্তৰ্বাস পিন্ধি নতুন বছৰক আদৰণি জনাই এই দেশৰ নাগৰিক সকলে। বছৰৰ শেষৰ ফালে নতুন অন্তৰ্বাস কিনিবৰ বাবে সকলোৱে বজাৰত ভিৰ কৰে। কিয়নো তেওঁলোকৰ জনবিশ্বাস যে নতুন বছৰত নতুন অন্তৰ্বাস পিন্ধিলে ভাল আৰু নতুন কিবা পোৱা যায়। কিন্তু মজাৰ কথা যে এই অন্তৰ্বাসৰো আছে নিৰ্দিষ্ট দুটি ৰং সেয়া হৈছে ৰঙা আৰু হালধীয়া। বিশ্বাস অনুসৰি ৰঙা পিন্ধিলে প্ৰেম সফল হয় আৰু হালধীয়া পিন্ধিলে আহে বছৰটোত সফলতা।

 

Bolivia as tourist venue

পৃথিৱীৰ দেশ সমূহৰ বিয়াৰ 7 টি ওলোটা নিয়ম ! মাথা নষ্ট হৈ যাব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

পৃথিৱীৰ দেশ সমূহৰ বিয়াৰ 7 টি ওলোটা নিয়ম ! মাথা নষ্ট হৈ যাব !

এখন অদ্ভুত দেশ যত কুমাৰী যুৱতীক বজাৰত বিক্ৰী কৰা হয় ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

এখন অদ্ভুত দেশ যত কুমাৰী যুৱতীক বজাৰত বিক্ৰী কৰা হয় !

পৃথিৱীত খনিজ তেলৰ অভাৱৰ বাবে বেটেৰী চালিত গাড়ীৰ চাহিদা বাঢ়িছে ; সেয়ে চাহিদা বাঢ়িছে লিথিয়ামৰ , আৰু সেই লিথিয়াম প্ৰচুৰ পৰিমাণে মজুত আছে বলিভিয়াৰ ভূখণ্ডত। বৰ্তমান তেলৰ নাটনিৰ বাবে লিথিয়ামে সেই স্থান দখল কৰিব বুলি বুদ্ধিজীৱী সকলে মত পোষণ কৰা হেতুকে হয়তো বলিভিয়াৰ অৰ্থনৈতিক অৱস্থা হঠাৎ টনকিয়াল হৈ পৰিব পাৰে।

POPULAR ASSAMESE VIDEO

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *