marriage rules in world

পৃথিৱীৰ দেশ সমূহৰ বিয়াৰ 7 টি ওলোটা নিয়ম ! মাথা নষ্ট হৈ যাব !

  এই পৃথিৱীত আজিৰ তাৰিখত প্ৰায় আঠ বিলিয়নৰ অধিক মানুহ বসবাস কৰে ; এই পৃথিৱীত আছে 195 খন দেশ আৰু প্ৰত্যেক দেশৰ মানুহৰ বিবাহৰ সময়ত কিছু নিজস্ব নিয়ম আছে। তাৰে ভিতৰত এনে কিছুমান নিয়ম আছে যে কোনো দেশৰ নাগৰিকে বিয়াৰ সময়ত হাঁহি ধেমালি কৰা খুব ভাল বুলি বিশ্বাস কৰে আৰু কোনো দেশৰ নাগৰিকে বিয়াৰ সময়ত কন্দা কটা কৰা খুব মংগলজনক আৰু শুভ বুলি বিশ্বাস কৰে। তাৰোপৰি বহু দেশত আছে বহু অদ্ভুত অদ্ভুত নিয়ম।

marriage rules in worldtourist place Cocos island

প্ৰথমে শুনক এখন দেশৰ কথা ; যি দেশত বিবাহৰ সময়ত দৰা কইনাই একদম হাঁহি মাৰিব নোৱাৰে অৰ্থাৎ হাঁহি দিয়া নিষিদ্ধ সেই দেশত, আফ্ৰিকা মহাদেশৰ সেইখন দেশ হৈছে কণগু ( CONGO ) ; সেই দেশৰ নিয়ম অনুসৰি বিয়াৰ দিনা দৰা কইনাৰ লগতে সেই বিবাহৰ সৈতে জড়িত লোক আৰু বিবাহ ত উপস্থিত থকা যিকোনো লোকেই সেই বিয়াত হাঁহিব নোৱাৰে , আৰু যদি কোনোবাই হাঁহে সেয়া অমংগল বুলি গণ্য কৰা হয় সেই দেশৰ নিয়ম অনুসৰি। তেওঁলোকৰ মতে বিবাহ ৰ দৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ত হাঁহিলে অনুষ্ঠান খনক তাচ্ছিল্য কৰা হয়। লগতে এই দেশৰ বিবাহত হাই উৰুমী নহয় , আনকি কথা বতৰা ও খুব কম কৈ কয় অনুষ্ঠান ত উপস্থিত থকা লোকসকলে।

 

marriage rules in world
দ্বিতীয়তে, চীন দেশৰ বিবাহৰ সময়ৰ এক অদ্ভুত নিয়ম আছে ; সেই দেশত বিবাহৰ সময়ত এক আচৰিত নিয়ম পালন কৰা হয়, সেই নিয়ম অনুসৰি প্ৰত্যেক গৰাকী বিবাহ কৰিবলৈ আগবঢ়া যুৱতীয়ে বিয়া দিনৰ এক মাহ আগৰ পৰা প্ৰতিদিনে এক ঘণ্টাকৈ কান্দিব লাগে ; সেই যুৱতীৰ কোনো সমস্যা থাকক নাথাকক বিবাহৰ আগত সেই এক মাহ কন্দা বাধ্যতামূলক। আৰু সেই নিয়ম নামানিলে সেই যুৱতীক সমাজৰ পৰা পৃথক কৰি দিয়া হয়। সেই যুৱতীয়ে দিনৰ বাকী সময়ত যিমান আনন্দ নকৰিলেও সেই এক ঘন্টা কন্দা বাধ্যতামূলক ; আৰু তাকে কোৱা হয় চাইনীজ লোকৰ নাটক ( Chinese drama ) । চীনা লোকসকলৰ বিশ্বাস যে বিবাহৰ আগত যি যুৱতীয়ে বেছিকৈ কান্দে সেই যুৱতীৰ বিবাহৰ পিছৰ জীৱন সুখৰ হয় অৰ্থাৎ বিয়াৰ পিছত আৰু কান্দিব নালাগে। চাওঁক এতিয়া চীনৰ দৰে এখন উন্নত প্ৰযুক্তিৰ দেশৰ অন্ধবিশ্বাস ৰ নমুনা।

German as tourist venueUzbekistan as tourist place

এইবাৰ শুনক ৰোমানিয়া দেশত বিয়াৰ আগত ঘটা আচৰিত কথা ; বিবাহৰ ঠিক দুই তিনিদিন আগত কইনাক কিডনেপ কৰি লুকাই থোৱা হয় আৰু সেই কিডনেপ কাৰীয়ে দৰাক সেই খবৰ জনাই অৰ্থ দাবী কৰে , আৰু দৰাই কইনাক মুকলি কৰাৰ বাবে অৰ্থ দিবলৈ বাধ্য হয় । আৰু সেই টকাৰে কিডনেপ কাৰী সকলে খুব ফুৰ্তি কৰি ভোজ ভাত খাই । বিবেচনা কৰা হয় যে যিজন দৰাই কইনাক মুকলি কৰিবলৈ বেছি অৰ্থ দিব পাৰে সেইজন দৰা বেছি চহকী আৰু সেইজন দৰাৰ কইনাৰ প্ৰতি মৰম ভালপোৱা বেছি থাকে।

German as tourist venueBulgaria as tourist venue

এতিয়া শুনক জাৰ্মানীত প্ৰচলিত অদ্ভুত নিয়মৰ কথা ; যত বিয়াৰ দিনা দৰা আৰু কইনা গৃহৰ লোকসকল এখন ৰেষ্টুৰেণ্টত মিলিত হৈ সেই ৰেষ্টুৰেণ্টৰ সকলো গিলাচ আৰু প্লেট ভাঙি পেলাই দিয়ে আৰু তাৰ পিছত দৰা কইনাক সেই ভঙা টুকুৰা বোৰ একেলগে পৰিস্কাৰ কৰিবলৈ আদেশ কৰা হয় । আৰু সেয়া এইকাৰণে কৰা হয় যাতে দৰা আৰু কইনাই ভৱিষ্যতে মিলামিচিকৈ একেলগে গৃহৰ কাম কাজ কৰিবলৈ শিকে।

Uzbekistan as tourist placeUzbekistan as tourist place

আপুনি বিশ্বাস কৰিবলৈ টান পাব যে পৃথিৱীত এনে এখন দেশ আছে যত বিয়াৰ দিনা কইনাৰ গাত থু থু কৰি থুই পেলোৱা হয়। একদম সঁচা কিন্তু, আৰু সেই দেশৰ নাম হৈছে কেনিয়া ; কেনিয়াৰ নিয়ম অনুসৰি ল’ৰা ছোৱালীয়ে নিজৰ পছন্দ অনুসৰি বিবাহ কৰিব নোৱাৰে । তাৰ পিছৰ নিয়ম হৈছে বিবাহৰ দ্বিতীয় দিনাই কইনাৰ মূৰৰ চুলি কাটি পেলোৱা হয়, আৰু তাৰ পিছত কইনাৰ দেউতাকক কইনাৰ মূৰত গাত থুই পেলাবলৈ দিয়া হয় । তেওঁলোকৰ বিশ্বাস যে এনে কৰিলে দৰা কইনাৰ যুগ্ম জীৱন সুখৰ হয় ।

 

Uzbekistan as tourist place
স্কটলেণ্ডৰ মানুহ আকৌ আৰু এখোজ ওপৰত ; যত বিয়াৰ আগত কইনাৰ দেহত কলা ৰং সানি দিয়া হয়। এনে কৰাৰ উদ্দেশ্যে আৰু বিশ্বাস যে যদি বিয়াৰ পিছত কইনাক কোনোবাই গালি গালাজ আৰু অসন্মান কৰে তেতিয়া তেওঁ সেইসমূহো সহ্য কৰিব পৰা হৈ পৰিব।

পতিতাৰ চৰকাৰী টিকট 🤔 এই অদ্ভুত কৰ্ম অকল জাৰ্মানীতে ঘটে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

পতিতাৰ চৰকাৰী টিকট 🤔 এই অদ্ভুত কৰ্ম অকল জাৰ্মানীতে ঘটে !

নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী !

পৃথিৱীত এনে দেশ আছে যত বিবাহৰ সময়ত কোনো বাধা বা নিয়ম নাই ; কোনোৱে হাঁহিব পাৰে কোনোবাই কান্দিব পাৰে বিয়াত, পুৰুষে পুৰুষক বিবাহ কৰিব পাৰে , মহিলাই মহিলাৰ সৈতে বিবাহত বহিব পাৰে , কোনোবাই ঘোঁৰাত উঠি দৰা সাজি আহিব পাৰে, কোনোবাই এছ ইউ ভি গাড়ীৰ বৰ্ণেতত বহি বিয়া সাজি আহিব পাৰে ! কিন্তু সেই দেশৰ নাম আপুনি ভাবি কমেণ্টত লিখক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *