beautiful lady in the earth

  পৃথিৱীত আপুনি হয়তো বহু মানুহ লগ পাইছে বা বহু মানুহৰ বিষয়ে শুনিছে কিন্তু আজি যি কেইজন মানুহৰ বিষয়ে আলোচনা কৰিব বিচৰা হৈছে সেইটো শুনিলে হয়তো আপোনাৰ বিশ্বাসৰ খুটি অকণমান হলেও লৰচৰ হ’বলৈ বাধ্য হৈ পৰিব। কাৰণ এনে কিছুমান ব্যক্তিৰ কথা কব বিচৰা হৈছে যি আপুনি কেতিয়াও দেখা নাই বা শুনা নাই। ইয়াৰ ভিতৰত আছে এগৰাকী পৃথিৱীৰ আটাইতকৈ সুন্দৰী যুৱতী যাৰ কথা শুনিলে আপুনি শুনি থাকিবই বিচাৰিব বা তেওঁক crush বুলি নিজে অনুভৱ কৰিব।

lady having three breastlady having three breastlady having three breast
১) জেচমিন (Jesmin) :- এওঁ এগৰাকী মহিলা যাৰ বুকুত তিনিটাকৈ স্তন আছে। জেচমিনৰ এই শাৰীৰিক গঠনৰ বাবে এসময়ত সামাজিক মাধ্যমত ভাইৰেল জ্বৰ হৈছিল। আৰু সেই জ্বৰে জেছমিনক ৰাতিৰ ভিতৰতে চেলিব্ৰিটি কৰি পেলাইছিল। কিন্তু তেওঁৰ সেই তৃতীয় স্তন টি প্ৰকৃত বা জন্মগত নহয় ; তেওঁ অস্ত্ৰোপচাৰৰ দ্বাৰা এই তৃতীয় স্তন টি নিজৰ বুকুত সংৰোপণ কৰিবলৈ সক্ষম হৈছিল , যি কাম কৰিবলৈ যাওঁতে তেওঁ সমাজৰ আৰু নিজৰ পৰিয়ালৰ লোকৰ বহু সমালোচনা আৰু বাধাৰ সন্মুখীন হৈছিল। প্ৰথমে তেওঁ যেতিয়া সেই অস্ত্ৰোপচাৰ ৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁক মানসিক ৰোগৰ চিকিৎসা লবলৈ পৰামৰ্শ দিছিল । আৰু বহু চিকিৎসক বিচাৰি বিচাৰি তেওঁ এজন চিকিৎসক পাইছিল যিয়ে তৃতীয় স্তন ৰোপণৰ অস্ত্ৰোপচাৰ কৰিছিল। কিন্তু জেছমিনে চিকিৎসক জনৰ অনুৰোধ মৰ্মে অস্ত্ৰোপচাৰ কৰা চিকিৎসকৰ নাম গোপনে ৰাখিছে। জেছমিনে কোৱা হিচাপে সেই অস্ত্ৰোপচাৰ কৰা বাবে জেছমিনৰ মা’ই তেওঁক এৰি গৈছিল।

lady with two headslady with two heads

২) এবি আৰু ব্ৰিটেনি ( Abby and Brittany ) :- এই দুয়োজন জন্মৰ পৰাই ইজনে সিজনৰ সৈতে যোৰা লাগি আছে। দুয়ো কেতিয়াও পৃথক হ’ব নোৱাৰে। আচলতে এয়া এক ৰোগ যাৰ ফলতে দুটি যমজ শিশু যোৰ হৈ যায় গৰ্ভৱতী মা’ৰ পেটতে।

Hunza valley an adventure2023 year predictions
কিন্তু মজাৰ কথা যে এই দুয়োজনৰ বাবে পৃথকে দুটি হৃদযন্ত্ৰ, দুটি হাওঁফাঁও, দুটি লিভাৰ, দুটি পাকস্থলী কিন্তু বিসৰ্জন ক্ৰিয়া এই দুয়োজনে একে সময়তে একেটা অংগৰ দ্বাৰা সম্পাদিত কৰে। ইমানৰ পিছতো এওঁলোকে লিখা পঢ়া, চলন ফুৰণ, খোৱা লোৱা একে সময়তে একেলগে কৰে।

lady with two heads

তেওঁলোকৰ সাধাৰণ জীৱনক প্ৰতিহত কৰিব পৰা নাই তেওঁলোকৰ সেই ৰোগে। এওঁলোকৰ জন্ম 1990 চনৰ 7 মাৰ্চত আমেৰিকাত হৈছিল । বৰ্তমান তেওঁলোকে এখন প্ৰাথমিক স্কুলত শিক্ষকতা কৰে। যদি ভালদৰে নিৰীক্ষণ কৰা যায় তেওঁলোকৰ সোঁভাগৰ মূৰটোৱে সোঁফালৰ হাত আৰু ভৰি নিয়ন্ত্ৰণ কৰে আৰু বাওঁ মূৰটোৱে বাওঁফালৰ হাত আৰু ভৰিক নিয়ন্ত্ৰণ কৰে। এই অৱস্থাত তেওঁলোকে ড্ৰাইভিং লাইচেন্স ও পাইছে আৰু ৰাজপথত তেওঁলোকে নিজৰ গাড়ীৰে ভ্ৰমণ কৰে

৩) দীপক চন্দ্ৰা ( Deepak Chandra ) :- এইজন এক সাধাৰণ ল’ৰা নহয় , এওঁ আচলতে এজন চুপাৰ হিৰ’ তকৈ কোনো কম নহয়। এওঁৰ দেহত এক অদ্ভুত শক্তি লৈ জন্ম হৈছে । প্ৰথমে তেওঁৰ প্ৰতিটো দিনৰ আৰম্ভণি হৈছিল এটিকৈ বিদ্যুতৰ চৰ্ত খাই খাই। কিন্তু এদিন হঠাতে দীপক চন্দ্ৰাই বিদ্যুৎ পৰিবাহী মুকলি তাঁৰ এডাল স্পৰ্শ কৰিছিল যদিও সেই তাঁৰডালত পৰিবাহী বিদ্যুতে তেওঁক একো কৰিব পৰা নাছিল আৰু তেতিয়াৰ পৰাই তেওঁ প্ৰমাণ কৰিবলৈ আৰম্ভ কৰিছিল যে তেওঁৰ শৰীৰে কিমান বেছি ভল্টৰ বিদ্যুৎ সহ্য কৰিব পাৰে ; তাকে প্ৰমাণ কৰিবলৈ গৈ তেওঁ দিনে দিনে বিদ্যুৎৰ ভল্ট বঢ়াই গৈ নিৰ্ধাৰণ কৰি পেলাইছিল যে তেওঁৰ শৰীৰে প্ৰায় এক হাজাৰ ভল্ট বিদ্যুৎ ধাৰণ কৰাৰ ক্ষমতা বহন কৰিবলৈ সক্ষম হৈ পৰিছে । বৰ্তমান দীপকে নিজৰ গাওঁত ইলেক্ট্রিচিয়ানৰ কাম কৰে কোনো ধৰণৰ সঁজুলিৰ সহায় নোলোৱাকৈ , খোলা হাতেৰে সকলো কাম কৰে দীপকে।

iron maniron man

৪) অৰুণ কুমাৰ ৰায় :- যেনেদৰে এক্টণ চিনেমাৰ হিৰ’ সকলে নিজৰ শক্তিক কামত লগাই বহু বস্তু আকৰ্ষণ কৰি নিজৰ গালৈ টানি আনিব পাৰে ঠিক এই অৰুণ কুমাৰ ৰায় হৈছে এজন চুম্বক মানৱ। এওঁ যিকোনো ধাতুৰ পদাৰ্থ নিজৰ দেহত ওলোমাই ৰাখিব পাৰে। তেওঁৰ শৰীৰৰ আটাইতকৈ বেছি চুম্বকীয় শক্তি তেওঁৰ নিজৰ বুকুভাগত আছে। তেওঁ তেওঁৰ বুকুত আঠ ৰ পৰা দহ কেজি ওজনৰ লোহাৰ বস্তু ওলোমাই ৰাখিব পাৰে।

lady with most hair in the bodylady with most hair in the body
৫) চুপাত্ৰা চুঁচপা :- চুপাত্ৰা হৈছে পৃথিৱীৰ আটাইতকৈ বেছি দেহত চুলি থকা ছোৱালী যাৰ বয়স মাত্ৰ ১৮ বছৰ। সেয়া আচলতে প্ৰাকৃতিক পৰিঘটনা নহয় , এয়া এক ৰোগহে। ইমান চুলিৰ বাবে বহুতে তেওঁক ভেড়া আৰু শিয়াল বুলি ঠাট্টা কৰে।

Childhood life cycleflexible eyeflexible eye
৬) কিং গুডমেন :- এই মহিলাই নিজৰ চকু দুটি ইমানেই বাহিৰলৈ উলিয়াই দিব পাৰে যে সাধাৰণ মানুহে প্ৰথমবাৰ দেখিলে ভয় খাই উঠে। আৰু তেওঁ নিজৰ ইচ্ছা অনুসৰি যেতিয়া চকু বাহিৰলৈ উলিয়াই দিয়ে তেতিয়া এনে অনুভৱ হয় যে চকুদুটি যেন ওলাই পৰি যাব। তেওঁ চকুদুটি ১১ মিলিমিটাৰ পৰ্য্যন্ত বাহিৰলৈ উলিয়াই দিব পাৰে। যিটো এজন সাধাৰণ লোকে চেষ্টা কৰিলে প্ৰায় ০.০১ মিলিমিটাৰো বাহিৰলৈ উলিয়াই দিব নোৱাৰে। তেওঁ আচলতে সৰুৰে পৰা এই কাম কৰিব পৰা নাছিল কিন্তু তেওঁ আইনাৰ সন্মুখত ৰৈ হৈ সদায় সেয়া অনুশীলন কৰিছিল আৰু অৱশেষত এই চমৎকাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সেই চকুদুটি দেখি বহুজনে ভয়তে পলাই যায় আৰু বহুজনে তেওঁক সেয়া কৰিবলৈ দি চেলফি উঠে।

elastic manelastic man

৭) গেৰী টাৰ্ণাৰ :- এওঁক আকৌ ইলাষ্টিক মানৱ ৰূপে জনাজাত। তেওঁ নিজৰ শৰীৰৰ ছালখন ৰবৰৰ দৰে টানি দীঘল কৰিব পাৰে। কিন্তু সেয়াও এক ৰোগ। এই পৰিঘটনা ৰ বাবে তেওঁৰ দেহত বহুত বিষ অনুভৱ হয় যদিও তেওঁৰ মুখত হাঁহিৰ অভাৱ নঘটে। কিয়নো এই পৰিঘটনা ৰ বাবে বহুলোকে তেওঁক লগ কৰে চাবৰ বাবে।

most beautiful ladymost beautiful ladymost beautiful lady
৮) নাতিশা জিদকোভা :- এওঁ হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা । যিসমূহ ল’ৰাই ধুনীয়া ছোৱালী দেখিলে ফিডা হৈ যায় তেওঁলোকৰ বাবে ক্ৰাছ এই মহিলা। কিন্তু আচৰিত কথা যে এই মহিলা ইমান বগা আৰু ধুনীয়া হোৱাৰ আঁৰত আছে এটি ৰোগ। সেই সূৰ্যমুখী ৰোগৰ বাবে নাতিশা জিদকোভা ৰ শৰীৰৰ সম্পূৰ্ণ ৰং বগা হৈ পৰিছে , আনকি তেওঁৰ নোম আৰু চুলি সকলো সম্পূৰ্ণ বগা হৈ পৰিছে। সেই আচৰিত দেহৰ ৰং ৰ বাবে নাতিশা জিদকোভা আজিকালি হৈছে বিশ্বৰ এগৰাকী দামী মডেল।

blackish model

PATHAAN 💕💕অসমীয়া লোকেল পাঠান চালেনে ? সোনকালে চাওঁক । চাবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

PATHAAN 💕💕অসমীয়া লোকেল পাঠান চালেনে ? সোনকালে চাওঁক ।

অদ্ভুত দেশ আছে যত আছে আচৰিত কিছু সামাজিক নিয়ম ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

অদ্ভুত দেশ আছে যত আছে আচৰিত কিছু সামাজিক নিয়ম !

৯) খাৱদিয়া দিয়োপ :- নিজৰ ২২ বছৰ বয়সতে এই মহিলাই নিজৰ দেহৰ অদ্ভুত বৰণৰ বাবে চৰ্চিত হৈ পৰিছে বিশ্বত। কিন্তু সৰুকালৰ পৰাই তেওঁৰ দেহৰ অদ্ভুত বৰণৰ বাবে সমস্যাটো ভুগিছিল খাৱদিয়া দিয়োপে । সমনীয়া শিশুৱে তেওঁৰ সৈতে খেলিবলৈ, চলাফুৰা কৰিবলৈ ভয় খাইছিল । কিন্তু মানুহৰ পছন্দ ভিন্ন, বহুমানুহে এই কৃষ্ণাংগ খাৱদিয়া দিয়োপক পছন্দ কৰে আজিকালি, সামাজিক মাধ্যমত তেওঁক অনুসৰণ কৰে পৃথিৱীৰ সহস্ৰ লোকে আৰু সেইবাবেই তেওঁ বৰ্তমান এগৰাকী সফল মডেল।

Assamese popular video 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *