secretes of earth

হনুমান এতিয়াও জীৱিত আৰু ১০ টি ৰহস্যময় কথা !

  সকলোৱে অৱগত যে হনুমান এই কলিযুগৰ অন্তিম পৰ্যায়লৈ সোশৰীৰে থাকিব , তেখেত আজিও এই পৃথিৱীত বিচৰণ কৰি আছে। আৰু এইটোও সকলোৱে জানে যে ভগৱান শ্ৰীৰামৰ কৃপা লাভ কৰিবলৈ হনুমানক প্ৰসন্ন কৰিব লাগে , হনুমানৰ কৃপা অবিহনে কোনোৱে শ্ৰীৰামচন্দ্ৰ ওচৰলৈ যাব নোৱাৰে। হনুমান আমাৰ ৰক্ষক আৰু তেওঁ এই কলিযুগৰ সকলোতকৈ জাগ্ৰত। জানি লোৱা উচিত যে কলিযুগত হনুমানৰ ভক্তিয়ে মানুহক বিপদৰ পৰা ৰক্ষা পৰিবলৈ সাহাৰ্য কৰে।

secretes of earthtime period of success

কিন্তু real life superman আৰু শক্তিশালী হোৱাৰ পিছতো তেওঁ ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰে, লগতে তেওঁ ভক্তৰ মিনতি খুব সোনকালে শুনিবলৈ পাই । এই ব্রহ্মাণ্ডত যদি কিবা শক্তি আছে সেয়া হৈছে ঈশ্বৰৰ পিছতে হনুমান।

তেওঁৰ প্ৰথম ৰহস্য হৈছে যে তেওঁ সিন্দূৰ খুব ভাল পাই। সেইবাবেই হনুমানৰ দেহত সিন্দূৰ লগোৱা হয়। এক পৌৰাণিক কাহিনী অনুসৰি এবাৰ মা সীতাই শিৰত সিন্দূৰ লৈ থাকোতে হনুমান মা সীতাৰ ওচৰ পাইছিল আৰু শিৰত ৰঙা কি বস্তু লগাইছে বুলি প্ৰশ্ন কৰিছিল মা সীতাক , উত্তৰত মাতা সীতাই কৈছিল যে সেয়া লগালে প্ৰভু ৰামৰ আয়ুস বাঢ়ে লগতে প্ৰভুৰ স্নেহ পোৱা যায়। কথা শুনি হনুমানে ভাবিছিল যে যদিহে মাতা সীতাই অকণমান সিন্দূৰ শিৰত লৈ ইমান স্নেহ প্ৰাপ্ত কৰিছে তেন্তে বেছি বেছিকৈ সিন্দূৰ লগালে আৰু বেছি বেছি স্নেহ ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰা পোৱা যাব। আৰু তাকে ভাবিয়ে হনুমানে নিজৰ সমস্ত শৰীৰত সিন্দূৰৰ লেপন দিয়া আৰম্ভণি কৰিছিল।

দ্বিতীয় ৰহস্য হৈছে হনুমানৰ জন্ম হৈছিল মাতঙ্গ ঋষিৰ আশ্ৰমত। মাতঙ্গ নামৰ এক আদিবাসী জাতিৰ সৈতে হনুমানৰ এক গভীৰ সম্পৰ্ক আছে। তুংগাভদ্ৰা নদী পাৰ হৈ এক পম্পা সৰোবৰ পোৱা যায় আৰু তাৰ ওচৰতে থকা পৰ্বতত এটি গুহা আছিল যাক ৰামজিৰ ভক্ত শ্ৰৱনিৰ গুহা বোলা হয় আৰু সেই গুহাৰ ওচৰতে মাতঙ্গ বন আছিল ।

secretes of earth

তৃতীয় ৰহস্য , আচলতে হনুমান বান্দৰ আছিল নেকি ? হনুমানৰ জন্ম কাপি নামৰ বান্দৰ জাতিত হৈছিল, গৱেষণা অনুসৰি আজিৰ পৰা প্ৰায় ৯ লক্ষ্য বছৰ পূৰ্বে এক এনেকুৱা বান্দৰ জাতি ভাৰতবৰ্ষত আছিল আৰু সেই জাতি আজিৰ পৰা প্ৰায় ১২ -১৫ হাজাৰ বছৰ পূৰ্বে বিলুপ্ত হৈ যায়। আৰু হনুমানক লৈ সদায় এই প্ৰশ্ন উঠে যে তেওঁ কি বান্দৰ আছিল ? চাৰিওফালে তেওঁৰ প্ৰতিমা দেখি মন হয় যে তেওঁ বান্দৰ প্ৰজাতিৰ । ৰামায়ণত বাল্মীকিয়ে হনুমানক বিশিষ্ট পণ্ডিত আৰু ৰাজনীতিবিদ বুলি ব্যাখ্যা কৰাৰ লগতে তেওঁক লোমৰ্শ নেজধাৰী বুলিও কৈছে । আচলতে সেই সময়ত মানুহৰ তেনে এক প্ৰজাতি আছিল যাক মুখ আৰু নেজৰ পৰা বান্দৰৰ দৰে দেখা গৈছিল কিন্তু সেই জাতিৰ বুদ্ধিমত্তা আৰু দৈহিক শক্তি অইন মানৱ প্ৰজাতিৰ তুলনাত বহু বেছি আছিল। আৰু এই কথা বৰ্তমানৰ পুৰাতত্বই প্ৰমাণ কৰিছে।

how to stop nail biting habit of child

চতুৰ্থ ৰহস্য হৈছে কিয় আজি পৰ্যন্ত হনুমান জীয়াই আছে ? হনুমান কলিযুগৰ ধৰ্ম ৰক্ষক, তেওঁ আজিও পৃথিৱীত মুক্তৰূপে বিচৰণ কৰি আছে । তেওঁ ধৰ্মৰ ৰক্ষা হেতু অম্ৰতা বৰদান প্ৰাপ্ত কৰিছিল যাৰ বাবেই তেওঁ আজিও জীৱিত। তেওঁ ভগৱানৰ ভক্তি আৰু ধৰ্ম ৰক্ষা কৰিবলৈ আজিও পৃথিৱীত জীৱিত আছে।

how to win a battle of life

পঞ্চম ৰহস্য হৈছে ৰামায়ণত উল্লেখ কৰা হিচাপে হনুমান প্ৰত্যেক যুগতে বিৰাজমান । ট্ৰেটা যুগত পবন পুত্ৰ কেশৰীনন্দন ৰূপে জন্ম লৈছিল আৰু ৰাম ভক্তিত লিন হৈ তেওঁ ৰামৰ সৈতে ছায়াৰ দৰে আছিল, দ্বাপৰ যুগত হনুমানে ভীমৰ পৰীক্ষা লৈছিল, ভীমৰ অহংকাৰ চূৰ্ণ কৰাৰ বাবে তেওঁ এবাৰ ভীম গৈ থকা পথৰ মাজত নিজৰ নেজ পাৰি দিছিল, আৰু যেতিয়া ভীমৰ খং উঠিছিল তেতিয়া হনুমানে এটি বৃদ্ধ বান্দৰৰ ৰূপ লৈছিল আৰু ভীমক নেজডাল আঁতৰ কৰি পথ অতিক্ৰম কৰিবলৈ কৈছিল, সৰ্বশক্তিমান ভীমে কিন্তু নেজডাল কোনো প্ৰকাৰে আঁতৰ কৰিব নোৱাৰিছিল। আৰু তেতিয়াই ভীমে বুজি উঠিছিল যে তেওঁ আন কোনো নহয় স্বয়ং হনুমান বুলি। আৰু কলিযুগতো যদি মানুহে ভক্তিৰে হনুমানৰ আশ্ৰয় গ্ৰহণ কৰে তেন্তে তুলসী দাসৰ দৰে হনুমান আৰু শ্ৰীৰামচন্দ্ৰৰ দৰ্শন পাবলৈ দেৰি নালাগে। কলিযুগত হনুমানে তেওঁৰ ভক্ত সকলক নিজৰ উপস্থিতিৰ অনুভৱ দিয়ে।

meditation and good healthtime period of success

ষষ্ঠ ৰহস্য হৈছে হনুমান কত থাকে ? কলিযুগত হনুমান গন্ধমাধন পৰ্বতত নিবাস কৰে যি কথাৰ উল্লেখ শ্ৰীমদ্ভাগৱতত উল্লেখ আছে। বৰ্তমান এই পৰ্বত হিমালয়ৰ কৈলাশ পৰ্বতৰ ওপৰত অৱস্থিত যত ঋষি, বিদ্যাধৰ, দেৱতা , গন্ধৰ্ব আদি নিবাস কৰে। এই পৰ্বত কুবেৰৰ ৰাজ্য আছিল আৰু বৰ্তমান সেই পৰ্বত তিব্বত এলেকাত।

সপ্তম ৰহস্য হৈছে, হনুমানৰ পুত্ৰৰ নাম আছিল মকৰধ্বজা আৰু মকৰধ্বজাক ৰাবনে পাতালপুৰৰ ৰক্ষক নিযুক্ত কৰিছিল । কিন্তু পবনপুত্ৰ যদিহে ব্ৰহ্মচাৰী আছিল পুত্ৰ কেনেকৈ সম্ভৱ, সেয়া হৈছে মকৰধ্বজা হনুমানৰ দেহৰ ঘামৰ পৰা সৃষ্ট। হনুমান ৰ দৰে মকৰধ্বজা আছিল বীৰ, পৰাক্ৰমী আৰু শক্তিশালী ।

ভগৱানৰ এই সংকেত যদি আহে তেন্তে জীৱন মালামাল ! ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

ভগৱানৰ এই সংকেত যদি আহে তেন্তে জীৱন মালামাল !

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী।

অষ্টম ৰহস্য হৈছে, হনুমানৰ প্ৰথম আৰাধনা কোনে কৰিছিল, পৃথিৱীত সৰ্বপ্ৰথম বিভীষণে হনুমানৰ সান্নিধ্যলৈ আহি হনুমানক পূজা কৰিছিল। বিভীষণ হনুমানৰ দৰেই চিৰঞ্জীৱ , আজিও তেওঁ হনুমানৰ দৰেই জীৱিত।

নৱম ৰহস্য হৈছে হনুমান ৰ স্ত্ৰী কোন আছিল ? যদিয়ে তেওঁ ব্ৰহ্মচাৰী আছিল বিবাহ কেনেকৈ ? সঁচাকৈ হনুমানৰ বিবাহ হৈছিল নেকি ? অন্ধ্ৰপ্ৰদেশৰ খাম্মাম জিলাত এক মন্দিৰ আছে যত হনুমানৰ লগত হনুমানৰ পত্নীৰ মূৰ্তিও আছে ; স্ত্ৰীৰ নাম আছিল সুৰবছলা। বিবাহ হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ ব্ৰহ্মচাৰী নাছিল, কোৱা হয় যে কোনো বিশেষ পৰিস্থিতিত কোনো সংকট দূৰ কৰিবলৈ হনুমানে বিবাহপাশত আবদ্ধ হৈছিল যি কথাৰ উল্লেখ পৰাশৰ সংহিতাত পোৱা যায়।

শেষ ৰহস্য হৈছে যে প্ৰত্যেক ৪১ বছৰৰ ব্যৱধানত এবাৰ হনুমানে শ্ৰীলংকাৰ জংঘলত প্ৰাচীন কালৰে পৰা বসবাস কৰা আদিবাসী সম্প্ৰদায়ৰ লোকৰ সৈতে দেখা কৰে যি সাম্প্ৰদায়ক মাতঙ্গ সম্প্ৰদায় বুলি জনাজাত। আৰু এই কথা শ্ৰীলংকাৰ সেই মাতঙ্গ সম্প্রদায়ৰ লোকে দাবী কৰি আহিছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *