এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ। আনকি প্ৰাচীন বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়া কৈ এই মন্ত্ৰ পাঠ কৰে তেনেহলে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষা পোৱা যায় ।
এই মহা মৃত্যুঞ্জয় মন্ত্ৰক সঞ্জীৱনী মন্ত্ৰ বুলিও কোৱা হয়। সনাতন ধৰ্ম অনুসৰি এই মহা মৃত্যুঞ্জয় মন্ত্ৰৰ মাজত আছে অমৰ শক্তি আৰু এই এটি মন্ত্ৰই হৈ পৰিব পাৰে জীৱনৰ একমাত্ৰ পথ প্ৰদৰ্শক ; বিপদৰ দিনত দেখুৱাব পাৰে আশাৰ সঞ্চাৰ। এই মন্ত্ৰ উপলব্ধ আছে ঋকবেদত , লগতে পুৰাণ ত উল্লেখ আছে এই মন্ত্ৰৰ কথা, এই মন্ত্ৰক শিৱমন্ত্ৰ ও বোলা হয় আৰু এই এটি মন্ত্ৰ যদি নিয়মিত পাঠ কৰিব পৰা যায় তেতিয়া সমস্ত ধৰণৰ বিপদৰ হাত সাৰিব পৰা যায় । এই মন্ত্ৰ নিয়মিত পাঠ কৰিলে এফালে যেনেকৈ সমস্ত গ্ৰহ বিগ্ৰহৰ পৰা পৰিত্ৰাণ পোৱা যায় ঠিক একেদৰে পৰিয়ালত যদি কোনো অসুস্থ হৈ থাকে তেওঁৰো স্বাস্থ্যৰ উন্নতি ঘটে, আশু সংকটৰ পৰা বাচিবলৈ এই মন্ত্ৰ কাৰ্যকৰী ; কাল – সৰ্পদোষ , বাস্তুদোষ, পিতৃদোষ আদিৰ পৰা মুক্তি হয় নিয়মীয়া এই মহা মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে।
এই মন্ত্ৰ সম্পুৰ্ণ সংস্কৃত ভাষাত লিখা আছে কিন্তু জনগণৰ বাবে এই মন্ত্ৰ বহুত ভাষাত ৰূপান্তৰ হৈছে, চাৰিটা শাৰীত বিভক্ত এই মন্ত্ৰৰ প্ৰতিটো শাৰীত আঠ টাকৈ চিহ্ন আছে যাক উচ্চাৰণ কৰোঁতে গোটেই দেহত এটি কম্পন জাগি উঠে আৰু সেই কম্পনত শৰীৰৰ ভিতৰত থকা কোষ কণিকা বোৰ জাগ্ৰত হৈ পৰে, এই মন্ত্ৰ পাঠ কৰিলে স্মৃতি শক্তি বৃদ্ধি হয়।
আধুনিক কালত এই মন্ত্ৰৰ ওপৰত একাধিক গৱেষণা হৈছে। আৰু প্ৰকাশ পাইছে যে এই মন্ত্ৰ পাঠ কৰাৰ পিছত মগজুৰ সমস্ত নিউৰণ সমূহ সক্ৰিয় হৈ পৰে আৰু লাহে লাহে মানুহৰ মনসংযোগ বৃদ্ধি কৰে, বুদ্ধিমত্তা বাঢ়ে, স্মৃতিশক্তি ৰ উন্নতি হয়, আত্মবিশ্বাস ৰ অভাৱ দূৰ কৰে, মনৰ মাজত থকা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰে।
এই মন্ত্ৰ ৰ সৈতে এতি লোকপ্ৰিয় কাহিনী জড়িত হৈ আছে, সেয়া হৈছে এবাৰ মহৰ্ষি মৃকুন্ডু আৰু তেওঁৰ পত্নী পুত্ৰহীন আছিল আৰু তেওঁলোকে তপস্যা কৰি মহাদেৱক সন্তুষ্ট কৰি পুত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল যাৰ নাম মাৰকেন্দ্ৰীয় কিন্তু মাৰকেন্দ্ৰীয়ৰ বাল্যকালতে মৃত্যুৰ যোগ আছিল ; আৰু অভিজ্ঞ ঋষিৰ কথা শুনি মাৰকেন্দ্ৰীয়ই শিৱলিংগৰ সন্মুখত মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিবলৈ ধৰিছিল, যথাসময়ত যমৰাজ আহিছিল যদিও মহাদেৱৰ ওচৰত থকা প্ৰাণ কাঢ়িবলৈ সক্ষম নহৈছিল, যমৰাজ পৰাজিত হৈছিল আৰু মাৰকেন্দ্ৰীয়ই মহাদেৱৰ আশীষ ধন্য হৈ দীৰ্ঘায়ু প্ৰাপ্ত হৈছিল আৰু পিছত তেওঁ মাৰকেন্দ্ৰীয় পুৰাণ ৰচনা কৰিছিল ।
আমি যিমান সহজ ভাবে এই মহা মৃত্যুঞ্জয় মন্ত্ৰৰ বিষয় কওঁ ই বাস্তৱত ইমানো সহজ নহয়, কাৰণ এই মন্ত্ৰৰ বাবে বাস্তৱত যি প্ৰয়োজন সেয়া হৈছে নিষ্ঠা, বিশ্বাস , সময়ানুৱৰ্তীতা ; মনৰ ভিতৰত প্ৰবল ইচ্ছা নাথাকিলে কোনোৱে এই মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে, এই মন্ত্ৰ উচ্চাৰণৰ সময়ত বিশেষ বিশেষ বিষয়ৰ ওপৰত গুৰুত্বৰ প্ৰয়োজন।
হিন্দু ধৰ্মত কিয় নশ্বৰদেহ দাহ কৰা হয় ? – গৰুড় পুৰাণ ৰহস্য ! মানৱ জীৱনৰ কিছু তিক্ত কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হোৱাৰ ৰহস্য – ভগৱান শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হোৱাৰ ৰহস্য – ভগৱান শ্ৰীকৃষ্ণ অমৃত বাণী।
এই মহা মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰাৰ আগতে ৰাতিপুৱা শুই উঠি স্নান আদি কৰি লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ, বিনা স্নানে নহয়। স্নান কৰি নিজৰ মন স্থিৰ কৰি ৰুদ্ৰাক্ষ মালাৰ সহায়ত এই মন্ত্ৰ জপ কৰিব লাগে। যি ঠাইত জপ কৰিব সেই ঠাই নিৰিবিলি আৰু কোলাহল মুক্ত হোৱা প্ৰয়োজন, যি ঠাইত এই মন্ত্ৰ পাঠ কৰিব সেই ঠাইত ভগৱান শিৱৰ মূৰ্তি অথবা ছবি কিম্বা শিৱলিংগ অথবা মহা মৃত্যুঞ্জয় যন্ত্ৰ থকা বাঞ্চনীয়। উক্ত স্থানত ধূপকাঠি জ্বলাই প্ৰদীপ প্ৰজলন কৰি আসনত বহি মেৰুদণ্ড পোনাই একাগ্ৰতা সহকাৰে ৰুদ্ৰাক্ষ মালাৰ সহায়ত ১০৮ বাৰ এই মহা মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব লাগে। তলৰ ফটোত এই মন্ত্ৰ দিয়া হৈছে।
প্ৰথম কেইদিনমান এই মন্ত্ৰ পাঠ কৰোতে অসুবিধা হলেও দৈনিক যেতিয়া কৰিব উচ্চাৰণৰ আসোঁৱাহ দূৰ হৈ পৰিব। মন্ত্ৰ পাঠ কৰোতে কিন্তু দুই চকুৰ মাজত ধ্যান ৰখা দৰকাৰী। প্ৰথম প্ৰথম এই মন্ত্ৰ শুনি শুনি উচ্চাৰণ শুদ্ধ কৰি লব পাৰে, আৰু এই মন্ত্ৰ সম্পূৰ্ণ আস্থা আৰু মনোযোগ দি শুনিলেও বহু সুফল পোৱা যায়। নিয়মিত ২১ দিন এই মন্ত্ৰ পাঠ কৰক তাৰ পিছতে সুফল পোৱা আৰম্ভণি হ’ব।