সকলোৰে মনত প্রশ্ন যে কিয় সদায় ভাল মানুহৰ সৈতে সদায় বেয়া হয় ? কিয় ভাল মানুহ বেছিদিন জীয়াই নাথাকে ? যিমানে পূজা পাঠ নকৰো, যিমানেই ভক্তি নকৰো সকলোতে কিছুমান মানুহৰ দুখ বেদনা দূৰ নহয় আনহাতে যিসকলে ঈশ্বৰৰ ভক্তি নকৰে তেওঁলোকৰ সৈতে সর্বদা ভাল হয়, জীৱনত সুখ শান্তি হয়, তেওঁলোকৰ জীৱনত কোনো অভাৱ নহয়, কিয় হয় এনেকুৱা ?
আৰু এনেবোৰ প্ৰশ্নৰ উত্তৰ নাপায় আজিৰ কিছু যুৱসমাজ নাস্তিক হ’বলৈ ধৰিছে। তেওঁলোকৰ মনত এটাই প্ৰশ্ন যদিহে সঁচাকৈ ভগৱান আছে তেন্তে কত আছে ? কিয় ভগৱানে ভাল মানুহক সহায় নকৰে ; আনহাতে যিয়ে অন্যায় কৰে, ভগৱানক নিবিচাৰে তেওঁলোকে কিয় বহুত সুখত থাকে ; আনকি যিসকল ভাল মানুহ তেওঁলোক প্ৰথমে পৃথিৱীৰ পৰা গুচি যায়, সেয়া ভগৱানৰ কেনেকুৱা আৰু কি বিচাৰ!
এটি পুৰণি সময়ৰ কথা, এজন মহান গুৰুৰ দুজন শিষ্য আছিল ; দুজনৰ এজন শিষ্য আছিল পৰম ঈশ্বৰ ভক্ত আৰু তেওঁ কিবা খোৱাৰ আগতে সদায় ঈশ্বৰক অৰ্পণ কৰিহে খাইছিল। পবিত্ৰ স্নান কৰি তেওঁ প্ৰতিদিনে ঈশ্বৰৰ পূজা অৰ্চনা কৰিছিল , সদায় গুৰুৰ কথা নিজৰ মগজুত একান্তৰে সোমাই লৈছিল। অন্যহাতে আন জন শিষ্য আছিল সম্পূৰ্ণ বিপৰীত ; সদায় মিছা কথা কৈছিল, মদ্যপান কৰিছিল, পৰস্ত্ৰী গমন কৰিছিল, গুৰুৰ কথা সদায় অমান্য কৰিছিল আৰু ঈশ্বৰ ভক্তি আছিল তেওঁৰ শূণ্য। এনেতে যেতিয়া এদিন বাধ্য শিষ্যজন ঈশ্বৰৰ পূজা অৰ্চনা কৰি নিজ গৃহলৈ উভটিছিল হঠাৎ উজুটি খাই ভৰিৰ আঙুলি কাটি গৈ প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হ’বলৈ ধৰিছিল আনহাতে ঠিক একে সময়ত অইন শিষ্যজন যেতিয়া পৰস্ত্ৰী গমন কৰি ঘৰলৈ উভতিছিল, তেওঁ এটি স্বৰ্ণ মুদ্ৰা পথৰ দাঁতিত পৰি থকা পাইছিল আৰু তাকে শুনি প্ৰথম শিষ্যজন আচৰিত হৈ পৰিছিল !
সমগ্ৰ নিশা ভাবি চিন্তি প্ৰথম শিষ্যজনে উপায়ন্তৰ হৈ নিজৰ গুৰুক পিছদিনা ৰাতিপুৱাই সকলো কথা অৱগত কৰিলে ; গুৰুৱে শিষ্যৰ ফালে আচৰিত ভাৱে হুমুনিয়াহ কাঢ়ি চালে আৰু উত্তৰ দিলে, ” হেৰৌ মোৰ একান্ত বাধ্য শিষ্য, যোৱাকালি তোমাৰ মৃত্যুযোগ আছিল কিন্তু তুমি বাছি আছা তাৰ পিছতো”। শিষ্যই আচৰিত হৈ সুধিছিল, ” গুৰু এয়া কেনেকৈ সম্ভৱ ” ? গুৰুৱে উত্তৰত আকৌ কৈছিল, ” হেৰা মোৰ শিষ্য বধু , ঈশ্বৰে তোমাৰ মৃত্যু হয়তো পিছুৱাই লৈ গৈছে তোমাৰ ঈশ্বৰৰ প্ৰতি অগাধ ভালপোৱা আৰু পূজা অৰ্চনাৰ বাবে তোমাৰ মৃত্যুৰ যোগ সামান্য দুৰ্ঘটনালৈ পৰিবৰ্তন হৈছে যোৱাকালি যাৰ বাবে তুমি বাছি আছা আজিলৈকে ; আৰু যাৰ কথা তুমি কৈছা স্বৰ্ণমুদ্ৰা পোৱা বুলি তেওঁৰ যোৱাকালি পূৰ্বজনমৰ কৰ্মৰ ফলত গুপ্তধন পোৱাৰ যোগ আছিল কিন্তু তেওঁ কৰি থকা বেয়া কৰ্মৰ বাবে সকলো ধন নষ্ট হোৱাৰ বাবে তেওঁ মাত্ৰ এটা স্বৰ্ণমুদ্ৰাহে লাভ কৰিছে”।
কিছুমান শিশু গৰ্ভতে অনেক যন্ত্ৰণা কিয় ভোগে – গৰ্ভগীতা বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ” মই কাৰো কৰ্মত হস্তক্ষেপ নকৰো, মানুহে যি ভোগ কৰে সেয়া তেওঁৰ কৰ্মফলহে ; সেয়া পূৰ্বজন্মৰ অথবা পৰজনমৰ”। ইয়াৰ পৰাই বুজা যায় যে নিজৰ কৰ্মফল অনুযায়ীহে মানুহৰ মৃত্যু আৰু মৃত্যুৰ পিছত তেওঁ আকৌ কোন যোনি প্ৰাপ্ত কৰিব ; নিজৰ কৰ্মফল হেতু নিৰ্ধাৰণ হয় কোনে কেতিয়া মান সন্মান যশস্যা লাভ কৰিব , কোনে কেতিয়া অপমানিত হ’ব , কাৰ অৰ্থলাভ হ’ব, কাৰ অৰ্থৰ বিনাশ হ’ব । ভাল, সৎ আৰু উপকাৰী লোক এজনো কম বয়সতে সংসাৰ এৰি যাব লাগিব পাৰে নিজৰ পূৰ্বজনমৰ কৰ্মফলৰ বাবে আৰু পাপী এজনে বিলাসী আৰু দীৰ্ঘায়ু জীৱন প্ৰাপ্তি কৰিব পাৰে তেওঁৰ পূৰ্ব জন্মৰ কৰ্মফলৰ বাবে ।