secretes of good health

সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হোৱাৰ ৰহস্য – ভগৱান শ্ৰীকৃষ্ণ অমৃত বাণী।

  মানুহে সম্পুৰ্ণ সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হ’বলৈ কি কৰিব লাগিব ? পৃথিৱীৰ সকলো ধৰ্মৰ ধৰ্ম গ্ৰন্থ সমূহত উল্লেখ আছে যে মানুহে যদি খুব সৰু সৰু বিষয় কেইটামানৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰে তেতিয়া সদায় তেওঁ সুস্থ থাকিব পাৰে, সদায় সুখত থাকিব পাৰে আৰু কোনো অশান্তি কেতিয়াও তেওঁৰ জীৱনত বিৰাজ নকৰে, বিন্দু মাত্ৰা দুখেও তেওঁক চুব নোৱাৰিব আৰু তেঁওৰ মনত সদায় শান্তি বিৰাজ কৰিব।

time period of successHow to win life battle

ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাৰ পঞ্চম অধ্যায়ৰ ২৪ নং শ্লোকত উল্লেখ কৰিছে যে , ” যি ব্যক্তিয়ে নিজৰ আত্মাক উপলব্ধি কৰিব পাৰে, নিজৰ আত্মাক জানিব পাৰে, যাৰ জীৱনৰ প্ৰধান লক্ষ্য হৈছে নিজকে জানা তেৱেঁই জীৱনত পৰম সুখ অনুভৱ কৰে আৰু তেঁৱে ব্রহ্মে অৱস্থিত হৈ ব্ৰহ্ম নিৰ্বাণ লাভ কৰে”। অৰ্থাৎ আত্মজ্ঞান লাভৰ মাধ্যমত আমি নিজকে সুখী সৌভাগ্য মণ্ডিত আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰো। আৰু তাৰ বাবেই আমি প্ৰত্যেকেই প্ৰত্যেকদিন কিছু বিশেষ বিষয় মানি চলা দৰকাৰী ; যাৰ প্ৰথম বিষয় হৈছে ব্ৰহ্ম মুহূৰ্ততে ক্ৰিয়া। সকলো ধৰ্মতে এই ব্ৰহ্ম মুহুৰ্তৰ ক্ৰিয়াক গুৰুত্ব প্ৰদান কৰা হৈছে, এই ব্ৰহ্ম মুহূৰ্ত হৈছে সৃষ্টিকৰ্তা ৰ সময় , সূৰ্য্য উঠাৰ কমেও 48 মিনিট আগৰ পৰা সেইফালে সৰ্বোচ্চ প্ৰথম প্ৰহৰ বা সৰ্বব্যাপী তিনি ঘণ্টা সময়ক ব্ৰহ্ম মুহূৰ্ত ধৰা হয়, যি সময়কালক দিনটোৰ সৰ্বোচ্চ সময় মান্যতা দিয়া হয় আৰু যাৰ বাবেই প্ৰতিটো ধৰ্মতে এই সময়ৰ ভিতৰত শুই উঠাৰ কথা স্পষ্ট কৰিছে। আৰু এই পৰম শুভ মুহূৰ্তত যদি কোনো ব্যক্তিয়ে টোপনিৰ পৰা উঠি ঈশ্বৰৰ আৰাধনাত নিজকে নিয়োজিত কৰে , ভগৱানৰ ওচৰত যদি নিজৰ মনৰ নিবৃত্তি জনাই তেতিয়া সেই মিনতি ভগৱানে নিশ্চয়কৈ পূৰণ কৰে।

WORSHIP AND SIN

আধুনিক চিকিৎসা বিজ্ঞানত কোৱা হৈছে যে এই ব্ৰহ্ম মুহূৰ্তত মানুহৰ সমস্ত শৰীৰ এক সমতুল্য অৱস্থাত থাকে আৰু সেই সময়ত মানুহৰ পিনীয়াল গ্ৰন্থিৰ পৰা এবিধ হৰম’ন “মেলাটনিন” ( melatonin ) ক্ষৰণ হৈ থাকে; যিয়ে মনক স্থিৰতা দিয়ে, মানসিক চাপমুক্ত কৰে, মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, আৰু সৰ্বোপৰি মানুহৰ কুণ্ডলীনী শক্তিক জাগ্ৰত কৰে।

দ্বিতীয় যি কথা কোৱা হৈছে যিটো ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাৰ ষষ্ঠ অধ্যায়ৰ ২২ নং আৰু ২৪ নং শ্লোকত কৈছিল, ” নিয়মিত যোগাভ্যাস ৰ কথা “। অবিচলিত অধ্যাৱসাই আৰু বিশ্বাসেৰে যি লোকে প্ৰতিদিনে যোগ অনুশীলন কৰে সেই ব্যক্তিয়ে নিজৰ শৰীৰ মন আৰু আত্মাক বুজিবলৈ সক্ষম হয়, তেওঁ জৰ জগতে সমৃদ্ধ সকলো দুখ, দুৰ্দশাৰ পৰা প্ৰকৃতাৰ্থত মুক্তি লাভ কৰে।

তৃতীয় বিষয় হৈছে নিজকে প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰা। বৰ্তমান সময়ত অধিকাংশ মানুহে এই বিষয়ে পাহৰি গৈছে, আজি কিমান জন মানুহ আছে যিয়ে দিনটোৰ কিছু সময় হলেও প্ৰকৃতিৰ সান্নিধ্য বিচাৰে, পৰিবৰ্তে অধিকাংশ লোকে নিজকে এয়াৰ কণ্ডিচন চলাই গৃহবন্দী কৰিছে, ফলত মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমশঃ কমি গৈ থাকে ; অথচ সনাতন ধৰ্মই নহয় পৃথিৱীৰ সকলো ধৰ্মতে কোৱা হৈছে যে সপ্তাহত কমেও তিনি চাৰিদিন অতি কমেও ১৫ -২০ মিনিট সময় প্ৰকৃতিৰ সান্নিধ্যলৈ যোৱা প্ৰয়োজন। সেই সময় খিনিত গছ ৰোপন কৰক, গছৰ পৰিচাৰ্য কৰক আৰু যদি নোৱাৰে তেনেহলে গছৰ গুৰিত বহি ঠাকক। আৰু যদিহে প্ৰকৃতিৰ সান্নিধ্যত যোগাভ্যাস কৰিব পাৰে সেয়া আৰু উত্তম।

greatness of life

ভগৱানৰ এই সংকেত যদি আহে তেন্তে জীৱন মালামাল ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

ভগৱানৰ এই সংকেত যদি আহে তেন্তে জীৱন মালামাল !

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী।

চতুৰ্থ যি বিষয় কোৱা হৈছে সেয়া শ্ৰীমদ্ভাগবত গীতা ৰ ৬ নং অধ্যায়ৰ ১৭ নং শ্লোকত কোৱা হৈছে, ” যিয়ে পৰিমিত আহাৰ বিহাৰ কৰে , যিয়ে পৰিমিত প্ৰয়াস কৰে যাৰ নিদ্ৰা আৰু জাগৰণ নিয়মিত ৰাখিবলৈ যত্ন কৰে, তেওঁ সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু জাগতিক দুখৰ নিবৃত্তি সাধন কৰিবলৈ সক্ষম হয়”। সেয়ে সদায় পৰিমিত আহাৰ, পৰিমিত নিদ্ৰা আৰু আহাৰৰ তালিকাত প্ৰচুৰ পৰিমাণে ফলমূল আৰু সেউজীয়া শাক পাচলি থকা দৰকাৰী ; আৰু সদায় ৮০% উদৰ পূৰণ হলেই আহাৰ পৰিত্যাগ কৰা উচিত।

relationship tipsDAUGHTER IN LAW AND MOTHER IN LAW RELATIONSHIP

শেষত যি বিষয়ৰ কথা কোৱা হৈছে সেয়া হৈছে, ” বৰ্তমানত জীয়াই থাকিবলৈ চেষ্টা কৰা আৰু সদায় কৃতজ্ঞতা প্ৰকাশ কৰা”। জীৱনত যি পাইছে সকলো খিনিৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ থকা দৰকাৰী, কৃতজ্ঞ হওঁক নিজৰ আশে পাশে থকা মানুহৰ ওচৰত যিয়ে আপোনাৰ সৈতে বুজাবুজি কৰিছে আপোনাক সহায় কৰিছে ; তেওঁলোকক ধন্যবাদ দিয়ক, তেওঁলোকৰ সৰু বৰ কামৰ প্ৰশংসা কৰক, ধন্যবাদ জনাওক সেই সমস্ত বিষয় বস্তুক যিয়ে আপোনাৰ দিনটোক সুন্দৰ কৰে আপোনাক উজ্জীৱিত কৰি ৰাখে। আৰু সদায় বৰ্তমানত থাকক আৰু সক্ৰিয় থাকক লগতে নিজৰ কৰ্ম ও কৰ্তব্যত নিষ্ঠাৰে বৰ্তি হৈ থাকক , দেখিব ভগৱানে আপোনাক সদায় সুস্থ কৰি ৰাখিব আপুনি দীৰ্ঘায়ু প্ৰাপ্ত কৰিব।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *