সকলো মা দেউতাৰ ইচ্ছা থাকে নিজৰ সন্তানক মানুহ হিচাপে , এগৰাকী সুসন্তান , এগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়াৰ। তাৰে কিছুমান অভিভাৱক এই ক্ষেত্ৰত সফল হয় আৰু কিছুমানে ভাগ্যক দোহাই দি হাত সাৱটি বহি যায় অসফল হৈ ।
এটি শিশুৰ জীৱন জন্মৰ পিছৰ কেইবছৰমান যাদুৰ দৰে পাৰ হৈ যায়, যি সময় শিশু হাঁহি ধেমালি আৰু খেল ধেমালিৰে কটোৱাৰ সময়। কিন্তু মনত ৰাখিব এই সময়খিনিতে শিশুৰ সম্পূৰ্ণ মানসিক বিকাশ ঘটে আৰু ভৱিষ্যতে সেই শিশু মা দেউতা, পৰিয়াল, সমাজ ব্যৱস্থা আৰু পৃথিৱীৰ বাবে কি কৰিব তাৰ ভেটি স্থাপন হয়। এই সময়খিনিত শিশুৰ সৈতে ঘটি যোৱা সৰু ডাঙৰ ঘটনা প্ৰবাহে শিশুৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। লগতে বহু শিশুৰ ওপৰত মা পিতাৰ আচৰণে প্ৰবল প্ৰভাৱ বিস্তাৰ কৰে। ইফালে বহু শিশুৰ প্ৰতি মা পিতাৰ আচৰণৰ এখন বিপৰীত চিত্ৰ দেখা যায় যাৰ ফলত মা পিতাই ভবিষ্যতে নিজৰ দোষ সমূহৰ বাবে অনুশোচনা কৰিব লগীয়া হয়, ফল ভুগিব লগীয়া হয়। আহক জানো কি কি হ’ব পাৰে বিপৰীত চিত্ৰসমূহ ,,
১) শিশুৰ প্ৰতি সজাগ দৃষ্টি নিদিয়া :- শিশুৰ পৰা প্রাপ্তবয়স্ক হ’বলৈ শিশুক মা পিতাৰ সান্নিধ্যৰ অতি প্ৰয়োজনীয়। সেয়ে মা পিতাই শিশু সন্তানৰ সৈতে যোগাযোগ বৃদ্ধি কৰা দৰকাৰী। শিশুৰ সৈতে মা পিতাৰ যোগাযোগৰ অভাৱে শিশুক অকলশৰীয়া অনুভৱ কৰাই আৰু তাৰ ফলত শিশুৰ ক্ষুদ্ৰ মনে যি ইচ্ছা কৰে তাকে কৰিবলৈ আৰম্ভণি কৰে। আৰু সেইদৰে নিজৰ ইচ্ছা মতে কৰি যাওঁতে যিহেতু শিশুয়ে ভাল বেয়া আৰু জীৱন সম্পৰ্কে একো নাজানে , তেওঁলোকে এনে কিছুমান ভুল কৰি পেলাই যিবোৰে শিশুৰ ভৱিষ্যত জীৱন নিঃশেষ কৰিবলৈ আগবাঢ়ে।
২) শিশুৰ সৈতে আলিংগন :- ভিন্ন গৱেষণাত প্ৰকাশ যে শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে মা পিতাৰ আলিংগন এক মহৌষধ। ব্যস্ততা আৰু অজ্ঞাতে বহু মা পিতাই শিশুক আলিংগন কৰিবলৈ পাহৰি যায় যিয়ে শিশুৰ মনত শূন্যতা বোধ কৰাব পাৰে।
৩) শিশুৰ সৃজনশীলতাৰ প্ৰতি লক্ষ্য নিদিয়া :- এইটো কোৱা হোৱা নাই যে অভিভাৱকে শিশুৰ সৃজনশীলতাক গুৰুত্ব প্ৰদান কৰিলেই শিশু এটি ডাঙৰ হৈ খুব নাম কৰা সংগীত শিল্পী হৈ পৰিব অথবা ডাঙৰ খেলুৱৈ আদি হৈ প্ৰতিষ্ঠিত হ’ব ; কিন্তু শিশুৰ সৃজনশীলতা আৰু সৃষ্টিশীলতা খিনি লক্ষ্য কৰি, নজৰ দি শিশুৰ কামক উৎসাহিত কৰিলে যে শিশুৰ ভৱিষ্যতৰ বাবে সুফলদায়ক হ’ব সেয়া ধ্ৰুৱ সত্য। তাৰ ফলত শিশুৰ জীৱন ৰুচিশীল আৰু নান্দনিক হৈ পৰিব। আৰু বিপৰীত হলে শিশু জীৱন সদায় বিকৃত মানসিকতাৰে আগবাঢ়িব, যাৰ ফলাফল মাতা পিতাই এদিন ভুগিব লাগিব। সেয়ে কোৱা হয় শিশুৰ সৰু সৰু সৃজনশীলতা আৰু কৃতকাৰ্যক মা দেউতাই সদায় গুৰুত্ব প্ৰদান কৰা দৰকাৰী।
৪) শিশুৰ সৈতে কঠোৰ আচৰণ :- শিশু হয় কোনো অদৃশ্য দেৱী নহয় ; শিশুয়ে ভুল কৰিবই , ভুলৰ পৰা শিক্ষা লৈয়ে শিশু এদিন পৰিপক্ক আৰু প্ৰাপ্তবয়স্ক হৈ পৰে। মাতা পিতাৰ ৰূঢ় আচৰণ আৰু ব্যৱহাৰ কোনো শিশুৱে সহিব নোৱাৰি মনত বিদ্বেষৰ সৃষ্টি হয়। সেয়ে আপোনাৰ শিশুক তিৰস্কাৰ নকৰি কিছু কৌশলৰে তেওঁৰ ভুল আঙুলিয়াই দি বুদ্ধিমানৰ শাৰীত খোজ ৰাখক। অন্যথা মনৰ তিক্ততা বাঢ়ি ভৰপক ললে সন্তানে এদিন পিতৃ মাতৃক এৰি যোৱাৰ দিন আহিব পাৰে।
৫) শিশুসুলভ মনৰ ইচ্ছাক অসন্মান কৰা :- সকলোৱে আমি এই কথা শুনি ডাঙৰ হৈছোঁ, ” এইটো কৰাৰ তোমাৰ বয়স হোৱা নাই, ডাঙৰ হ’লে কৰিবা” । এই কথা সকলো মা দেউতাই শিশু এটি সঠিক পথত পৰিচালিত হ’বলৈ কয়। কিন্তু শিশুৰ মন আৰু ইচ্ছাই তেনে কথাৰ গুৰুত্ব নুবুজে , ফলত হীনমন্য হয়। প্ৰতিদিনে একে কথাই হ’বলৈ ধৰিলে শিশুৰ হীনমন্যতাৰ ফলতে সেই শিশুৰ দ্বাৰা আটাইতকৈ ডাঙৰ ভুল সংঘটিত হ’ব পাৰে। সেয়ে এই বিষয়ত অভিভাৱক খুব সংযত হোৱা দৰকাৰী, শিশুয়ে কৰা ইচ্ছা অযুক্তিকৰ হলেও মা দেউতাই শুনা উচিত আৰু ভালদৰে যুক্তিৰে বুজাই দিয়া উচিত যে সেই কামবোৰ আচলতে বেয়া বা অদৰকাৰী আৰু সেইবোৰ কৰাৰ তেওঁ যোগ্য নহয়।
৬) শিশুৰ আনন্দ আৰু বিনোদনৰ ব্যৱস্থা নকৰা :- কুমলীয়া শিশু মনে সকলো সময়তে আনন্দ, স্ফূৰ্তি বিচাৰে , খেলিব বিচাৰে, হাঁহিব বিচাৰে , ফুৰিবলৈ বিচাৰে। দুখ কষ্টৰে ভাৰাক্ৰান্ত হৈ ডাঙৰ হোৱা শিশু আনন্দ উল্লাসেৰে ডাঙৰ হোৱা শিশু সকলোতকৈ ভৱিষ্যত জীৱনত বহু পিছুৱাই থাকে। দুখ কষ্টত ভাৰাক্ৰান্ত শিশুৰ মগজুৰ বিকাশ সম্পূর্ণ হ’বলৈ নাপায়। সেয়ে এই বিষয়ত মনোযোগ দিয়া অভিভাৱকৰ দায়িত্ব।
সংগীত শিকা শিশুৰ চিন্তাশক্তি , creativity বৃদ্ধি হয়। সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
৭) শিশুৰ গুৰুত্বপূৰ্ণ দিনবোৰত কাষত নথকা :- এনে কিছুমান কথা থাকে যিসমূহ ডাঙৰ লোকৰ বাবে গুৰুত্ব বহন নকৰিলেও শিশুৰ বাবে খুব গুৰুত্বপূৰ্ণ। শিশুৱে মা দেউতাক আটাইতকৈ আপোন বুলি গণ্য কৰে। শিশুৰ জন্মদিন , বিহু, পূজা, ঈদ আৰু কিছু জাতীয় দিৱস আদি শিশুৱে নিজৰ মা দেউতাৰ সতে উদযাপন কৰিবলৈ পছন্দ কৰে । আৰু সেই বিশেষ সময় আৰু বিশেষ দিনবোৰত পিতৃ মাতৃক লগত নাপালে তেওঁলোকে অসহায় বোধ কৰে, সেই একাকীত্বই শিশুক আগ্ৰাসী কৰি তোলে ফলত মা দেউতাৰ প্ৰতি বিশ্বাস হেৰুৱাই।
৮) লোকৰ উপদেশ শুনা আৰু নিজৰ শিশুৰ ওপৰত প্ৰয়োগ কৰা :- এই সংসাৰত ভিন্ন লোকৰ ভিন্ন মতামত ; আৰু সেই নানা বিৰঙী মতামত যদি আপোনাৰ শিশুৰ ওপৰত উপদেশ হিচাপে কোনোবাই ছটিয়াই দিব খোজে সেয়া প্ৰতিহত কৰা দৰকাৰী। সন্তান আপোনাৰ বাবে মূল্যবান , কাৰোবাৰ অযথা উপদেশ আৰু মতামত মূল্যবান নহয়। শিশুক ডাঙৰ দীঘল কৰাৰ পথত যদি কাৰোবাৰ উপদেশ প্ৰয়োজন হয় তেন্তে গুৰু আৰু সেই বিষয়ত পাৰদৰ্শিতা থকা লোকজনৰ ওচৰলৈহে যোৱা উচিত। আৰু মনত ৰখা ভাল যে ফ্ৰী উপদেশ কেতিয়াও কামত নালাগে।
POPULAR ASSAMESE VIDEO
Boriya