SUICIDE CAUSE

  মানুহৰ মুখৰ পৰা সদায় শুনা যায় যে ভগৱানে যি বিচাৰে সেইটো হ’ব অৰ্থাৎ এই পৃথিৱীত সেয়াই হয় যিটো বিধাতাৰ দ্বাৰা ৰচিত। যাৰ কপালত বিধাতাই যি লিখিছে তাক কেতিয়াও খণ্ডন কৰিব নোৱাৰি । ইয়াৰ উপৰিও মানুহৰ জীৱনত কিছুমান এনে ঘটনা ঘটিব ধৰে যেনে আত্মহত্যা, দুৰ্ঘটনা আদি, যাৰ পৰা আমি ভাবিবলৈ বাধ্য হওঁ যে সকলো কি ঈশ্বৰৰ দ্বাৰাই ৰচিত নেকি , সকলো ঈশ্বৰৰ দ্বাৰাই সম্পাদিত হয় নেকি , নে এইসমূহৰ পিছতো কিবা অন্যান্য সত্য লুকাই আছে ? বিশেষকৈ যেতিয়া আমি কাৰোবাৰ আত্মহত্যাৰ কথা শুনিবলৈ পাওঁ তেতিয়া আমাৰ মনত এই প্ৰশ্নটো উদয় হয় যে সত্যকৈ ইয়াৰ পিছতো ভগৱানৰ ইচ্ছা আছিল নে কোনো অইন ৰহস্য লুকাই আছে ?

ROAD TRAFFIC ACCIDENT CAUSES

ওপৰৰ কথাৰ ৰহস্য বুজিবলৈ হ’লে আমি প্ৰথমে “কৰ্মৰ সিদ্ধান্ত” ভালদৰে বুজিব লাগিব। বহু মানুহে বিশ্বাস কৰে যে মানুহৰ জীৱন কালত যি হয় সকলো নিজৰ প্ৰাৰদ্ধ কৰ্ম অনুসৰি হয়, অৰ্থাৎ যি হ’বলৈ আছে সেয়া হবই ; কিন্ত বাস্তৱত সেয়া নহয়। শ্ৰীমদ্ভাগবত গীতা অনুসৰি কৰ্মৰ আধাৰত আত্মাৰ পৰৱৰ্তী জনম নিৰ্ধাৰিত হয়, আৰু কোন যোনিত কাৰ পুনঃ জন্ম হ’ব সেয়া নিশ্চিত হয় কৰ্মৰ ভিত্তিত।

SPIRITUAL LESION

মানুহে জন্মৰ পিছৰ পৰাই নিৰন্তৰ কৰ্ম কৰি যায়, আনকি টোপনিৰ সময়তো মানুহে কৰ্ম কৰি গৈ থাকে, কৰ্মৰ সম্বন্ধ থাকে মানুহৰ মন, শৰীৰ , মস্তিষ্ক আৰু চিত্ত অৰ্থাৎ চিন্তা ভাৱনাৰ গতিৰ ওপৰত , আৰু মৃত্যুৰ আগ মুহূৰ্তলৈ এই গতি কেতিয়াও হ্ৰাস নহয়, মানুহৰ এক কৰ্মৰ গতিৰ পৰা পৰৱৰ্তী কৰ্মৰ গতি নিৰ্মাণ হয় । মানুহে নিজৰ শৰীৰ, বাণী অৰ্থাৎ বচন আৰু মনৰ পৰা কৰা যিসমূহ ক্ৰিয়া সম্পাদন কৰে তাকে সমূদাই কৰ্ম বুলি কোৱা হয়।

Remember four legendry woman in the morning to be worthy in life

আৰু সেই কৰ্ম মূলতে তিনি প্ৰকাৰৰ প্ৰথমে সঞ্চিত, প্ৰাৰদ্ধ আৰু ক্ৰিয়ামান। অনেক জন্ম একত্ৰিত হৈ কৰা কৰ্মক সঞ্চিত কৰ্ম বোলা হয়, ইয়াৰ মাজত পূৰ্বজন্মৰ কৰ্মও সোমাই থাকে আৰু লগতে বৰ্তমানৰ কৰ্ম যুক্ত হৈ যায়। এই সঞ্চিত কৰ্মৰ যি ভাগ বা অংশ মানুহে জীৱিত কালত ভুগিব লাগে সেই কৰ্মক প্ৰাৰদ্ধ কৰ্ম বোলা হয়। এই প্ৰাৰদ্ধৰ ওপৰতে নিৰ্ভৰ কৰে মানুহ কত আৰু কোন যোনিত পুনৰ জন্ম লয় , কোন পৰিয়ালত জন্ম হ’ব আৰু তেওঁৰ সৈতে কি কি ঘটনা ঘটিবলৈ গৈ আছে। তৃতীয় যি কৰ্ম সেয়া হৈছে ক্ৰিয়ামান কৰ্ম আৰু সেয়া হৈছে এই মুহূৰ্তত মানুহে কি কৰিছে, আৰু সমস্ত কৰ্মৰ ভিতৰতে এই ক্ৰিয়ামান কৰ্ম বহুত বেছি গুৰুত্বপূৰ্ণ। কিয়নো ঈশ্বৰে মানুহৰ সঞ্চিত কৰ্মৰ পৰা মানুহৰ প্ৰাৰদ্ধ নিৰ্ধাৰণ কৰিলেও মানুহৰ এই ক্ৰিয়ামান কৰ্মৰ ওপৰত মানুহৰ নিজৰ নিয়ন্ত্ৰণ থাকে।

SUICIDE

ভগৱানে পূৰ্বজন্মৰ আধাৰত জীৱক যি পৰিস্থিতি দিয়ে তাৰ ওপৰত জীৱৰ দখল নচলে, জীৱনৰ সঞ্চিত কৰ্মৰ ওপৰত ভিত্তি কৰি ভগৱানে জীৱকুলক বিভিন্ন পৰিস্থিতিৰ বাৰে বাৰে মুখামুখি কৰাই । কিন্ত ঈশ্বৰে মানুহক মনুস্থিতি প্ৰদান কৰিছে, যিটো কেৱল মাত্ৰ মানুহৰ হাতত থাকে ঈশ্বৰৰ হাতত নহয়। এই মনুস্থিতি মানুহে যিভাৱে কামত লগাব, যেনেদৰে ব্যৱহাৰ কৰিব সেয়াই হ’ব , ঈশ্বৰে বাধা প্ৰদান নকৰে, আৰু তাৰ পৰিনামো এই মনুস্থিতি ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰিব।

How to be positive

যেতিয়া কোনো মানুহ দুখ আৰু কষ্টত ভোগে তেতিয়া তেওঁৰ মনুস্থিতিয়ে কয়, ” হৈছে, মোৰ জীৱনত আৰু একো নাই, সকলো শেষ হৈ গল ” , আৰু সেই মুহূৰ্ত বা অৱস্থাত মানুহৰ আত্মহত্যাৰ ইচ্ছা জাগ্ৰত হয় আৰু আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰে। কিন্ত সেই দুখ কষ্টৰ মুহূৰ্ততো মানুহৰ লগত ভগৱানৰ আৰাধনা, ভক্তি আৰু ধ্যানৰ বিকল্প যে থাকে তাক পাহৰি যায়। সেই স্পৰ্শকাতৰ মুহূৰ্তত মানুহে কি সিদ্ধান্ত লয় সেয়া সেই লোকজনৰ ওপৰতে নিৰ্ভৰ কৰে। মনত ৰখা উচিত যে পৰিস্হিতিক মানুহে সলনি কৰিব নোৱাৰে কিন্ত মনুস্থিতিক সলনি কৰিব পাৰে আৰু এই কথাৰ দ্বাৰা প্ৰমাণিত যে মানুহে আত্মহত্যাৰ সিদ্ধান্তৰ পৰা নিজে আঁতৰি আহিব পাৰে। পৰিস্হিতি মানুহৰ প্ৰাৰদ্ধ কৰ্মৰ পৰা আহিব আৰু তাক মানুহে কেনেকৈ গ্ৰহণ কৰিব সেয়া তেওঁৰ ওপৰত নিৰ্ভৰশীল।

Parenting tips

মানুহৰ মনত প্ৰতিদিনে হাজাৰ হাজাৰ চিন্তা আৰু বিচাৰ অহাযোৱা কৰি থাকে, কিছুমান বিচাৰ বাৰে বাৰে আহে কিন্তু কিছু বিচাৰ বাৰ বাৰ চিন্তা ভাৱনা কৰাৰ পিছতো নাহে, যি চিন্তা বা বিচাৰ বাৰে বাৰে আহে তাৰ ওপৰত মানুহৰ সিদ্ধান্ত টিকি থাকে, যাৰ ফলত সেই চিন্তা ও বিচাৰ কৰ্মলৈ পৰিগণিত হয়, আৰু যেতিয়াই মনত সুবিচাৰ আহিব তেতিয়া ভাল কৰ্ম সংঘটিত হ’ব আৰু কুবিচাৰ আহিলে তাৰ ফল আৰু কৰ্ম উভয় বেয়া হ’ব ।

Remember four legendry woman in the morning to be worthy in life

Overthinking ৰ গ্ৰাসত নেকি ? মগজুত Negative চিন্তা আহে নেকি ? মানৱ জীৱনৰ কিছু তিক্ত কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

Overthinking ৰ গ্ৰাসত নেকি ? মগজুত Negative চিন্তা আহে নেকি ?

সেই কাৰণে শাস্ত্ৰত কোৱা হৈছে যদি এই জনম আৰু পৰজনমত সুখত থাকিব লাগে তেতিয়া মন আৰু কৰ্মৰ দ্বাৰা কাৰো অন্যায় কৰিব নালাগে। সুখ আৰু দুখ জীৱনৰ অংগ, জীৱনত কোনো সদায় দুখত নাথাকে, নাথাকে কোনো সদায় সুখত, ভাগ্যৰ নিৰ্মাতা নিজেই, স্বয়ং নিজৰ সুকৰ্মৰ দ্বাৰা পৰিস্থিতি ৰ সৈতে যুজঁ কৰিব লাগিব ; নহলে কেতিয়াবা আত্মঘাতী সিদ্ধান্ত লব লগা হ’ব পাৰে। আৰু আত্মহত্যা কেতিয়াও ভগৱানৰ ইচ্ছা নহয়, সেয়া হৈছে মানুহৰ মনুস্থিতি সলনি কৰাৰ অসক্ষমতাৰ কুফলহে।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *