destruction of earth theory and belief

কি কি কাৰণত কলিযুগ ধ্বংস হ’ব ? তাৰ পিছত কি হ’ব ! – ৰহস্য।

  এই পৃথিৱীৰ সৃষ্টিকৰ্তা স্বয়ং ভগৱান শ্ৰীবিষ্ণুই কৈছিল যে কলিযুগৰ ধ্বংস হ’ব আৰু এইটোও কৈছিল কেনেকৈ ধ্বংস হ’ব । লগতে কৈছিল যে যেতিয়াই কলিযুগত পাপ আৰু পাপীৰ বোজা বেছি হ’ব তেতিয়াই ব্ৰহ্মা , বিষ্ণু আৰু মহেশ্বৰ একেলগ হৈ কলিযুগক ধ্বংস কৰি দিব ।

destruction of earth theory and belief

পুৰাণত থকা তথ্য অনুসৰি সৰ্বপ্ৰথম ধ্বংস আৰু প্ৰলয় আৰম্ভ হ’ব পানীৰ পৰা, তাৰ পিছত প্ৰলয় হ’ব অগ্নিৰ পৰা , তাৰ পিছত বায়ুৰ আৰু শেষত প্ৰলয় ঘটিব পৃথিৱীৰ। যাৰ ফলত পাপী আৰু পাপে ভৰা পৃথিৱী বিনষ্ট হৈ লাহে লাহে পুনৰ এক নতুন যুগ আৰু নতুন দিগন্তৰ আৰম্ভণি হ’ব যি যুগত সকলো সুন্দৰ আৰু সত্য – সততাৰে ভৰি পৰিব।

destruction of earth theory and belief

ভগৱান শ্ৰীবিষ্ণুই কৈছিল এই কলিযুগৰ পতন প্ৰথমে নাৰীৰ চুলিৰ পৰা আৰম্ভণি হ’ব , যি চুলিক নাৰী জাতিৰ আভূষণ বুলি কোৱা হয় । তেওঁ কোৱা অনুসৰি কলিযুগৰ শেষ ভাগত নাৰীয়ে নিজৰ চুলি কটাব আৰু সেই চুলিত ভিন্ন ৰঙৰ ৰঙীন ৰং সানিব, পুৰুষ সকলেও নিজৰ চুলিত ৰং সনাৰ প্ৰতিযোগিতা কৰিব , কলিযুগৰ শেষত কোনো নাৰী আৰু পুৰুষৰ চুলি ক’লা আৰু দীঘলীয়া দেখা নাযাব লগতে পুৰুষৰ চুলি সৰা সমস্যা দ্ৰুতগতিত বৃদ্ধি হৈ পুৰুষ টকলা হৈ পৰিব।

Few tips to control and manage your abuse child

স্বামী বিবেকানন্দৰ পৰা শিকো আহক তিনিটা মহৎ কথা ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

স্বামী বিবেকানন্দৰ পৰা শিকো আহক তিনিটা মহৎ কথা !

লগতে কৈছিল যেতিয়াই কোনো পিতাৰ ওপৰত পুত্ৰই হাত তুলিব জানিব সেয়াই ঘোৰ কলিযুগ ; সেই সময়ত ঘৰে ঘৰে কলংক আৰু অপবাদ থাকিব, সমাজৰ সকলো লোকে কাৰো সতে একতাৰে থাকিব পছন্দ নকৰিব, মানুহে নিজৰ ঘৰত নিজৰ আপোনজনক হত্যা কৰিবলৈ দ্বিধাবোধ নকৰিব, কোনোৱে সঁচা কথা নকব, মিছা কথাৰ সদায় প্ৰতিযোগিতা হ’ব আৰু মিছাৰ জয় হ’ব ; স্ত্ৰীয়ে স্বামীক, পুত্ৰই দেউতাক মিছা কব, অসৎ মানুহৰ নাম আৰু যশ বাঢ়িব। কলিযুগৰ শেষ ভাগত সৎ মানুহৰ সংখ্যা অতি নগন্য হৈ পৰিব ; এই যুগৰ শেষৰ ফালে কুমাৰী ছোৱালী একেবাৰে অসুৰক্ষিত হৈ পৰিব, কলিৰ শেষভাগত কুমাৰী ছোৱালীৰ নিজৰ ঘৰতে বস্ত্ৰহৰণ হ’ব অৰ্থাৎ আপোন ভাই ককায়ে কুমাৰী ছোৱালীৰ সন্মান নাৰাখিব , কলিযুগৰ শেষৰ ফালে মানুহ বিবাহপাশত বহিব যদিও ইজনে সিজনৰ ওপৰত বিশ্বাস নাৰাখিব , সদায় স্বামী স্ত্ৰী অশান্তিত থাকিব।

punishment in hellLucky girl characters

কলিযুগৰ শেষৰ ফালে মানুহৰ গড় আয়ুস মাত্ৰ ৩০ -৪০ হৈ পৰিব, কিয়নো এই সময়ত মানুহৰ অকাল মৃত্যু বেছি হ’ব , মৃত্যু ভয়ংকৰ ভাবে হ’ব, মানুহে ঠগ আৰু প্ৰবঞ্চনা বেছিকৈ কৰিব, মানুহে ধনী হ’বলৈ ইজনে আনজনক হত্যা কৰিব, আত্মীয় স্বজনক বিশ্বাসঘটকতা কৰিব মানুহে, আইনৰ সুব্যৱস্থা নাইকিয়া হৈ পৰিব, অতি সাধাৰণ মানুহেও আইন আদালতক ভয় নকৰা হৈ পৰিব।

SPIRITUAL KNOLEDGESWAMI VIVEKANANDA LESIONS

কলিযুগৰ শেষৰ ফালে মানুহৰ অভাৱ আৰু দুৰ্দশা হ’ব, গছ থাকিব ফল নাথাকিব, মাটি থাকিব কিন্তু ফচল নাথাকিব, কিছু মানুহ ভোক আৰু তৃষ্ণাত চটফটাই মৰি যাব।

পুৰাণ ত স্পষ্টকৈ উল্লেখ আছে যে যেতিয়া এক কন্যা সাত বছৰ বয়সতে মা হ’ব তেতিয়া কলিযুগে তাৰ চৰম সীমা অতিক্ৰম কৰিব ; আৰু তেতিয়াই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই ট্ৰিদেৱ একত্ৰিত হৈ পাপীৰ ভঁৰাল কলিযুগক ধ্বংস কৰি পেলাব।

POPULAR ASSAMESE VIDEO

 

Share it with:

4 Comments

  1. সত পথত অৱস্থিত মানুহৰ কি হ’ব?

Leave a Reply

Your email address will not be published. Required fields are marked *