punishment in hell

কাৰ মৃত্যুৰ পিছত নৰকত খুব বেছি শাস্তি হয় ! – গৰুড় পুৰাণ ৰহস্য !

 মৃত্যুৰ পিছত মানুহৰ কি হয় , কি নহয় ; সেয়া লৈ সকলো মানুহৰ অনেক প্ৰশ্ন আহি থাকে । মৃত্যুৰ পিছৰ পৰ্যায় আচলতে তিনিটা ভাগত বিভক্ত প্ৰথম মানুহৰ দ্বাৰা হোৱা সমস্ত ভাল আৰু বেয়া কৰ্মৰ ফল সেয়া এই জনমতে ভুগিব লাগে, দ্বিতীয়তে মৃত্যু হোৱাৰ পিছত মানুহ ৮৪ লাখ যোনিৰ কোনো এক যোনিত কৰ্ম অনুসাৰে জন্ম লবলৈ ধৰে আৰু তৃতীয়তে কিছু মানুহ নিজৰ কৰ্ম অনুসৰি স্বৰ্গ অথবা নৰক ভোগ কৰি থাকে।

punishment in hell

গৰুড় পুৰাণৰ দ্বিতীয় অধ্যায়ত উল্লেখ কৰা অনুসৰি প্ৰেত কাল বা নৰকত অৱস্থান কৰাৰ পিছত যমৰাজে কেনেদৰে শাস্তি প্ৰদান কৰে তাৰ ওপৰত কিছু ৰহস্যময় কথাৰ আলোকপাত কৰা হৈছে,,

punishment in hell

প্ৰথম নৰক হৈছে তামিশ্র ; যি ব্যক্তিয়ে আনৰ ধন সম্পত্তিৰ লোভ কৰে , লোকৰ সম্পত্তি বলপূৰ্বক ভাৱে দখল কৰিব খোজে বা কৰে সেইসমূহ পাপীষ্ঠ লোকৰ বাবে হৈছে এই নৰক। এই নৰকত সেই লোক সকলৰ আত্মা প্ৰৱেশ কৰা মাত্ৰকে পাপীৰ আত্মাৰ ওপৰত যমৰাজে অহৰহ লোহাৰ চাবুকৰে প্ৰহাৰ কৰি থাকিব যেতিয়ালৈকে আত্মা বেহুচ হৈ নাযায়।

দ্বিতীয় নৰক হৈছে অন্ধমিত্ৰম ; যিসমূহ স্বামী- স্ত্ৰীয়ে তেওঁলোকৰ পবিত্ৰ সম্পৰ্কৰ কথা নাভাবি ইজনে অন্যজনক বা ইজনে সিজনক প্ৰতাৰণা কৰে তেওঁলোকৰ আত্মাক এই অন্ধমিত্ৰ নামৰ নৰকলৈ লৈ যায় যমৰাজে। এই নৰকত পাপীৰ আত্মাক অধিক শাস্তি বিহা হয়, ইয়াত পাপীৰ আত্মাক এটি গৰম খুটিত বান্ধি দপদপকৈ জুই জ্বলাই দিয়া হয় যেতিয়ালৈকে আত্মা বেহুচ নহয়।

SECRETS OF LONGEVITY

তৃতীয় নৰক হৈছে ৰাউৰ্বম ; যিসকল লোকে জীয়াই থাকোতে লোকৰ সম্পত্তি ভোগ কৰি সুখ উপভোগ কৰে সেই লোকৰ আত্মা এই নৰকত গমন কৰে। এই নৰকত ৰুৰূ নামৰ নাগিনে আত্মাক ইমান কষ্ট দিয়ে যেতিয়াকৈ সেই আত্মা বেহুচ হৈ নপৰে।

চতুৰ্থ নৰক হৈছে মহাৰৌৰব ; লোকৰ সম্পত্তি ধ্বংস কৰা আৰু দখল কৰা, লোকৰ অধিকাৰ সৰ্ব কৰা আদি মহাপাপ কৰা লোকৰ আত্মাৰ স্থান হৈছে এই মহাৰৌৰব নৰক। এই নৰকত পাপীক প্ৰথমে কেইবাপ্ৰকাৰো বিষাক্ত সাপে দংশন কৰে আৰু তাৰ পিছত পাপীৰ আত্মা বেহুচ হৈ পৰে

Parenting tips

পঞ্চম নৰক হৈছে কুম্ভীপাকম ; যিসকল লোকে নিজৰ আনন্দৰ বাবে নিৰ্বল পশু পক্ষী সমূহ হত্যা কৰে সেই পাপীৰ আত্মাৰ বসতি হৈছে এই নৰক ; এই নৰকত পাপীৰ আত্মাক অতিমাত্ৰা গৰম পানীৰ প্ৰকাণ্ড পাত্ৰত পেলাই দি সিদ্ধ কৰা হয়।

ষষ্ঠ নৰক হৈছে অশীতপাত্ৰ ; যিসমূহ লোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন নকৰে, ধৰ্ম নামানে, ধৰ্মৰ বিৰুদ্ধে কথা কয় সেই লোকৰ আত্মাৰ ঠাই হৈছে এই নৰক। এই নৰকত অশীতপাত্ৰ নামৰ চাবুকৰে পাপীক তেতিয়ালৈ আঘাত কৰা হয় যেতিয়ালৈকে তেওঁ বেহুচ হৈ নপৰে ।

expectations of wife from husband

ইয়াৰ পিছৰ নৰক হৈছে সুকুৰমমুখম ; যি ব্যক্তিয়ে নিৰপৰাধী লোকক কষ্ট দিয়ে, যিয়ে নিজৰ দায়িত্ব ভালকৈ পালন নকৰে, যিয়ে আপোন লোকক অত্যাচাৰ কৰে তেনে লোকৰ স্থান হৈছে এই নৰক। এই নৰকত পাপীৰ আত্মাক ভয়ানক জীৱ জন্তুৰ মাজত এৰি দিয়া হয়, এওঁলোকক মাটিত বেজী পুতি তাৰ ওপৰত শুবলৈ দিয়া হয়।

অষ্টম খন নৰক হৈছে অন্ধকুপম ; এই নৰকত সেইবোৰ লোক যায় যিয়ে ধনবান হৈয়ো দুখীয়াক সহায় নকৰে, যিয়ে সৎ – অসহায় লোকৰ ওপৰত অত্যাচাৰ কৰে । এই নৰকত পাপীক হিংস্ৰ জন্তুৰ সন্মুখত পেলাই দিয়া হয় , এই পাপীক এনে এক কুৱাত পেলাই দিয়া হয় যত ভয়ানক বৃশ্চিক, বাঘ, সিংহ, কুম্ভীৰ, সাপ আদি সকলো একেলগে বিচৰণ কৰে।

নৱম নৰক হৈছে অগ্নিকুণ্ডম ; চোৰ, ডকাইত, যিয়ে অনৈতিক কৰ্ম কৰে তেনে পাপী লোকৰ স্থান হৈছে এই নৰক । এই নৰকত পাপীৰ হাত ভৰি কাটি অগ্নিকুণ্ডত পেলাই দিয়া হয়।

মৃত্যুৰ পিছত স্বৰ্গ আৰু নৰকত কিভাবে থাকে আত্মা ? জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

মৃত্যুৰ পিছত স্বৰ্গ আৰু নৰকত কিভাবে থাকে আত্মা ?

তাৰ পিছৰ নৰক হৈছে কৃমিভোজনম ; যি লোকে অতিথিক অপমান কৰে, নিজৰ প্ৰয়োজনত লোকক ব্যৱহাৰ কৰে, সেই পাপী লোকক এই নৰকত স্থান দিয়া হয়। এই নৰকত পাপীক বিষাক্ত পোক পৰুৱাৰ মাজত এৰি দিয়া হয় ।

POPULAR ASSAMESE VIDEO

Share it with:

1 Comment

  1. Bindukuri Tezpur Assam

Leave a Reply

Your email address will not be published. Required fields are marked *