আমাৰ মানুহৰ জীৱনৰ এটি প্ৰধান সমস্যা হৈছে , ” কেতিয়াবা আমাৰ জীৱনত যি ঘটে তাৰ কাৰণটো আমি বুজি নাপাওঁ ; আৰু তেতিয়া আমি হতাশাত ভোগা আৰম্ভ কৰোঁ, সেইটো ভাবি যে এইটো আমাৰ সৈতে কিয় হৈছে “। নেদেখা জনে আমাৰ সৈতে এনেকুৱা কিয় কৰে বুলি যদি আপোনাৰ মনত প্ৰশ্ন আহিছে ; আপুনি যদি ভাবিছে যে আপোনাৰ সৈতে যি হৈছে সেয়া ভাল হোৱা নাই তেন্তে তলৰ কাহিনীটো মন দি শুনো আহক।
এসময়ত এটি কাছ সমুদ্ৰত বাস কৰিছিল আৰু সমুদ্ৰত থাকোতে কাছটিৰ একো কষ্ট আৰু দুখ নাছিল বৰং অনেক সুখত জীৱন যাপন কৰিছিল কাছটিয়ে। এবাৰ শীতৰ সময়ত সূৰ্য্যৰ কিৰণ দেখি কাছটিয়ে সূৰ্য্যৰ উত্তাপৰ মজা লম বুলি ভাবি সমুদ্ৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল । পোন প্ৰথমে সমুদ্ৰৰ সোঁতত আহি নিজৰ মূৰটো বাহিৰলৈ উলিয়াই দি ওচৰে পাজৰে কোনোবা আছেনে নিৰীক্ষণ কৰিছিল, যেতিয়া বুজি পাইছিল যে আশে পাশে কোনো নাই তেতিয়া কাছটিয়ে সমুদ্ৰৰ বালিৰ ওপৰত খোজ দিবলৈ আৰম্ভ কৰিছিল। আৰু কিছুদূৰ গৈ বালিৰ ওপৰত বহি ৰদৰ মজা লবলৈ আৰম্ভ কৰিছিল । হঠাতে কাছটিয়ে পিছফালে ঘূৰি চাই দেখে যে বালিৰ ওপৰত তাৰ ঠেঙৰ বহুতেই সুন্দৰ সাজ বহিছিল ; আৰু তাকে দেখি কাছটি বহুত সুখী হৈছিল আৰু তাৰ মনত এনে ভাব আহিছিল যেন সেইবোৰ কোনো Architect য়ে আধুনিক কিবা যন্ত্ৰৰেহে আঁকিছে।
ভাবি থাকোতেই হঠাৎ সমুদ্ৰৰ পৰা এটি পানীৰ ঢৌ আহি কাছটিৰ ভৰিৰ সাজ সমূহ মুহূৰ্ততে ধুই লৈ যায়। তাকে দেখি কাছটিৰ খুব খং উঠিছিল সমুদ্ৰৰ ঢৌৰ ওপৰত, কিয়নো কাছটিয়ে ভাবিছিল যে সমুদ্ৰ ঢৌয়ে হিংসা কৰি তাৰ সাজ সমূহ ভাগি দিছে। খং ৰখাব নোৱাৰি কাছটিয়ে সমূদ্ৰক কৈছিল, ” মই তোমাক মোৰ আটাইতকৈ ভাল বন্ধু হিচাপে গ্ৰহণ কৰিছিলোঁ কিন্ত আজি মই বুজি পাইছোঁ যে মই কিমান ভুল কৰি আছোঁ ইমান দিনে বন্ধু জ্ঞান কৰি, বিপৰীতে তুমি মোৰ সুখ দেখি হিংসাহে কৰা “। সমুদ্ৰই কাছটিৰ কথাবোৰ চুপচাপ শুনি আছিল আৰু লাহে লাহে উত্তৰ দিছিল, ” বন্ধু মই যি কৰিছোঁ তোমাৰ ভালৰ বাবেই কৰিছোঁ, তুমি হয়তো নাজানা, কাছ যিয়ে চিকাৰ কৰে সেই চিকাৰীয়ে কাছৰ ভৰিৰ সাজ অনুসৰণ কৰি কাছটিৰ উপস্থিতিৰ স্থান নিৰ্ণয় কৰে আৰু চিকাৰ কৰিবলৈ সক্ষম হয়, আজি যদি মই তোমাৰ ভৰিৰ সাজ সমূহ ধুই নিদিওঁ তোমাক অতি সোনকালে চিকাৰীয়ে চিকাৰ কৰি লৈ গল হেঁতেন। ” লগতে সমুদ্ৰই কৈছিল, ” হে বন্ধু, যদি মই তোমাৰ জীৱন বচাই ভুল কৰিছোঁ তেন্তে মোক ক্ষমা কৰি দিবা”। কথা শুনি কাছটিৰ চকু চকুলোৰে ভৰি পৰিছিল আৰু সি নিজৰ ভুল বুজি পাইছিল যে সি বিনা কাৰণত সমূদ্ৰক বৰ কটু কথা শুনাইছিল আৰু বিপৰীতে সমুদ্ৰই তাক খুব সুন্দৰ ব্যৱহাৰ কৰিছিল।
হাজাৰ সমস্যাক কেনেকৈ নেউচি ৰাষ্ট্ৰপতি কেনেকৈ হ’ল দ্ৰৌপদী মুৰ্মু ? জনিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
সমস্যাক কেনেকৈ নেউচিব শিকক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জীৱনৰ পৰা।
ঠিক একেদৰে আমাৰ জীৱনত যিবোৰ ঘটনা ঘটে হয়তো আমি ভাবি থাকোঁ যে সেইটো আমাৰ বাবে বেয়া হৈছে, কিন্তু যদি আমি ভালকৈ গভীৰ ভাৱে ভাবি চাওঁ বা ভালকৈ বিশ্লেষণ কৰো তেতিয়া দেখিবলৈ পাওঁ যে আমাৰ সৈতে যি হৈ আছে সেয়া ভালৰ বাবেই হৈ আছে। আৰু এই কথাটো কিমান সচাঁ আমি আমাৰ অতীতৰ ফালে উভতি চালে ভালদৰে বুজিব পাৰো। অতীতত যিবোৰ আমাৰ সৈতে বেয়া হৈছিল সেই বেয়া সমূহৰ বাবেই আজি আমি আমাৰ এই ঠাইত আছোঁ। সেয়ে সকলোৱে মনত ৰাখিব লাগে যে যেতিয়া আপোনাৰ ইচ্ছা অনুসৰি একো হোৱা নাই তেতিয়াই জানিব আৰু বুজি লব যে সেয়া নেদেখা জনৰ মতে হৈছে আৰু আমি নেদেখা ভগৱানে আমাৰ কেতিয়াও ক্ষতি কৰিব নিবিচাৰে।
POPULAR ASSAMESE VIDEO