Spiritual thought of life

মা লক্ষ্মী আপোনাৰ গৃহ প্ৰৱেশৰ আগতে কি সংকেত দিয়ে?

  কেইটিমান লক্ষণ বা সংকেত যদি দেখে তেন্তে জানিব যে আপোনাৰ গৃহত অতি শীঘ্ৰে মা লক্ষ্মীৰ প্ৰবেশ ঘটিবলৈ গৈ আছে অৰ্থাৎ আপোনাৰ হাতলৈ ধন টকাৰ আগমন ঘটিবলৈ গৈ আছে কিয়নো মা লক্ষ্মীৰ কৃপা থাকে এই সংকেত সমূহত। কিন্তু ৯৯ % শতাংশ লোকেই এই সংকেত সমূহ নাজানে । আমি সকলোৱে জানো যে যাৰ গৃহত মা লক্ষ্মীৰ কৃপা পৰে তেওঁৰ গৃহ সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে ; সেয়ে আহক জানো কি কি লক্ষণ দেখিলে নিজৰ গৃহত মা লক্ষ্মীৰ প্ৰৱেশ ঘটিব পাৰে,,

Spiritual thought of life

১) ঘৰত বা গৃহৰ চৌপাশে লক্ষ্মী ফেঁচা বা বগা ফেঁচাৰ মাত শুনা বা দেখা :- আমি সকলোৱে জানো যে ৰাতিৰ সময়ত ফেঁচাৰ শব্দ শুনা অত্যন্ত অশুভ কিন্ত বগা বা লক্ষ্মী ফেঁচাৰ মাত শুনা বা লক্ষ্মী ফেঁচা দেখা মানে সেই গৃহত মা লক্ষ্মীৰ আগমন বুলি মান্যতা দিয়া হয়।

tips to build good relationship among family

২) ক’লা পিপৰাই গৃহত বাঁহ লোৱা দেখিলে :- যদিহে ৰঙা বা বগা ধৰণৰ পিপৰাই নিজৰ গৃহত বাঁহ লৈছে আৰু পিপৰা সমূহ তলৰ পৰা ওপৰলৈ অহা যোৱা কৰিছে সেয়া অত্যন্ত অমংগল বুলি বাস্তু শাস্ত্ৰত বিশ্বাস কৰা হয়, কিন্তু যদিহে কলা পিপৰা নিজৰ গৃহলৈ আগমন ঘটিছে বা সেই পিপৰাই গৃহত ঘৰ বান্ধিছে তেন্তে জানিব সেই গৃহত অতি শীঘ্ৰে মা লক্ষ্মীৰ প্ৰৱেশ ঘটিবলৈ গৈ আছে। জ্যোতিষ শাস্ত্ৰত এইটোও উল্লেখ আছে যে যদিহে কলা পিপৰা গৃহলৈ আহি ঘূৰণীয়া হৈ কিবা খাই থকা দেখিছে সেয়া আৰু অত্যন্ত বেছি শুভ। সেই গৃহত অধিক অৰ্থৰ আগমন হ’ব।

Remember four legendry woman in the morning to be worthy in life

৩) চৰাইৰ বাঁহ :- বিভিন্ন হিন্দু শাস্ত্ৰ সমূহত উল্লেখ আছে যে চৰাইৰ বাঁহ যদি নিজৰ গৃহত থাকে সেয়া অত্যন্ত ইতিবাচক কথা। লগতে জ্যোতিষ শাস্ত্ৰতো উল্লেখ আছে যে ঘৰলৈ বা নিজৰ গৃহৰ ওচৰলৈ পশু পক্ষীৰ আগমন খুব শুভ।

benefits of wearing metal bracelet in wrist

৪) নিজ গৃহৰ পৰা বাহিৰলৈ ওলায়ে যদি ঝাড়ু দেখা যায় :- বহু লোকে নিজৰ গৃহৰ পৰা ওলাই যাত্ৰা মুখত ঝাড়ু আদি দেখিলে অশুভ বুলি বিশ্বাস কৰে কিন্ত জ্যোতিষ শাস্ত্ৰ অনুসৰি সেয়া সম্পূৰ্ণ বিপৰীত। নিজ গৃহৰ পৰা ওলায়ে ঝাড়ু বা অন্যান্য চাফা কৰা সামগ্ৰী দেখাৰো আছে সুপ্ৰভাব। সেয়া দেখিলে দিন ভাল হয় আৰু লক্ষ্মীৰ প্ৰৱেশ হয় বুলি মান্যতা দিয়া হয়। কিয়নো এই ঝাড়ুয়ে গৃহৰ পৰা লেতেৰা আৱৰ্জনা দূৰ কৰি গৃহত থকা ঋণাত্মক শক্তি সমূহ দূৰ কৰে।

When to wash the used bed cover ?

৫) নিজৰ গৃহত জেঠী দেখা :- বহুতে জেঠী দেখিলে ভয় কৰে, বহুতে মাৰি পেলাই আৰু বহুতে ঔষধ চটিয়াই খেদি দিয়ে কিন্ত তেনে কৰিলে মা লক্ষ্মী দেৱীৰ প্ৰৱেশ নিষিদ্ধ হৈ পৰিব। গৃহৰ প্ৰাৰ্থনা কৰা অৰ্থাৎ ধূপ ধুনা দি ভগৱানক আৰধনা কৰা ঠাইত যদিহে জেঠী দেখিছে সেয়া অত্যন্ত মংগলজনক। লগতে দীপাবলি ৰাতি যদি ধূপ ধুনা দি ভগৱানক আৰধনা কৰা ঠাইত জেঠী দেখিবলৈ পাই সেয়া আৰু অধিক মঙ্গল বুলি মান্যতা দিয়া হয়। লগতে জেঠীৰ মাত খুব ইতিবাচক, ই গৃহৰ ঋণাত্মক শক্তিক অপচয় কৰি গৃহত ধনাত্মক শক্তি বিৰাজ কৰোৱাৰ শক্তি ৰাখে। আৰু সেই গৃহত মা লক্ষ্মীৰ প্ৰৱেশ ঘটা নিশ্চিত।

৬) শংখৰ শব্দ শুনা :- এই শংখৰ শব্দ খুব ইতিবাচক। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাতিপুৱা শুই উঠি শংখৰ শব্দ শুনিলে নিজৰ খালি পকেট অৰ্থৰে ভৰি পৰাৰ ইংগিত থাকে। তাৰোপৰি আবেলি আৰু গধূলিৰ মাজৰ সময় খিনিত কৰবাৰ পৰা শংখৰ শব্দ কাণত ভাহি উঠে তেন্তে আপুনি বুজি উঠিব যে আপোনাৰ গৃহত মা লক্ষ্মীৰ প্ৰৱেশ ঘটিছে।

4 HABITS FOR WHICH PEOPLE NOT GETTING RICH

শৰীৰৰ কোন কোন ঠাইত তিল থাকিলে মানুহ ভাগ্যশালী হয় জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

শৰীৰৰ কত কত তিল থাকিলে ভাগ্যবান হ’ব পাৰি ? জ্যোতিষ শাস্ত্ৰ।

কিন্ত কিছুমান ঠাইলৈ আৰু গৃহলৈ মা লক্ষ্মী আহিও উভতি যায় আমাৰ নিজৰ ভুলৰ বাবে। যাৰ গৃহ আৰু গৃহৰ চৌহদ লেতেৰা কদৰ্যময় হৈ থাকে তেনে গৃহত মা লক্ষ্মী কেতিয়াও প্ৰৱেশ নকৰে কাৰণ দেৱী লক্ষ্মীয়ে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন ঠাই পছন্দ কৰে আৰু সেই ঠাইতে বসবাস কৰে। যি গৃহত সদায় হাই কাজিয়া , বিবাদ , চিঞৰ বাখৰ আৰু অশান্তি থাকে সেই গৃহটো মা লক্ষ্মী প্ৰৱেশ নকৰে।

SUPERHIT ASSAMESE VIDEO

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *