Black mole importance in human body

শৰীৰৰ কত কত তিল থাকিলে ভাগ্যবান হ’ব পাৰি ? জ্যোতিষ শাস্ত্ৰ।

 প্ৰত্যেকজন মানুহৰ শৰীৰত কৰবাত নহয় কৰবাত তিল থাকে। আৰু শৰীৰৰ বিভিন্ন স্থানত থকা এই তিল সমূহে কি অৰ্থ বহন কৰে জানেনে ?

causes of cervical cancer in female

শৰীৰৰ কিছু বিশেষ অংগত তিল থাকিলে সেই তিলে সৌন্দৰ্য বৃদ্ধি কৰে বুলি সমাজত প্ৰচলিত ; এই তিলে যে অকল শাৰীৰিক সৌন্দৰ্যই বৃদ্ধি কৰে সেয়া নহয় , প্ৰাচীন বহু ধৰ্ম গ্ৰন্থত এই তিলক কেন্দ্ৰ কৰি ভাগ্য নিৰ্ণয়ৰ বিভিন্ন পদ্ধতিৰ কথা বৰ্ণিত আছে আৰু বহু লোকে এইসমূহ বিশ্বাস কৰে। যদিও কিছু লোকে এই কথাক কুসংস্কাৰৰ বুলিও ভাৱে।

বিজ্ঞান অনুসৰি মানুহৰ দেহত তিল সেই ঠাইত হয় যি ঠাইত একে সময়তে অনেক কোষৰ জন্ম হয়। কিন্তু যুক্তি আৰু বিজ্ঞানৰ পিছতে অৱস্থান কৰে বিশ্বাসে। আৰু এই বিশ্বাসে মানুহক যুগুতাই দিয়ে ব্যতিক্ৰম, ব্যতিক্ৰম বহুতো তথ্য। এই তথ্য সমূহ যুগ যুগ ধৰি শাস্ত্ৰ জ্যোতিষীয়ে বৰ্ণনা কৰি আহিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি মানুহৰ দেহৰ বিভিন্ন অংগত থকা তিল সমূহে ভিন্ন ভিন্ন অৰ্থ বহন কৰে।

5 lucky signs of woman

মানুহৰ দেহৰ ভিন্ন অংগত তিল অৱস্থিত হয় আৰু এই সমূহে কিছুমান লোকৰ বাবে শুভ সংকেত বহন কৰে আৰু কাৰোবাৰ বাবে অশুভ সংকেত বহন কৰিব পাৰে। আৰম্ভণিতে কোৱা হৈছে যে এই তথ্য সমূহক কোনো কোনোৱে কুসংস্কাৰ বুলি ভাৱে আৰু কোনোৱে বিশ্বাস কৰে সেয়ে আপুনি কি ভাৱে লয় সেয়া আপোনাৰ ব্যক্তিগত কথা। আৰু যিসকলে ইয়াক বিশ্বাস কৰে আৰু এই তিলৰ বিষয়ে জানিবৰ আগ্ৰহ থাকে তেওঁলোকৰ বাবে যুগুতাই দিয়া হৈছে তলৰ তথ্য সমূহ।

১) মূৰ :- মাথাৰ সোঁও ফালে তিল থকাটো ভাল ৰাজনীতিবিদৰ পৰিচায়ক। আৰু যদি সেই তিলৰ ৰং ৰঙা হয় তেন্তে সেই ব্যক্তি ভৱিষ্যত মন্ত্ৰীৰ আসনত বহাৰ সম্ভাৱনা থাকে। আৰু যদি মূৰৰ বাওঁফালে তিল থাকে সেই ব্যক্তি খুব ভ্ৰমণ প্রিয় বুলি বিশ্বাস কৰা হয় যদিও সেই লোকৰ বিবাহৰ ক্ষেত্ৰত সংশয় থাকে।

যদি কোনো পুৰুষৰ মূৰৰ পিছফালে তিল থাকে তেন্তে সেই ব্যক্তিয়ে জীৱনত প্ৰচুৰ অৰ্থ উপাৰ্জনৰ যোগ থাকে, দাম্পত্য জীৱনত সুখ হয়, তেনে পুৰুষে নিজৰ স্ত্ৰীক প্ৰচুৰ পৰিমাণে ভাল পায়। কিন্তু ইমানৰ পিছতো সমাজত এনে ব্যক্তিৰ কোনো ডাঙৰ নাম বা প্ৰচাৰ নাথাকে।

২) কপাল :- কপালৰ মাজভাগত তিল থাকিলে সেই ব্যক্তি বুদ্ধিমান হয়, সোঁও ফালে তিল থাকিলে জীৱনত ভাল জীৱন সংগী লাভ কৰে আৰু কপাল লৰ বাওঁফালে তিল থকা মানে সেই ব্যক্তি অত্যন্ত ভাগ্যবান।

৩) চকুৰ ভুৰ :- সোঁওফালৰ চকুৰ ভুৰত তিল থকা মানে সেই ব্যক্তি ভাল আৰু সজ কামত জড়িত হৈ ভাল পায় ; বাওঁফালে ভুৰত তিল থকা লোকৰ জীৱন যাপন অতি সাধাৰণ হয়। আৰু যদি দুয়ো ভুৰৰ মাজত তিল থাকে তেন্তে সেই ব্যক্তিৰ সংসাৰত সদায় অশান্তিকৰ পৰিবেশ বিৰাজ কৰে।

Symbolic signs of girl to be lucky !!

৪) চকুৰ পতা :- দুয়ো চকুৰ পতাৰ মাজত তিল থকা লোক আৰ্থিক ভাৱে স্বাৱলম্বী হয়, সোঁও ফালৰ চকুৰ পতাত তিল থকা ব্যক্তিৰ কম বয়সতে বিবাহ হয় আৰু বাওঁফালৰ চকুৰ পতাত তিল থকা ব্যক্তিক ভাগ্যই সহায় নকৰে , তেনে লোকৰ সঞ্চয় কম , চাকৰি আৰু ব্যৱসায়ত আউল লাগে।

৫) চকু :- যি লোকৰ সোঁও ফালৰ চকুত তিল থাকে তেনে ব্যক্তিয়ে প্ৰচুৰ পৰিমাণে ধান ধন উপাৰ্জনৰ ক্ষমতা ৰাখে। যি ব্যক্তিৰ বাওঁচকুত তিল থাকে তেনে ব্যক্তি খঙাল হয় আৰু তেনে লোকৰ বহু নাৰীৰ সৈতে মিলামিছা হোৱা হেতুকে জীৱনত বহু বদনাম থাকে।

৬) কাণ :- কাণৰ সন্মুখ ভাগত তিল থকা লোক সুন্দৰ জীৱনৰ অধিকাৰী হয় , তেনে লোকৰ উপাৰ্জন নিজৰ নিয়ন্ত্ৰণত থাকে যদিও তেনে লোক পানীত ডুবি মৃত্যু হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যাৰ কাণৰ পিছফালত তিল থাকে তেনে ল’ৰা আৰু ছোৱালীৰ ধনী পৰিয়ালৰ ছোৱালী বা ল’ৰাৰ সৈতে বিবাহ হয়।

৭) ধুতুৰী:- এই ঠাইত যাৰ তিল থাকে তেওঁ সমাজৰ খুব প্রিয় হয় যদিও তেনে লোক বৰ আবেগিক প্ৰৱণতাৰ হয় , তেওঁলোকৰ ভ্ৰমণ বৰ প্ৰিয়। ইয়াৰ ভিতৰতো যদি তিল সোঁফালে অৱস্থান কৰে তেনে লোক বৰ যুক্তিবাদী হয় আৰু তিলৰ অৱস্থান বাওঁফালে হলে তেনে লোক স্পষ্টবাদী হয়।

৮) গাল :- গালত তিল থকা ব্যক্তি বুদ্ধিমান আৰু মেধাবী হয়। বাওঁফাল বা সোঁফাল যিফালে নাথাকক তিল এনে ব্যক্তিয়ে খেল ধেমালিত চখ ৰাখে , কিন্তু এনে লোক বৰ খঙাল।

৯) নাক :- নাকৰ সোঁমাজত তিল থকা ব্যক্তি খুব পৰিশ্ৰমী আৰু দয়ালু হয় , তেনে লোকে বন্ধুত্ব ভাল পায় , তেওঁলোকৰ আত্মসন্মান প্ৰবল থাকে। তাৰোপৰি নাকৰ সোঁফালে তিল থকা লোকৰ যৌন চাহিদা বেছি থাকে আৰু বাওঁফালে তিল থকা লোক পৰিশ্ৰমী হয়।

১০) গল :- গলত তিল থকা মানে সৌভাগ্যৰ কথা। যদি এই তিল সোঁফালে গলত অৱস্থান কৰে তেন্তে সেই লোকক ভাগ্যই সম্পূৰ্ণৰূপে সহায় কৰে , যদিও এই তিল যদি গলৰ বাওঁফালে অৱস্থান কৰে তেনে লোক ভাগ্যশালী হয় যদিও কেতিয়াবা তেনে লোক বিপদতো পৰে, সেই লোকৰ সস্পদ হানি হোৱাৰ লগতে পাৰিবাৰিক জীৱনত জটিলতাত পৰে।

১১) বুকু :- বুকুৰ সোঁফালে তিল থকা ব্যক্তি সংবেদনশীল হয়, তেনে লোকে মা দেউতাক খুব শ্ৰদ্ধা আৰু ভক্তি কৰে। তেনে লোকৰ আয়ুস ৰেখা বেছি, তেওঁলোকে নিজৰ স্ত্ৰী আৰু আত্মীয় স্বজনক গুৰুত্ব দিয়ে। যদি তিল বুকুৰ বাওঁফালে অৱস্থান কৰে তেনে লোক মানসিকভাবে দুৰ্বল হৈ থাকে, তেওঁ বহু সময়ত চাপত থাকে যদিও দ্বিতীয় জনক প্ৰকাশ নকৰে। কিন্তু এনে লোকৰ বাৰ্ধক্য জীৱন সুখৰ হয়।

১২) কান্ধ : সাহসী লোকৰ পৰিচয় হৈছে সোঁও কান্ধৰ তিল আৰু বাওঁফালে কান্ধত তিল থকা লোকে সৰু বিষয়তে সকলোৰে সৈতে কাজিয়া কৰে ।

নিজৰ গৃহত কি চৰাই বাহ সাজিলে শুভ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই চৰায়ে যদি গৃহত বাহ লৈছে তেন্তে অত্যন্ত শুভ ! – Assamese Astrology

 

১৩) পিঠি :- পিঠিৰ তিল উদাৰতাৰ লক্ষণ। এই ব্যক্তি দয়ালু, সাহসী আৰু ক্ষমতাবান হোৱাৰ লগতে তেওঁলোকৰ মানসিক দৃঢ়তা বেছি। এওঁলোকে আনক ভাল পৰামৰ্শ দিয়াৰ উপৰিও জ্ঞানী লোকৰ পৰামৰ্শ নিজেও গ্ৰহণ কৰে। যদি তিল পিঠিৰ তলফালে অৱস্থান কৰে তেতিয়া সেই লোক বেছি আৰাম বিলাসী হোৱাৰ লগতে তেওঁলোকৰ বিপৰীত লিংগৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱাৰ প্ৰৱণতা থাকে। লগতে পিঠিৰ তলভাগত তিল থকা ছোৱালী খুব আবেদনময়ী হয়।

১৪) বাহু :- সোঁবাহুত তিল থকা লোক সৌভাগ্যবান হয়, এওঁলোক বুদ্ধি আৰু যুক্তিত পাৰ্গত , আৰ্থিক আৰু দাম্পত্য জীৱনো খুব মধুৰ হয়। কিন্তু বাওঁ বাহুত তিল থকা লোকক দুৰ্ভাগ্যই পিছ নেৰে।

১৫) পেট :- পেটৰ মাজভাগত তিল থাকিলে মানুহ আধ্যাত্মিক হয়,পেটৰ সোঁফালে তিল থাকিলে মানুহ ৰোগীয়া হোৱাৰ আশংকা থাকে, পেটৰ বাওঁফালে তিল থাকিলে মানুহ হিংসা পৰায়ন হয় আৰু নাভিত তিল থাকিলে মানুহ মস্ত শকত অৰ্থাৎ পেটুৱা হয়।

  

১৬) হাতৰ তালুৱা :- সোঁও হাতৰ তলুৱাত তিল থাকিলে মানুহ বুধিয়ক হয় আৰু বাওঁ হাতৰ তলুৱাত তিল থাকিলে মানুহ ধনী হোৱাৰ সম্ভাৱনা থাকে । তলুৱাৰ উপৰিও যিকোনো এখন হাতত তিল থাকিলে মানুহ দক্ষ আৰু পৰিশ্ৰমী হয়।

১৭) আঙুলি :- হাতৰ যিকোনো আঙুলিত তিল থকা শুভ লক্ষণ নহয় ; যদিও বৃদ্ধ আঙুলিত তিল থকা লোক কৰ্মী আৰু ন্যায় পৰায়ন হয়।

১৮) ভৰি :- সোঁ ভৰিৰ পতাত তিল থকা লোক ভ্ৰমণ কৰি ভাল পাই আৰু ভ্ৰমণৰ যোগ থকা বুলি বিশ্বাস আছে। আৰু বাওঁ ভৰিৰ পতাত তিল থাকিলে সেই লোকেও ভ্ৰমণৰ সুযোগ পায় যদিও সৰু ভ্ৰমণত তেওঁলোকে প্ৰচুৰ অৰ্থ ব্যায় কৰিব লগাত পৰে।

১৯) ভৰিৰ গোৰোহাত তিল থাকে পণ্ডিত লোকৰ। ছোৱালীৰ গোৰোহাত তিল থাকিলে কাম কাৰ্যত পাৰদৰ্শিতা থাকে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *