Success tips of life

জীৱন সফল হোৱাৰ ৫ টি অমৃত বাণী ! ৰজাৰ দৰে জীৱন কটাব পাৰিব ।

 মানুহৰ জীৱনত কিছু বস্তু আৰু বিষয় নিজৰ হাতত থাকে যি তেওঁ নিজে পৰিৱৰ্তন কৰিব পাৰে আৰু কিছু এনে ডাঙৰ বিষয় আছে যিসমূহ মানুহে হাজাৰ ইচ্ছা কৰিলেও পৰিৱৰ্তন কৰিব নোৱাৰে। যিসমূহ বিষয় আমাৰ হাতত নাথাকে সেইবোৰ আমি মানি লব লাগিব আৰু যিসমূহ বিষয় আমাৰ হাতত থাকে সেইসমূহো পৰিৱৰ্তন কৰি আমাৰ জীৱনত ডাঙৰ কিবা পৰিৱৰ্তন সাধিব পাৰি আৰু নিজকে এক শক্তিশালী মানুহ হিচাপে গঢ় দিব পাৰি। আজি এনে পাঁচোটা বিষয়ৰ কথা কোৱা হ’ব যিসমূহ বিষয় পৰিৱৰ্তন কৰি আপুনি আপোনাৰ ব্যক্তিত্ব আৰু জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে।

Who is richer Mukesh Ambani or Ratan Tata

১) যত্ন আৰু কৰ্ম ( effort ) :- অনেক মহান ব্যক্তিয়ে কৈ গৈছে যে ফলাফল আমাৰ নিজৰ হাতত নাথাকে, কিন্তু কৰ্ম আৰু যত্ন আমাৰ হাতত থাকে অৰ্থাৎ কিমান কষ্ট , চেষ্টা আৰু সাধনা আমি আমাৰ কামত লগাব পাৰো ; কিন্তু চেষ্টা কৰাই এইটো নুবুজাই যে আপুনি জোৰকৈ কিবা কাম কৰিব, চেষ্টা সেইটো যত মানুহে নিজৰ সামৰ্থ্য আৰু শক্তি অনুসৰি যিমান পৰিশ্ৰম কৰিবলৈ যোগ্য ঠিক সিমান খিনিয়ে কৰে। কিন্তু আমি সদায় যিমান কাম কৰিব পাৰো সিমান খিনি কোনোৱে কৰিবলৈ ইচ্ছা নকৰো। সদায় মাত্ৰ এটাই অজুহাত যে আজিলৈ হ’ব, আজি বহুত কৰিলোঁ, আজি বহুত হৈ গল ইত্যাদি ইত্যাদি যাৰ ফলত ফলাফল বেয়া হৈ পৰে। সেই কাৰণে কওঁ নিজৰ কামত নিজৰ এশ শতাংশ effort দিবই লাগিব কাৰণ effort = success আৰু তাকেই সফলতা বুলি কওঁ আমি।

Hair care for male and female image

২) কিবা শিকাৰ হেঁপাহ ( Your pursuit of knowledge ) :- মানুহৰ ব্যক্তিগত জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ দায়িত্ব সদায় নিজৰ হাততে থাকে। আজিৰ পৃথিৱী দ্ৰুতগতিত পৰিৱৰ্তন হ’বলৈ ধৰিছে আৰু পৰিবৰ্তিত পৃথিৱীৰ সম্যক জ্ঞান মানুহৰ বাবে প্ৰয়োজনীয় ; আৰু সেই জ্ঞান লাভৰ বাবে যদি আপুনি কিতাপ পঢ়ি ভাল পায় কিতাপে পঢ়ক আৰু যদি ভিডিঅ’ চাই ভাল পায় চাওঁক, seminar ত উপস্থিত থাকক, motivational video ভাল পাই সেয়াই কৰক কিন্তু শিকাৰ সুযোগ হাতৰ পৰা যাবলৈ নিদিব আৰু মাত্ৰ নিজৰ জ্ঞান বঢ়াই তোলক নহলে এই পৃথিৱীত নিজৰ অস্তিত্বৰ শংকা আহিব আপোনাৰ। শিকা আৰু শিক্ষা মানুহৰ জীৱনৰ প্ৰথম পছন্দ ( priority) হোৱা দৰকাৰী। সেয়ে ৱাৰেন বাফেটে এবাৰ কৈছিল, ” The more you learn the more you earn” অৰ্থাৎ যিমানেই শিকিব সিমানে উপাৰ্জন কৰিব পাৰিব।

worst qualities of male person

৩) পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন ( surrounding) :- আপুনি জানে যে আপোনাৰ ইচ্ছাৰ বাহিৰৰ, আপোনাৰ পছন্দৰ বাহিৰৰ লোক আপোনাৰ সৈতে নাথাকে, আপোনাৰ বহুমূলীয়া সময় কোনোৱে নষ্ট কৰিব নোৱাৰে যদিহে আপুনি নিবিচাৰে, কোনোৱে আপোনাক আমনি কৰিব নোৱাৰে ; সেইটো আপুনিয়ে ঠিক কৰে যে আপোনাৰ ওচৰত আপোনাৰ চাৰিওফালে কোন মানুহ থাকিব। কিছুমান মানুহ আপোনাৰ ওচৰত থাকি আপোনাৰ সামৰ্থৰ বিষয়ে অৱগত কৰাব, আপোনাক ধনাত্মক শক্তিৰে চিন্তা ধাৰা কৰিবলৈ বাধ্য কৰাব, আপোনাৰ মিছা প্ৰশংসা নকৰি সচাঁখিনিক সত্য বুলি কব আৰু মিছাৰ প্ৰশংসা নকৰি মিছাক মিছা বুলি কব, আপুনি তেনে পৰিবৰ্তনশীল মানুহৰ দ্বাৰা আপোনাৰ পাৰিপাৰ্শ্বিকতাক পৰিৱৰ্তন কৰিব লাগিব । আপোনাৰ ওচৰত আৰু কিছুমান মানুহ থাকিব যিয়ে সদায় ঋণাত্মক কথা কৈ থাকিব আপোনাৰ জীৱন আৰু সময় নষ্ট কৰি পেলাবলৈ অহৰহ চেষ্টা কৰি থাকিব তেনে লোকৰ পৰা দূৰৈত আহি আপুনি আপোনাৰ পাৰিপাৰ্শ্বিকতাক পৰিৱৰ্তন কৰিব লাগিব। আপুনি এনে মানুহৰ সৈতে থাকিব লাগিব যাৰ সৈতে আপুনি আৰাম আনন্দ অনুভৱ কৰাতকৈ যাতে বেছি প্ৰকৃত খাটি ( pure and real ) অনুভৱ কৰিব পাৰে।

do-these-before-sleep

৪) কৃতজ্ঞতা ( Gratitude what you have) :- কিছুমান লোকে দৈনিক তিনিশ টকা আয় কৰিও সুখত থাকিব পাৰে আৰু কিছুমান লোকে লাখ কোটি টকা আয় কৰিও সুখত থাকিব নোৱাৰে বা সুখী নহয়। ভাবি চাইছেনে ইয়াৰ কাৰণ কি ? কাৰণ হৈছে যিসকলে কম টকাটো সুখী থাকিব জানে তেওঁলোকে নিজৰ মূল্যবোধ বুজি পায় আৰু সুখী নথকা সকলে নিজে নিজৰ জীৱনৰ মূল্যবোধ বুজিবলৈ চেষ্টা নকৰে। এবাৰ হলেও ১০ মিনিট সময় উলিয়াই চিন্তা কৰক যে আপোনাৰ সৈতে কি কি আছে ; দেখিব আপোনাৰ ওচৰত এনে কিছু বস্তু আৰু বিষয় আছে যিসমূহ এই পৃথিৱীৰ কোটি পতি মানুহৰ ওচৰতো নাই। সুখত থকাৰ আটাইতকৈ ডাঙৰ উপায় হৈছে কৃতজ্ঞ হ’ব পৰাটো। নিজৰ সৈতে যিসমূহ আছে তাৰ বাবে সদায় ভগৱানক ধন্যবাদ দিয়ক।

Lesson to learn from an ant

শিশুক স্কুলত নামভৰ্তি কৰাৰ আচল বয়স জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

যাৰ শিশুক ৩ – ৪ বছৰৰ ভিতৰত স্কুলত দিব খুজিছে তেওঁ পঢ়ক এই বাৰ্তা !

৫) ব্যৱহাৰ ( how do you treat people ) :- যদিহে আপুনি বিচাৰে যে আপোনাক মানুহে ভাল পাওঁক তেন্তে আপুনিও মানুহক ভালপোৱা দিব লাগিব। আপুনি যদি ভাল বন্ধু এজন বিচাৰে তেন্তে আপুনি প্ৰথমে এজন ভাল বন্ধু হিচাপে নিজক প্ৰস্তুত কৰক। যদি বিচাৰিছে যে মানুহে আপোনাক ভাল ব্যৱহাৰ কৰক তেন্তে আপুনি আপোনাৰ ব্যৱহাৰত স্বস্বতা আনক, ব্যৱহাৰ ভাল কৰক। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আৰু আপুনি আনক যি ব্যৱহাৰ কৰিব আনৰ পৰাও আপুনি একে ব্যৱহাৰে পাব। লোকৰ পৰা সন্মান পাবলৈ লোকক সন্মান দিবলৈ শিকক। আৰু এই পাঁচোটা বিষয় নিজৰ জীৱনত পৰিৱৰ্তন কৰিব পাৰিলে আপুনি নিজৰ সেইসমূহ বিষয়ো পৰিৱৰ্তন সাধিবলৈ সামৰ্থ ৰাখিব যিবোৰ বিষয় অপৰিবৰ্তিত। ধন্যবাদ, কথাবোৰ ভাল লাগিলে নিজৰ জীৱনত প্ৰয়োগ কৰক।

POPULAR ASSAMESE SAD VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *