How to manage an abuse child

সন্তানে তৰ্ক কৰে নেকি ? কি কৰিব অভিভাৱক হিচাপে আপুনি ? টিপছ্।

   সন্তানক ঠিক মতে ডাঙৰ দীঘল কৰি সমাজত এজন বা এজনী ভাল মানুহ হিচাপে পৰিগণিত কৰিবলৈ অভিভাৱকে হিচাপে বহুত দায়িত্ব থাকে আৰু বহুত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়। আৰু যদি আপোনাৰ সন্তান বৰ জেদি স্বভাৱৰ হয় , যদি সন্তানে আপোনাৰ কথা নুশুনে, লগতে কথাই কথাই তৰ্কত লিপ্ত হয় আপোনাৰ সৈতে, তেনেহলে বিষয় আৰু বেছি সমস্যাৰ হৈ পৰে আপোনাৰ বাবে।
তৰ্ক কৰা আৰু কাজিয়া পেছালত লিপ্ত হোৱাটো মানুহৰ এটি সহজাত প্ৰবৃত্তি। বহু সময়ত সৰু সৰু লৰা ছোৱালীৰ ক্ষেত্ৰতো সেই স্বভাৱ বিৰাজমান। তেওঁলোকক যিটো কৰিবলৈ কোৱা হয় সেইটো কৰাৰ পৰা দূৰৈত থাকিবলৈ হাজাৰ যুক্তি দাঙি ধৰিব বিচাৰে অনেক শিশুয়ে।

Few tips to control and manage your abuse child

সাধাৰণতে তৰ্ক কৰাটো বেয়া নহয় গুণ নহলেও এটি শিশুয়ে যদি বাৰ বাৰ মা দেউতাৰ একেটা নির্দেশক বিৰোধিতা কৰি তৰ্ক কৰি থাকে সেয়া কিন্তু ভাল গুণ কেতিয়াও হ’ব নোৱাৰে। এনে পৰিঘটনাও বহুত দেখা যায় যে শিশুটি ডাঙৰ হৈ উঠা মাত্ৰকে মা দেউতাৰ কথা নুশুনা হৈ পৰে আৰু মা দেউতাৰ মুখে মুখে তৰ্ক কৰা অভ্যাস গঢ়ি উঠে। তেনে সন্তানৰ লগত আপুনি কি কৰিব , আপুনি কেনেদৰে তেওঁৰ স্বভাৱৰ পৰিৱৰ্তন কৰিব ? টিপছ্ ,,

Few tips to control and manage your abuse child

প্ৰথমে জানো আহক শিশুয়ে তৰ্ক কিয় কৰে ? যদি সন্তানে তৰ্ক কৰাৰ অভ্যাস লৈছে তেন্তে অভিভাৱক হিচাপে তেওঁক আপুনি গালি গালাজ নকৰি প্ৰথমে জানি লওঁক যে তেওঁ কিয় তৰ্ক কৰিবলগীয়া হৈছে । বহু শিশুৰ নিজস্ব ব্যক্তিত্ব থাকে , নিজস্ব ego থাকে আৰু থাকে শক্তিশালী স্বাভিমান, সেয়ে তেওঁলোকে শক্তিশালী মতামত দিবলৈ পছন্দ কৰে। সেইসমূহ শিশুয়ে নিজৰ মতামতক আনৰ মতামততকৈ বেছি প্ৰাধান্য দিয়ে আৰু সেইবাবেই আন লোকে সেই শিশুৰ ওপৰত কিবা মন্তব্য প্ৰকাশ কৰিলে বা কিবা নিৰ্দেশনা দিলে তেওঁলোকে তৰ্ক কৰা আৰম্ভণি কৰে । লগতে বহু শিশুয়ে সকলো কথাতে মাত মাতিব বিচৰাৰ প্ৰৱণতা ৰাখে আৰু সেই সকলোবোৰ কথাত মাত মাতিবলৈ গৈয়ে তেওঁলোক অযথা তৰ্কত লিপ্ত হয়। লগতে ডাঙৰে তৰ্ক কৰা দেখি দেখি তৰ্ক কৰাত অভ্যস্ত হয় বহু শিশু । শিশুক এই বেয়া অভ্যাসৰ পৰা দূৰৈত ৰখাৰ উপায় সমূহ :-

Few tips to control and manage your abuse child

১) অভিভাৱক হিচাপে আপুনি যিমানেই পাৰে শিশুৰ সন্মুখত তৰ্ক বিতৰ্কৰ পৰিবেশ সৃষ্টি নকৰিবলৈ চেষ্টা কৰক। দুজন লোকৰ মতামত ভিন্ন হোৱা স্বাভাৱিক আৰু তেনে পৰিস্থিতিত তৰ্ক যিমানেই বঢ়াব সিমান বাঢ়িব । যিয়ে তৰ্ক কৰি ভাল পায় তেওঁক তৰ্ক কৰাৰ সুযোগ নিদিয়াটো হৈছে বুদ্ধিমানৰ কাম। নিজৰ সন্তানৰ ক্ষেত্ৰটো একে বুদ্ধিয়ে প্ৰয়োগ কৰক। যেতিয়াই দেখিবলৈ পাব যে আপোনাৰ সন্তানে কোনো বিষয়ত তৰ্ক কৰা আৰম্ভণি কৰিছে সেই সময়ত আপুনি অভিভাৱক হিচাপে আলোচ্য বিষয় বস্তু আনফালে ঘূৰাই দিয়ক। তৰ্ক কৰিবলৈ শিশুক কেতিয়াও আগ্ৰহী নকৰিব।

Few tips to control and manage your abuse child

২) শিশুয়ে তৰ্ক কৰিলে খং নকৰিব। আপোনাৰ সন্তানে তৰ্ক কৰিছে যদিও আপুনি সোনকালে খং নকৰিব । ” তুমি ভুল বুজিছা ” , এইধৰণৰ কথাৰ বাক্য আপোনাৰ সন্তানক নকব। এই ভুল বহু অভিভাৱকে কৰে, সন্তানে ভয় খাই তৰ্ক কৰা বন্ধ কৰক বুলি বহু পিতৃ মাতৃয়ে সন্তানক ভয় খুৱাই কিন্তু বাস্তবত সেয়া ওলোটা হৈ পৰে। অভিভাৱকৰ খঙে শিশুটিক পুনৰ তৰ্ক কৰিবলৈ বেছি অভিমানি কৰিহে তোলে। সেয়ে সন্তানে তৰ্ক কৰিছে যদিও আপুনি মৌনতা অৱলম্বন কৰক আৰু যেতিয়া তেওঁৰ তৰ্ক কৰা শেষ হ’ব তেতিয়া বুজাই দিয়ক তেওঁ কৰা ভুলখিনি উনুকিয়াই।

Few tips to control and manage your abuse child

আপোনাৰ শিশুৰ নখ কামোৰা অভ্যাস থাকিলে কেনেকৈ পৰিৱৰ্তন কৰিব জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

আপোনাৰ শিশুৱে নখ কামুৰি থাকে ? কেনেকৈ এৰুৱাব ? সহজ টিপছ্।

৩) যুক্তি আৰু তৰ্ক কৰা এক বহুত বেয়া অভ্যাস বুলি সন্তানৰ সন্মুখত প্ৰতিষ্ঠা কৰিবলৈ জোৰ নিদিব। উল্লেখযোগ্য যে তৰ্ক কৰা কোনো বেয়া অভ্যাস নহয়, ডাঙৰে যি কব সৰুয়ে সেয়াই একান্ত ভাবে মানি লব লাগিব তেনে কথা একেবাৰে ভুল। বৰং যুক্তি যুক্ততাৰে শিশুক তেওঁৰ মনৰ কথা প্ৰকাশ কৰি তৰ্ক কৰিবলৈ সুযোগ দিয়াৰো প্ৰয়োজন আছে এই পৃথিৱীত। আপোনাৰ শিশু সন্তানক একেবাৰে তৰ্ক কৰাৰ সুযোগ নিদিয়াটো একপ্ৰকাৰ শিশুটিৰ ভিতৰৰ কৌতুহল আৰু অনুসন্ধিৎসাক হত্যা কৰাৰ দৰে। আপোনাৰ শিশুক তৰ্ক কৰাৰ সুযোগ দিয়ক যুক্তিযুক্ততা থকা প্ৰসংগত, কিন্ত তেওঁৰ মিছা অভিপ্ৰায়ক সঁচা কৰাৰ অপচেষ্টা কৰিবলৈ নিদিব।

POPULAR ASSAMESE COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *