Meaning of seeing snake in dream !

সপোনত সাপ দেখা ভাল সংকেত নেকি ? মনোবিজ্ঞান মতে সপোনত সাপে..

  যদিহে আপোনাৰ সপোনত বাৰে বাৰে সাপ দেখা পাইছে তেন্তে আপুনি স্ফূৰ্তি কৰক কিয়নো সোনকালে আপোনাৰ জীৱনত চমৎকাৰ হবলৈ গৈ আছে। কিন্তু কেতিয়াবা এবাৰ ভাবি চাইছেনে সপোনত সাপ দেখাৰ অৰ্থ কি ? মানুহে দিনটোৰ ভিতৰত সাপৰ কথা এবাৰো নভবাকৈ ৰাতি সাপৰ সপোন দেখে কিয় ? আৰু বহু এনে লোক আছে যিয়ে বাস্তৱত কেতিয়াও সাপ দেখা নাই কিন্তু সপোনত বাৰে বাৰে বিভিন্ন ধৰণৰ সাপ প্ৰত্যক্ষ কৰে। এই পৰিঘটনা কিয় হয় ?

Meaning of seeing snake in dream !

সপোনত সাপে আপোনাক কি কৰিছে বা আপুনি সাপৰ সৈতে কি কৰিলে সেয়া ডাঙৰ কথা নহয় , ডাঙৰ কথা সাপ দেখাটিহে। পুৰণি কালত মানুহে সপোনৰ ওপৰত বিস্তাৰ ভাবে গৱেষণা আৰু অধ্যয়ন কৰিছিল আৰু হাজাৰ লোকৰ অধ্যয়ন কৰাৰ পিছতহে এটা ধাৰণা কৰি লৈছিল।

সপোনৰ ইমান গুৰুত্ব আচলতে কিবা আছিল নে আৰু এতিয়াও আছে নে কিবা ? এইটো বিশ্বাস কৰা হৈছিল যে ভগৱানে সদায় সপোনৰ জৰিয়তে মানুহৰ লগত কথা পাতে। আৰু এবাৰ যদি সপোনৰ অৰ্থ বুজি পোৱা যায় তেতিয়া এইটো গম পোৱা যায় যে ভগৱানে মানুষ্যৰ সৈতে কি বচন আদান প্ৰদান কৰিব বিচাৰিছে। আৰু এই কথাৰ আধাৰতে মানুহে মানুহৰ সপোনক অধ্যয়ন কৰিবলৈ আৰম্ভণি কৰিছিল ।

Meaning of seeing snake in dream !

আধ্যাত্মিক দৃষ্টিৰে চাবলৈ গলে আমাৰ ঋষি মুনি সকলে বহু আগতেই মানুহক কৈ গৈছে মানুহে যদি সপোনত সাপ প্ৰত্যক্ষ কৰে তাৰ পৰিনাম কি হ’ব পাৰে। আৰু ঋষি মুনিৰ এই কথাক বহু বুদ্ধিজীৱীয়ে প্ৰমাণ কৰিবলৈকে চেষ্টা কৰি তেওঁলোকো সেই ঋষি মুনি সকলৰ মতামতত ভালেখিনি একমত হৈছিল।

আনকি আজিৰ মনোবিজ্ঞান অনুসৰি কোনো মানুহৰ বিষয়ে জানিবলৈকে মানুহ জনৰ সপোন বোৰক অধ্যয়ন কৰা হয়। আৰু লোকজনৰ সপোন অধ্যয়নৰ দ্বাৰাই লোকজনৰ ৮০% কথা ওলাই পৰে।

যদি কোনোবাই সপোনত সাপ দেখিছে তেন্তে তেওঁ জানি লোৱা উচিত যে তেওঁৰ ভাল দিন আৰম্ভ হৈ গৈছে। কিয়নো সাপ দেখাৰ মহত্ব হৈছে সাপ দেখাৰ পিছত লোকজনৰ চেতনাৰ বিকাশ আৰম্ভ হৈ পৰে যাক আধ্যাত্মিকতা বা spirituality ৰ দ্বাৰাহে অনুভৱ কৰিব পাৰি। আৰু যদিহে লোকজনে এই চেতনা শক্তিৰ বিপৰীতে একো কাম নকৰে তেওঁ কিছু মাহ বা বছৰৰ ভিতৰতে বহুত সুফল পাবলৈ আৰম্ভ কৰে। আৰু যদি তেওঁ এই শক্তিৰ বিপৰীতে কিবা অশুভ কাম কৰে তেন্তে সুফল পোৱাৰ পৰা বঞ্চিত হৈ পৰে।

Assamese comedy video 

continue reading main post …

লগতে যদি সপোনত সাপে খেদি অহা বা কামোৰা দেখে তেন্তে নিশ্চিত ভাবে বুজা উচিত যে তেওঁ চেতনা শক্তিৰ বিপৰীতে কিবা ভুল কাম কৰিছে যাৰ ফলত তেওঁ ভৱিষ্যত লোকচানৰ সন্মুখীন হৈ পৰিব পাৰে। এনে হলে যিদিনা ৰাতি তেওঁ এনে সপোন দেখিছে তাৰ আগৰ দিনটোত যি যি কাম কৰিছে সেয়া মনত পেলাই কি ভুল কৰিছে তাক উলিয়াই লোৱা উত্তম আৰু আগলৈ তেনে ভুল কামৰ পৰা বিৰত থকা উচিত। আৰু যিদিনা ৰাতি সপোনত সাপ দেখিছে কিন্তু সাপে কোনো অপকাৰ কৰা নাই তেতিয়াও আপুনি চিন্তা কৰি উলিয়াব পাৰে যে সেই দিনটোত কি ভাল কাম কৰিছে। আৰু এনেদৰে যদি বাৰে বাৰে সপোনত সাপ প্ৰত্যক্ষ কৰে তেন্তে নিশ্চিত ভাবে জানিব যে তেওঁৰ বহুত ভাল হ’বলৈ গৈ আছে আৰু সেইজন লোকক সৌভাগ্যশালী বুলি মান্যতা দিয়া হয় । আৰু এই সৌভাগ্যৰ গৰাকী তেওঁহে হ’ব যিয়ে নিজৰ জীৱনকালত কিছু ভাল কাম কৰে আৰু এয়া এই প্ৰকৃতিৰ নিয়ম আৰু সেইজনে জীৱনত সকলো পায় যিসমূহ তেওঁ পাবলৈ ইচ্ছা কৰে ।

এই ৬ টি লক্ষণ থাকিলে জানিব লোকজন অভদ্ৰ ! – অমৃত বাণী ।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *