Side effect of less sleep

ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

  Early to bed early to rise এই কথা আমি সকলোৱে বয়োজ্যেষ্ঠ সকলৰ মুখৰ পৰা শুনিয়েই থাকোঁ আৰু কিতাপটো লিখা আছে ; সেয়ে বহুজনে এই কথা মানি চলে এই কথা, কিয়নো ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ উপকাৰী বুলি মানি লোৱা হয় আৰু যিসকলে ইয়াৰ বিপৰীত কৰে তাক বেয়া অভ্যাস বুলি কোৱা হয়। কিন্তু বিজ্ঞানৰ মতে যিয়ে ৰাতি দেৰিকৈ জাগি থাকে তেওঁলোকৰ সৃজনশীলতা অনেক গুণ বেছি থাকে। এতিয়া নিশ্চয় আপুনি বিভ্ৰান্তিত পৰিলে চাগৈ। এই বিভ্ৰান্তিৰ কোনো কাৰণ নাই আজি দেৰিলৈ জাগি থকা আৰু সোনকালে শুই যোৱা দুই ধৰণৰ মানুহৰ বিষয়ে অনেক তথ্য আলোচনা কৰা হ’ব।Three best sleeping positions

প্ৰথমে আলোচনা কৰা হওঁক যিসকল সোনকালে শুই যায় তেওঁলোকৰ কথা। ঘৰৰ বয়োজ্যেষ্ঠ সকলে সদায় সোনকালে শুই যায় কিয়নো তেওঁলোকে বিশ্বাস কৰে যে ৰাতিপুৱা সোনকালে উঠিলে সোনকালে নতুন দিনক স্বাগতম জনাব পৰা যায়। ৰাতিপুৱা চাৰি বজাৰ পৰা পাছ বজালৈ ব্ৰহ্মামুহূৰ্ত বুলি কোৱা হয় আৰু বিশ্বাস কৰা হয় যে সেই সময়ত মানুহে যি ভাবে সেয়া অৱশ্যে পূৰণ হয়। সেই কাৰণে মহান ব্যক্তিসকলে চাৰিটা পাঁচটাৰ সময়ত উঠি যায় । ৰাতিপুৱা সোনকালে শুই সোনকালে উঠা অভ্যাস আটাইতকৈ উত্তম , এই অভ্যাসৰ ফলত মানুহৰ শৰীৰ সুস্থ্য আৰু সবল হৈ পৰে । গৱেষণাত প্ৰকাশ যে যিয়ে সোনকালে শুই সোনকালে উঠে তেওঁলোক খুব সচেতন আৰু আশাবাদী, তেওঁলোকৰ দিন সোনকালেই আৰম্ভণি হয় লগতে ভাল focus ৰ দ্বাৰা দিন আৰম্ভণি কৰিব পাৰে। বৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি, মগজুৰ ফ্ৰন্টাল কৰ্টেক্সে ( Frontal cortex) ৰাতিপুৱা সময়ত সক্ৰিয় থাকে যি কৰ্টেক্স য়ে মানুহৰ ইচ্ছাশক্তি বঢ়োৱা, পৰিকল্পনা কৰা আৰু সিদ্ধান্ত লোৱাত সহায় কৰে। ইচ্ছাশক্তিৰ লগতে ডাঙৰ সপোন দেখা আৰু তাক পোৱাৰ বাবে উৎসাহিত কৰে এই কৰ্টেক্সে । সেয়ে সোনকালে শুই সোনকালে উঠা কোনো কাৰণতে বেয়া নহয় বৰং এইটো আমাৰ বাবে অনেক গুণে প্ৰয়োজনীয় আৰু কাৰ্যকৰী অভ্যাস।

DR KALAM ADVICE TO FOLLOW IN SORROW AND PAIN

আনহাতে দেৰিকৈ জাগি থকা লোকৰ সৃজনশীল গুণ বেছি থাকে। সেইবুলি কিন্ত দেৰিকৈ জাগি সোনকালে শুই উঠা অসম্ভৱ। দুই এদিনৰ বাবে সম্ভৱ হলেওঁ নিয়মীয়াকৈ এই অভ্যাস স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। যদি এজন লোকে ক্ৰমাগত ভাবে দেৰিকৈ শুৱে আৰু সোনকালে শুই উঠে তেওঁৰ মগজুই অন্য ধৰণে কাম কৰিবলৈ আৰম্ভ কৰিব, পৰ্যাপ্ত টোপনিৰ অভাৱত মগজুৰ ক্ৰিয়াত প্ৰভাৱ পৰিব, কাৰণ আপুনি গোটেই দিনটোত যি কাম কৰে সকলোবোৰ কাম আপোনাৰ মগজুৱে পৃথক পৃথক ভাৱে জমা কৰি ৰাখে আৰু পিছত যেতিয়া মনত পেলাবলৈ চেষ্টা কৰা হয় তেতিয়া লগে লগে মনলৈ আহে, কিয়নো সেইবোৰ পৃথক ভাৱে সজোৱা থাকে কিন্তু যদি ৰাতি সঠিককৈ টোপনি নহয় তেন্তে আপোনাৰ গোটেই দিনৰ কামৰ তালিকা খিছিৰিৰ দৰে একে ঠাইতে জমা হৈ পৰিব আৰু যেতিয়া সেই কথাবোৰ মনত পেলাবৰ চেষ্টা কৰিব তেতিয়া অনেক সমস্যাৰ সৃষ্টি হ’ব যেনে ৰাতি পইচা থৈ ৰাতিপুৱা বিচাৰি নোপোৱা, নিজৰ টুথ ব্ৰাছ ডাল বিচাৰি নোপোৱা বা চিনি নোপোৱা আৰু অনেক সমস্যা। ইয়াৰ উপৰিও যিয়ে কম সময় শুৱে তেওঁলোকৰ মগজুত স্ফূৰ্তি অনা হৰমন ” ডোপামিন” কমকৈ ক্ষৰণ হ’ব যাৰ ফলত মানুহৰ ডিপ্ৰেছন আহিব পাৰে । সেয়ে প্ৰত্যেক মানুহ দৈনিক ছয় সাত ঘণ্টা টোপনি যোৱা অত্যন্ত জৰুৰী।

যি ব্যক্তি দেৰিকৈ জাগি থাকে তেওঁৰ সামাজৰ সৈতে সম্বন্ধ কম থাকে, কাৰণ যেতিয়া মানুহ দেৰিকৈ শুৱে স্বাভাৱিক ভাবে দেৰিকৈ শুই উঠে , তেনে ক্ষেত্ৰত তেওঁ সমাজৰ সৈতে টাল মিলাই চলিবলৈ অসুবিধা হয়, কিয়নো তেওঁ যেতিয়া টোপনিৰ পৰা উঠে তেতিয়া বহু লোকে দিনটোৰ বহু কাম আৰম্ভণি কৰি পেলাই ফলত দেৰিকৈ উঠা জন নিজৰ কামত দিনটোৰ বাবে বহু পিছপৰা দেখা যায়।

great legends quotes of life

তথাপি যিসকল লোক দেৰিকৈ শুৱে তেওঁলোকৰ সৃষ্টিশীলতা ( Creativity) বেছি থাকে। কাৰণ ৰাতি নিৰ্জন পৰিবেশত যিয়ে কাম কৰে তেওঁ সমস্ত কামত মনোযোগ দিব পাৰে আৰু পৰ্যবেক্ষণ কৰিবলৈ সমৰ্থ হয়। লগতে যিহেতু এওঁলোকৰ মগজু অন্য ভাৱে কাম কৰে যত তেওঁলোকৰ মগজু বহু বেয়া কামৰ বাবেও প্ৰস্তুত থাকে , এই লোকৰ মগজুৱে যি কথা চিন্তা ভাৱনা কৰাৰ সক্ষম ৰাখে সেয়া অইন লোকে ভাবিব নোৱাৰে। সকলো আৰ্টিষ্ট য়ে দেৰিকৈ শুৱে আৰু কাম কৰে যাতে তেওঁলোকৰ মগজুত creative ধাৰণা আহে । এই শ্ৰেণীৰ লোকৰ মনত সমাজৰ ভিৰৰ মাজত প্ৰতিযোগিতা নাথাকে , তেওঁলোকে নিজৰ পথ নিজে ধাৰণা কৰি লয়। আৰু এইবাবেই তেওঁলোকে দেৰিকৈ শুই নিজৰ সপোন পূৰণৰ পিছত লাগি থাকে । এওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল হলেও শাৰীৰিক অৱস্থা সামান্য হলেও বেয়া থাকে কাৰণ তেওঁলোকে শৰীৰক প্ৰয়োজন হোৱা টোপনিৰ খোৰাক দিব নোৱাৰে।

Advertisement

সেয়ে মনত ৰখা উচিত যে আপুনি সোনকালে শুইছে বা দেৰিকৈ উঠিছে সেয়া matter নহয় কিন্তু দৈনিক ৬-৭ ঘণ্টা টোপনিৰ আৱশ্যক আৰু টোপনি ভাল মানে হৈছে শৰীৰ ভাল । আৰু এই ৬-৭ ঘণ্টা টোপনি যোৱাৰ পিছতহে শ্ৰেণীবিভাজন কৰি সজাই তোলক দিনটোৰ বাকী থকা ১৬-১৮ ঘণ্টা। সেয়ে ভালে থাকক সুস্থ্য থাকক আৰু ভাল লাগিলে কথাখিনি বিলাই দিয়ক।

টোপনীৰ যোৱাৰ স্টাইলত কেনেকৈ জানিব স্ৱামী – স্ত্ৰীৰ সম্পৰ্ক তলত ক্লিক কৰি পঢ়ক

টোপনিৰ ভঙ্গীতে বুজিব পাৰি স্বামী স্ত্ৰীৰ সম্পৰ্কৰ দৃঢ়তা !

হিট কমেডি ভিডিঅ’??মহা কৃপন ??

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *