এখন গাঁওত এজন ল’ৰা আছিল আৰু সেই ল’ৰাজন বৰ দুখীয়া আছিল বাবে পঢ়া শুনা ভালকৈ নকৰি সেই গাওঁতে এখন চাহৰ হোটেল খুলি ব্যৱসায় আৰম্ভণি কৰিছিল। হোটেল ভালে চলিছিল যদিও বেচা কিনা কম হোৱা হেতুকে হোটেলৰ উপাৰ্জনৰ টকাৰে ঘৰ নচলে বাবে তেওঁ পুনৰ কিবা কৰ্মসংস্থাপন বিচাৰি চহৰলৈ ঢাপলি মেলিছিল। আৰু চহৰলৈ গৈ কিবা এটি কাম বিচাৰি বিচাৰি এটি কোম্পানীত গৈ এদিন উপস্থিত হল। আৰু সেই কোম্পানীৰ মেনেজাৰে তেওঁক কোম্পানীটোত চাহ বনোৱাৰ চাকৰি দিবলৈ মান্তি হ’ল। ল’ৰাজনৰো মনটো ভাল লাগিল চাকৰি হ’ব বুলি শুনি ।
কিন্তু সেই কোম্পানীত চাকৰি পাবলৈ এটি ই মেইল আই দি অতিকৈ প্ৰয়োজন হোৱা হেতুকে তেওঁ চাকৰিৰ পৰা বঞ্চিত হৈছিল যিহেতুকে তেওঁৰ এটা ই মেইল আই দি নাছিল। বিমুখ হৈ ল’ৰাজনে আন ঠাইলৈ বুলি খোজকাঢ়ি গৈ থাকোঁতে তেওঁ পথৰ এখন পাচলি দোকানত কাম কৰা ল’ৰা লাগিব নেকি বুলি প্ৰশ্ন কৰাত ল’ৰাজনক ৰাখিবলৈ মান্তি হৈছিল আৰু সেই দোকানত কাম কৰি ল’ৰাজনে নিজৰ ঘৰ প্ৰতিপালন কৰাৰ উপৰিও কেইবছৰমান ভিতৰতে নিজেই এখন পাচলিৰ দোকান আৰম্ভণি কৰিলে । দিন বাগৰি যোৱাত তেওঁ এই ব্যৱসায়ত সফল হৈ কেইবাটাও অইন ব্যৱসায় প্ৰতিস্থান আৰম্ভণি কৰিলে আৰু এদিন তেওঁ কৌটিপতি হৈ পৰিল। এদিন এজন ৰিপৰ্টাৰে তেওঁৰ সাক্ষাৎকাৰ লবলৈ আহিছিল। আৰু সাক্ষাৎকাৰ শেষ হোৱাৰ পিছত ৰিপৰ্টাৰ জনে তেওঁক সুধিছিল, ” ছাৰ, মই আপোনাৰ ই মেইল আই দি টো পাম নেকি “? উত্তৰত তেওঁ হাঁহি হাঁহি কৈছিল যে যদিহে মোৰ ই মেইল আই দি থাকিলে হেতেন তেতিয়া মই কোম্পানী সমূহৰ মালিক নহৈ কোনো ডাঙৰ কোম্পানীত চাকৰি কৰি থাকিলোঁ হেতেন !
এই সৰু গল্পটোৰ পৰা মানুহৰ জীৱনত প্ৰয়োগ কৰিবলৈ দুটি মূল্যবান কথা জানিব পৰা গৈছে।
১) যিকোনো কথাতে ভাগৰি নপৰা :- আমি আমাৰ জীৱনত যিকোনো অৱস্থাত দুখ কৰি থাকোঁ যেনে টকা পইচা নাই সেয়ে ব্যৱসায় কৰিব পৰা নাই, বাইক এখন নাই তাৰ বাবে কলেজত গৈ ভাল নালাগে ! এই যে সৰু সৰু অভাৱবোৰ যিবোৰক আপুনি দোষ দিছে সেইবোৰে হয়তো আপোনাৰ জীৱনৰ এক বৃহৎ সফলতাৰ কাৰণ হৈ উঠিব পাৰে।
২) হাতে কামে লাগি যোৱা :- বেছিভাগ মানুহ সেইকাৰণে ব্যৰ্থ হৈ যায় যে জীৱনত অনেক পঢ়া শুনা কৰাৰ পিছতো তেওঁ এটি চাকৰিৰ পিছত লগাই দিয়ে জীৱন আৰু আশা, অৰ্থাৎ নোপোৱা পৰ্যন্ত চাকৰিৰ বাবেই বহি থাকে। আৰু বেছিভাগ মানুহে কিবা কথাত এবাৰ ব্যৰ্থ হোৱাৰ পিছত আৰু কোনো নতুন পদক্ষেপ নলয়। আৰু বহুজনে কিবা কৰিব লাগিব বুলি ভাবিয়েই থাকে কিন্তু কোনো কাম হাতত নলয় বা আৰম্ভণি নকৰে।
গল্পত কোৱা ল’ৰাজনে পাচলি দোকানত কাম আৰম্ভণি কৰা বাবেহে এদিন কৌটিপতি হৈ গৈছিল। কিন্ত যদি ই মেইল আই দি নোহোৱাৰ বাবে কোম্পানীৰ চাকৰিটো নাপাই গাওঁৰ ঘৰলৈ উভটি গলহেঁতেন তেন্তে তেওঁ হয়তো কোনোদিনে সফলতাৰ মুখ নেদেখিলেহেঁতেন। তেওঁ তেওঁৰ ব্যৰ্থতাত ভাগি নপৰি immediate action লৈছিল পৰৱৰ্তী কাম আৰম্ভ কৰাৰ বাবে।
সকলো মানুহে নিজৰ ব্যৰ্থতাত ভাগি নপৰি, দুখ নকৰি পৰবৰ্তী কামত immediate action লোৱা উচিত। কাৰণ ঘৰত বহি বহি চিন্তা কৰি থাকি কেতিয়াও আব্দুল কালাম, বিল গেটছ, সন্দ্বীপ মহেশ্বৰী আদিৰ দৰে ডাঙৰ মানুহ হোৱা সম্ভৱ নহয়।
কম্পিউটাৰৰ দৰেগঢ় দিবলৈ পঢ়ক এই বাৰ্তা
শিশুৰ মগজুক এটি কম্পিউটাৰতকৈ বেছি শক্তিশালী ৰূপে গঢ় দিয়ক এনেদৰে !
হিট কমেদি ভিডিঅ’ ??দুই সতিনী ??