Love Vs career which is more important ?

ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেম সদায় কেৰিয়াৰৰ প্ৰতিকুল ! -Best motivational talk

যেতিয়া লৰা- ছোৱালীৰ বয়স ১৬ ৰ পৰা ২০ বছৰৰ ভিতৰত হয় তেতিয়া  তেওঁলোকৰ সন্মুখত দুটি ৰাস্তা থাকে ১) প্ৰেম – ভালপোৱা আৰু ২) কেৰিয়াৰ। এই দুয়োটা এই সময়ছোৱাত বৰ গুৰুত্বপূৰ্ণ কিন্ত বেছিভাগে প্ৰথম পথকে বাছি লয় আৰু এই ভুলটো কৰাৰ লগে লগে তেওঁ নিজৰ কেৰিয়াৰৰ কথাত একেবাৰে অজ্ঞান হৈ পৰে। যেতিয়া তেওঁলোকৰ জ্ঞান পুনঃ ঘূৰি আহে  তেতিয়ালৈ সময় বহুত দেৰি হৈ যায় । তেওঁৰ বহুমূলীয়া প্ৰেম ভালপোৱা ও তেওঁৰ পৰা বহু দূৰৈত গুচি যায়। সেই সময়ত তেওঁৰ ওচৰত এটা ভাল কেৰিয়াৰ অথবা প্ৰেম দুয়োটাই শূণ্য হৈ পৰে। আৰু সেই বিষাদ সময়ত যদিহে অভিভাৱকে তেওঁৰ ওপৰত চাপ প্ৰয়োগ কৰে তেতিয়া তেওঁ ভুল সিদ্ধান্ত লৈ পেলাই , কিছুমানে প্ৰেমত প্ৰতাৰিত হৈ নিজৰ জীৱনকে শেষ কৰি পেলোৱাৰ দৰে ভয়ংকৰ ঘটনা কৰি পেলাই।

Advertisement

প্ৰেম ভালপোৱাত নিজকে নিয়োজিত কৰা কোনো বেয়া কাম বা অপৰাধ নহয়, কিন্তু প্ৰেম, প্ৰেম কৰি থাকিলে পেট নভৰে ! যদি তেওঁ নিজৰ জীৱনৰ বাবেই একো কৰিব নোৱাৰে, সেইজনে জীৱন সংগীক কেনেকৈ সুখত ৰাখিব পাৰিব ! আৰু এই কথাখিনি মা পিতাই যেতিয়া সন্তানৰ সন্মুখত বাৰ বাৰ উল্লেখ কৰে তেতিয়া সেই সন্তানে নিজৰ মা দেউতাক শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰে। কিছুমানে আকৌ মা পিতাৰ এই সুন্দৰ কথাৰ প্ৰতিবাদ কৰি মা পিতাৰ অন্তৰত আঘাত প্ৰৰ্য্যন্ত কৰে।

Life after 40 years

সেয়ে অভিজ্ঞ জনে কয় , যদিহে আপুনি কাৰোবাক ভাল পাইছে , কাৰোবাক জীৱনত পাব বিচাৰিছে তেন্তে পোন প্ৰথমে নিজকে গঢ়ি , নিজৰ ভৰিত থিয় হৈ , নিজৰ জীৱন এনে স্তৰলৈ লৈ যাব লাগিব যাতে ভৱিষ্যতে আপোনাৰ সংগীয়ে কেতিয়াও একোৰে অভাৱ অনুভৱ নকৰে। আপুনি যেতিয়া আপোনাৰ প্ৰিয়জনৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ লৈ যাব তেতিয়া যাতে তেওঁৰ মা দেউতাই আপোনাক অৱজ্ঞা কৰিবলৈ ১০ বাৰ চিন্তা কৰে। যদিহে আপুনি সময়ত কেৰিয়াৰ বনাই লৈছে তেন্তে টকাৰ লগতে ভৱিষ্যতে প্ৰেম ভালপোৱা বোৰো আপোনাৰ লগত থাকিব, আপুনি সুন্দৰ জীৱন কটাব পাৰিব , আপোনাৰ পিতৃ মাতৃ সুখী থাকিব , সকলো ঠাইতে আপুনি সন্মান পাৱ ।

Apply these six tips in love, he or she will miss you always !!

পৰিবৰ্তে যদি এই সোণোৱালী বয়সত মাত্ৰ প্ৰেম প্ৰেম কৰি অন্ধ হৈ পৰে ,তেন্তে ভৱিষ্যত জীৱনত পইচা নাথাকিব, নাথাকিব সন্মান , নাথাকিব সেই প্ৰেম যাৰ বাবে নিজৰ সকলো শেষ কৰি পেলাইছে। আৰু নিজৰ বয়স ৫০ বছৰলৈ মাত্ৰ ভাগ্যৰ দোহাই দি কান্দি থাকিব লাগিব। আৰু যত সত্য এইটো থাকিব যে আপুনি আপোনাৰ ভাগ্য নিজেই বেয়া কৰি লিখিছে। ভৱিষ্যতে নিজে বিচৰা সকলো খিনি পাব পাৰি মাত্ৰ নিজৰ জীৱনত কিবা এটা কৰিব পাৰিব লাগে , নিজৰ ভৰিত প্ৰথমে থিয় হ’ব লাগে , নিজৰ কেৰিয়াৰ নিশ্চিত কৰিব পাৰিব লাগে। আৰু এই সোণালী বয়সত আপুনি যাক বিচাৰে, যাক ভাল পাই তেওঁকো বাধ্য কৰক ( Motivation) তেওঁৰো এটি ভাল কেৰিয়াৰ নিশ্চিত কৰিবলৈ। নিজৰ প্ৰেম আৰু কেৰিয়াৰক সমতুল্য কৰি আগবাঢ়ি যাওঁক , মাত্ৰ অকল প্ৰেম ভালপোৱাকে নহয়।

get true love with this tips

যি সকলে নিজৰ কেৰিয়াৰক ধ্যান নিদি অকল প্ৰেমৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে তেওঁলোকক উদ্দেশ্য কৰি কোৱা হৈছে যে প্ৰেম ভলপোৱা  এটি অনুভূতি (attraction) , যদিহে আপোনাৰ প্ৰেম সঁচা হয় তেনেহলে আপুনি সেই প্ৰেমৰ উৎসাহত বহুদূৰ আগুৱাই যাব পাৰে, এই প্ৰেমৰ উৎসাহ উদ্দীপনা আৰু অনুপ্ৰেৰণাক নিজৰ সফলতা আৰু কেৰিয়াৰ পাবলৈ ব্যৱহাৰ কৰক যাতে কান্দিব লগীয়া নহয় ভৱিষ্যত জীৱনত। প্ৰেম, কেৰিয়াৰ আৰু পৰিয়াল সকলো বোৰ একেলগে আগবঢ়াই নিয়ক। আৰু তেতিয়াহে জীৱন সঠিক দিশত ধাৱমান হ’ব।

নিজকে মানুহ হিচাপে গঢ়িবলৈ তলত ক্লিক কৰি পঢ়ক

মানুহ হিচাপে নিজকে গঢ় দিবলৈ এইটো কথা মনত ৰাখক !

হিট কমেদি ভিডিঅ’ 😂😂👇👇

 

Share it with:

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *