Social media use

আপোনাৰো জীৱন কোনে ধংশ কৰিছে নেকি চচিয়েল মেডিয়াই ?

  এবাৰ ফেচবুক আবিষ্কাৰক মাৰ্ক জোকাৰবাৰ্গক এটি সাক্ষাৎকাৰত প্ৰশ্ন কৰা হৈছিল “আপুনি যোৱা ৰাতি কোনখন হোটেলত আছিল “? প্ৰশ্ন শুনি মাৰ্কে কিছু সময় মনে মনে আছিল আৰু পিছত উত্তৰ দিছিল যে তেওঁৰ মনত নাই। তাৰ পিছত তেওঁক প্ৰশ্ন কৰা হৈছিল যে আপুনি যোৱা সপ্তাহত কোন কোন মানুহৰ সৈতে ফোনত কথা পাতিছিল আৰু মেছেজ কৰিছিল ? বৰ কৌশলেৰে জোকাৰবাৰ্গ মাৰ্কে উত্তৰ দিছিল যে তেওঁ এইবোৰ কথা প্ৰকাশ কৰিব নোৱাৰে কাৰণ এইসমূহ কথা তেওঁৰ বাবে গোপনে ৰখা দৰকাৰী।

Advertisement

অৰ্থাৎ যিজন মানুহে প্ৰত্যেক মানুহৰ বিষয়ে জানে সেই মানুহ জনে আকৌ তেওঁৰ প্ৰত্যেকটো কথা গোপনে ৰাখিবলৈ চেষ্টা কৰে। চচিয়েল মেডিয়া ( Social media ) ৰ এনে কিছুমান গোপন ৰহস্যময় কথা আছে যি শুনিলে আপোনাৰ চকু কপালত উঠিব। আজিৰ তাৰিখত এনে লোক বিচাৰি পোৱা কঠিন যিয়ে চচিয়েল মেডিয়া ব্যৱহাৰ নকৰে। চচিয়েল মেডিয়াৰ এপ ( Social media apps ) সমূহ স্মাৰ্ট ফোন ( Smart phones) ৰ বাবে প্ৰস্তুত কৰা হৈছে। কিন্তু আপুনি জানেনে বৰ্তমান আপুনি আপোনাৰ স্মাৰ্ট ফোনত যিটো এপ ইনষ্টাল ( App install ) কৰে , সেই এপত আপুনি এটা একাউণ্ট খুলিব লাগে অৰ্থাৎ তাতে আপোনাৰ কিছুমান ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰিব লাগে কাৰণ আপুনি বাধ্য । আৰু এই এপে আপোনাৰ ৰুচি, ভাললগা, বেয়ালগা আদিবোৰ বিচাৰি উলিয়াই , কাৰণ যেতিয়া আপুনি এই এপ চাব আৰু ব্যৱহাৰ কৰিব , তেতিয়া যাতে আপোনাৰ ৰুচি অনুসৰি সকলো বস্তু যোগান ধৰি যাব পাৰে, যাৰ উদ্দেশ্য হৈছে যাতে আপুনি এই এপৰ মাজত বেছি বেছি সময় কটাবলৈ লয় ( Retention time) । এই এপে ইমানেই নজৰ ৰাখে যাতে আপুনি বিৰক্ত অনুভৱ নকৰে। মাত্ৰ দুই মিনিট সময় যদি আপুনি এই এপত সোমাই পৰে , সেই এপে আপোনাৰ বিষয়ে বহুত কথা ইতিমধ্যে জানি পেলাই, যিমান খিনি আপোনাৰ ব্যক্তিগত তথ্য কিজানি আপুনি নিজেই অৱগত নহয়। আৰু এই এপ টিয়ে বুজি লয় আপুনি কি চাব বিচাৰে আৰু আপুনি কি চাব নিবিচাৰে। আপুনি যেতিয়া কিবা ভিডিঅ’ চাই , পোষ্ট পঢ়ে বা কিবা ৰিলছ্ চাই আৰু তাৰ পিছত সেই সমূহত কোমেণ্ট বা লাইক কৰে তাৰ পিছত সেই এপত এনে কিছুমান ভিডিঅ’ , পোষ্ট আৰু ৰিলছ্ অহা আৰম্ভ কৰিব যেন আপুনি আৰু সেই এপ এৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিব বাধ্য হ’ব।

Walking style identify characters of a girl

এই চচিয়েল মেডিয়া এপ সমূহ ইমানেই নিচাৰ বস্তু কিয় ? আৰু এই সমূহ আমাৰ বাবে কিয় বিপদজনক কিয় ? প্ৰকৃততে যি লোকে এই এপ সমূহ ডিজাইন কৰে তেওঁলোক এনে ব্যক্তি যিয়ে মানুহৰ মাগজুক ভালদৰে গৱেষণা কৰিছে। মানুহৰ মগজুৰ এটি অভ্যাস আছে সেইটো হৈছে নিজৰ প্ৰশংসা শুনা , সেইবাবে প্ৰত্যেক মানুহে নিজৰ প্ৰশংসা শুনি আনন্দ পায় । বাস্তৱ জীৱনত মানুহে মানুহক খুব কম প্ৰশংসা কৰে, সেইবাবেই চচিয়েল মেডিয়াৰ এপত মানুহে ফটো পোষ্ট কৰে প্ৰশংসা পাবলৈ। আজিকালি মানুহে চচিয়েল মেডিয়াত বহুত কষ্ট কৰে , বহু সময় দিয়ে আৰু যেতিয়া এবাৰ প্ৰশংসা পাবলৈ আৰম্ভ কৰে তেতিয়া এই প্ৰশংসা বেছি বেছি পাবলৈ আৰু বেছি বেছি পোষ্ট কৰে আৰু তাৰ পিছত তেওঁ নিজৰ লাইক, কোমেণ্ট কিমান আহিছে বাৰে বাৰে এপটিত চাই থাকে  প্ৰশংসাবোৰ চাবলৈ। এই খিনিলৈ সকলো ঠিকে আছে যে আপুনি আপোনাৰ ভিডিঅ’ , ফটো পোষ্ট কৰিছে আনে চাইছে আৰু তাতে লাইক, কোমেণ্ট দিছে আৰু আপুনিও লোকৰ পোষ্ট, ভিডিঅ’ ত লাইক, কোমেণ্ট দিছে।

Few tips to maintain healthy skin

মানুহৰ মগজুৰ যেনেকৈ প্ৰশংসা শুনাৰ অভ্যাস থাকে, ঠিক তেনেকৈ আৰু এটি বেয়া অভ্যাস থাকে সেয়া হৈছে তুলনা কৰা। মন কৰক আপুনি এখন ফটো পোষ্ট কৰিছে আৰু সেইখনত বহু লাইক আৰু কমেণ্ট ( প্ৰশংসা) ও পাইছে , কিন্তু যিয়ে প্ৰশংসা কৰিছে তেওঁ আপোনাক প্ৰশংসা কৰাৰ লগতে এই পোষ্টটি তেওঁৰ পোষ্ট বা ফটো খনৰ লগত তুলনা কৰিও চাইছে এবাৰ। একেদৰে যেতিয়া আপুনি কাৰোবাৰ ফটো আৰু পোষ্ট দেখে তেতিয়া আপুনিও তেওঁৰ সৈতে নিজকে তুলনা কৰা আৰম্ভণি কৰে আৰু সদায় কৰি থাকে। এই কাৰণে বহু জনে চেষ্টা কৰে নিজৰ ফাটোখন সন্মুখৰ জনতকৈ বেছি সুন্দৰ কৰি তুলিবলৈ। সেইটো আচল সমস্যা নহয় , আচল সমস্যা হৈছে মানুহ নিজৰ বাস্তৱ জীৱনত দুখী থাকে , হতাশাত থাকে কিন্তু সামাজিক মাধ্যমত নিজৰ সুখী জীৱন Show কৰে , যিটো দেখি সন্মুখৰ ব্যক্তিয়ে ভাবিছে যে তেওঁ ইমান সুখত আছে কিন্ত মই দুখত আছোঁ। আৰু এই ৰোগ সকলো চচিয়েল মেডিয়া ব্যৱহাৰ কাৰীৰ দেহত সোমাই গৈছে। এইটো আমাৰ দোষ নহয় কাৰণ সকলো মানুহৰ মগজুয়ে প্ৰশংসা শুনি ভাল পাই। আৰু আমাৰ এই দুৰ্বলতাক কামত লগাই সমস্ত চচিয়েল মেডিয়া এপ সমূহ প্ৰস্তুত কৰা হয়। আৰু এই এপ সমূহৰ এটাই উদ্দেশ্য যে গ্ৰাহক সকলে বেছি বেছি সময় অতিবাহিত কৰক। এই কোম্পানী সমূহে বিচাৰে যে আপুনি এওঁলোকৰ এপত ২৪ ঘণ্টাই নিচাশক্তৰ দৰে সোমাই থাকক। যদিহে আপুনি কেচিন’ ( Casino ) ৰ নাম শুনিছে জানিব যে ই এবিধ অত্যন্ত নিচাযুক্ত জুৱা খেল, যিয়ে এবাৰ খেলে তাক বাৰে বাৰে খেলিবলৈ মন কৰে। ঠিক একেদৰে এই চচিয়েল মেডিয়াৰ এপ সমূহ কেচিন ৰ দৰেই ডিজাইন কৰে কোম্পানী বোৰে। আজি আমি চচিয়েল মেডিয়াত মিছা লোকৰ এটি লাইক দেখি, কাৰোবাৰ ধুনীয়া ফটো এখন দেখি নিজৰ প্ৰকৃত জীৱনৰ সৈতে তুলনা কৰি দুখী হৈছোঁ। কাৰোবাৰ পোষ্টত বেছি লাইক, কোমেণ্ট দেখি নিজৰ পোষ্টত দুখী হৈছোঁ। আৰু সন্মুখৰ জনৰ জীৱন আনন্দ আৰু সুখৰ বুলি ভাবি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিছোঁ। কিন্তু বাস্তৱত তেওঁৰ জীৱন সুখৰ নহয় , তেওঁ কিমান কষ্টত আছে আপুনি দেখা নাই আৰু নাজানে। প্ৰত্যেকে অইন লোকৰ এখন হাঁহি থকা ফটো দেখি নিজে দুখী হৈ গৈছোঁ।

হিট কমেদি ভিডিঅ’ 😜 👇👇

Continue reading main post …

আমাৰ নিজৰ বাবে জীয়াই থকা ভাল, আনৰ বাবে নহয়, আনে কি বিচাৰে তেনে হোৱা অনুচিত ; বৰং আমি যেনে হ’লে সুখত থাকিম তেনে হোৱা উচিত । মিছা লাইক নহয় বাস্তৱত লাইক পোৱা শিকক। চচিয়েল মেডিয়াত নহয় বাস্তৱত বেছি সময় দিয়ক। মানুহৰ সৈতে real life ত সংযোগ হ’ব লাগে চচিয়েল মেডিয়াত নহয়। এটি পৰিয়ালত সকলো কেইজন আছে এটা কোঠাত কিন্ত সকলো ব্যস্ত চচিয়েল মেডিয়াত , কাৰো সৈতে কাৰো কথা আৰু ভাৱ বিনিময়ৰ সময় নাই , এনে হ’ব নালাগে।

চচিয়েল মেডিয়াৰ এটি কৰুণ গল্প পঢ়িবলৈ ক্লিক কৰক

মোৰ পত্নী শিক্ষয়ত্ৰী আৰু সিদিনা ৰাতিৰ এক মৰ্মান্তিক কাহিনী !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *