BEAUTIFUL STORY OF A SCHOOL BOY

  মোৰ স্ত্ৰী এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী আৰু সিদিনা তেওঁ ৰাতি আহাৰ গ্ৰহণ কৰি প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বহি মুল্যাংকন কৰি আছিল আৰু ময়ো টিভিৰ ওচৰত সময় কটাইছিলো। পৰীক্ষা বহি চাই থাকোঁতে হঠাতে মই প্ৰত্যক্ষ কৰিছিলোঁ তেওঁ উঁচুপি কান্দিছে।

Advertisement
মই অবাক হৈ প্ৰশ্ন কৰিছিলোঁ , ” তুমি কান্দিছা কিয় ” ? তেওঁ উত্তৰ দিছিল যে এইবাৰ প্ৰথম শ্ৰেণীৰ পৰীক্ষাত এখনি ৰচনা লিখিবলৈ দিয়া হৈছিল ” মোৰ ইচ্ছা ” ( My wish ). মই সুধিলোঁ তাতে কান্দিব কিয় লাগে ? তেওঁ উত্তৰ দিছিল, ” মই বহীবোৰ পৰীক্ষা কৰিলোঁ আৰু সকলোৱে ভালেই লিখিছে কিন্তু এজন ছাত্ৰৰ বহীখন চাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো আৰু চকুপানী ওলাল”। মই সেই বহীখনত ছাত্ৰজনে লিখা ৰচনা খন পঢ়িবলৈ কলোঁ মোৰ পত্নীক।

Smart story of school boy

” মোৰ ইচ্ছা —- মই স্মাৰ্ট ফোন হম ! মোৰ পাপা আৰু মাই স্মাৰ্ট ফোন বহুত ভাল পাই, কিন্তু মোক ভাল নাপায়। যতে যায় তেওঁলোকে স্মাৰ্ট ফোনটো লৈ যায়, কিন্তু মোক লগত লৈ নাযায়। ফোন বাজিলে মোৰ মাই খুব ততাতৈয়াকৈ ধৰে কিন্তু মই কান্দিলেও সোনকালে মোৰ কাষলৈ নাহে”।

“মোৰ পাপাই স্মাৰ্ট ফোনত গেম খেলে কিন্তু মোৰ লগত নেখেলে। মোৰ যেতিয়া পাপাৰ কোলাত বহিব মন যায় , মই তেওঁক অনুৰোধ কৰোঁ কিন্তু নলয়। কিন্ত স্মাৰ্ট ফোনটো সকলো সময়তে পাপাৰ কোলাতে থাকে” ।

“মই যেতিয়া মাক কওঁ মা এবাৰ কোলাত লোৱা , তেওঁ ধমকি দি কয়, যোৱা দেখা নাই নেকি মই তোৰ মামাৰ সৈতে চ্যাটৰ দ্বাৰা কথা পাতি আছো”।

Story of a school boy

” মোৰ পাপা মাই স্মাৰ্ট ফোনটো পৰিষ্কাৰ কৰে, আদৰ কৰে আৰু যত্ন লয়, কিন্তু মোক কোনো আদৰ নকৰে, মোৰ কোনো যত্ন নলয়। মোৰ মাই যেতিয়া স্মাৰ্টফোনত পাপাৰ সৈতে কথা পাতে তেতিয়া পাপাক ফোনত চুমা দিয়ে কিন্ত মোক চুমা নিদিয়ে”।

“মোৰ পাপাই গাৰুৰ তলত স্মাৰ্টফোনটো লৈ শুৱে কিন্তু কেতিয়াও মোক সাৱটি নুশুৱে। মোৰ মাই দিনত চাৰি পাঁচবাৰকৈ ফোনটো চার্জ দিয়ে কিন্তু মাজে মাজে তেওঁ মোৰ খোৱা লোৱাৰ কথা পাহৰি থাকে”।

Assamese funny video 👇👇

Continue reading main post ….

” সেয়ে মই স্মাৰ্টফোন হম, আৰু এটি ধুনীয়া স্মাৰ্ট ফোন হৈ সদায় মা – পাপাৰ সৈতে থাকিব বিচাৰোঁ”।

মোৰ স্ত্ৰীৰ মুখত এইখিনি কথা শুনি বহুত আবেগিক হৈ পৰিলোঁ মই আৰু সুধিলোঁ কোন ছাত্ৰই লিখিছে এনেকৈ ৰচনাখন ? উত্তৰত পৰিবাৰে কলে, ” আমাৰ পুত্ৰই “। মই আৰু মোৰ স্ত্ৰী উভয়ৰ মুখৰ মাত নোহোৱা হৈ পৰিল কিছু সময় , কিছু মুহূৰ্ততে দুয়োৰে চকুৰে চকুপানী বৈ মাটিত পৰিছিল।

পঢ়াত মনোযোগ নোহোৱা ছাত্ৰক কেনেকৈ পঢ়িবলৈ বাধ্য কৰাব জানিবলৈ ক্লিক কৰক

১ ঘণ্টা নপঢ়া ছাত্ৰই ১০ ঘণ্টা পঢ়িব এই কথা শুনিলে !!

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *