সিদিনা খন ৰাতি কামৰ পৰা উভতি অহাৰ পিছত পত্নীয়ে প্ৰতিদিনৰ দৰে মোৰ সৈতে খোৱা টেবুলত বহিল। তেনেতে মই তাইৰ হাত খন ধৰি কলো, ” মই তোমাক কিবা এটা কথা কব বিচাৰো “। তাই শান্ত ভাবে মোৰ চকুৰ ফালে চাই ৰল। মই বুজিব পৰা নাছিলোঁ কথাবোৰ তাইক কেনেকৈ আৰম্ভ কৰোঁ।
কিন্তু মই তাইক কোৱা উচিত আছিল যে মই তাইৰ সৈতে আৰু সংসাৰ কৰিব নিবিচাৰোঁ। মই খুব লাহেকৈ আৰু শান্ত ভাৱে কথাটো আৰম্ভ কৰিলোঁ । তেওঁ কোনো বিৰক্ত অনুভৱ নকৰাকৈ মোক সুধিলে, ” কিয় ” ? মই তাইৰ প্ৰশ্নৰ উত্তৰ নিদিলো। আৰু তাতেই তাইৰ খং উঠিল আৰু খোৱা টেবুলৰ সকলো খাদ্য বস্তু পেলাই দিলে লগতে চিঞৰি কলে , ” তুমি এজন কাপুৰুষ ” । সেইদিনা ৰাতি আৰু আমাৰ একো কথা নহ’ল। তেওঁ গোটেই নিশা নিশব্দে কান্দিছিল , হয়টো বুজিবলৈ চেষ্টা কৰিছিল কিয় মই এয়া কৰিব ওলাইছো । কিন্তু মই তাইক কব পৰা নাছিলোঁ যে মই আন এজনী ছোৱালীক ভাল পাওঁ।
মই বৰ অপৰাধ বোধ কৰিছিলোঁ আৰু সেই অপৰাধ বোধ স্বীকাৰ কৰিয়ে Divorce letter লিখিছিলোঁ, যত উল্লেখ আছিল যে মোৰ ঘৰ, গাড়ী আৰু ব্যৱসায় ৰ ৩০% মালিকাধিন অধিকাৰ থাকিব তেওঁৰ। কিন্তু কাগজ খন তেওঁৰ ওচৰলৈ যোৱাৰ আগতে মই টুকুৰা কৈ চিঙি পেলালো।
যিজনী মানুহৰ সৈতে মই ১০ বছৰ সংসাৰ কৰিলোঁ কিন্তু আজি মই তেওঁক চিনি নাপাওঁ , মোৰ সৈতে তেওঁৰ ইমান বোৰ সময় , তেওঁৰ ইমান বোৰ শক্তিৰ অপচয়ৰ কথা ভাবি মোৰ বৰ বেয়া লাগিছিল কিন্তু মই কি কৰোঁ মই যে পৰীক বহুত ভাল পাই পেলালোঁ।
অবশেষত তেওঁ চিঞৰি চিঞৰি কান্দিছিল , যি মই আশা কৰিছিলোঁ। মোৰ কাষত তেওঁ চিঞৰি কন্দাটোক মোৰ মুক্তিৰ চিহ্ন যেন অনুভৱ যেন লাগিছিল। মই ভাবিছিলো মই সফল।
পিছৰ ৰাতি মই বহু দেৰীকৈ ঘৰ সোমালোঁ , দেখিলোঁ তেওঁ খোৱা টেবুলত বহি কিবা লিখি আছে । মই আৰু খাবলৈ নগলো, খৰধৰকৈ বিছনাত পৰিলোঁ কাৰণ দিনটো পৰীৰ লগত বহুত ঘুৰিছোঁ। ৰাতি এবাৰ সাৰ পাই দেখিলোঁ তেওঁ তেতিয়া লৈকে লিখিয়ে আছে।
ৰাতিপৱা শুই উঠি বাৰণ্ডাত বহি পৰিলোঁ , তেনেতে তেওঁ আহি মোক কিছু চৰ্ত দিলে আৰু কলে যে তেওঁক মোৰ পৰা একো নালাগে মাত্ৰ তেওঁ এমাহ মোৰ লগত সাধাৰণ জীৱন যাপন কৰিব বিচাৰে , কাৰণ এমাহৰ ভিতৰত মোৰ সন্তানৰ পৰীক্ষা শেষ হ’ব , সেয়ে যাতে তাৰ পৰীক্ষাত কোনো ক্ষতি নহয়। মই মানি ললোঁ। লগতে তেওঁ আৰু এটি অনুৰোধ কৰিছিল — তেওঁ মোক মনত পেলাবলৈ কলে , বিয়াৰ দিনা মই তাইক দাঙি লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰা মুহূৰ্তৰ কথা। সেয়ে তেওঁ সেই এক মাহ তেওঁক bedroom ৰ পৰা বাহিৰৰ দৰ্জা খনলৈ প্ৰতি ৰাতিপুৱা দাঙি লৈ যোৱাৰ অনুৰোধ কৰিলে। মই তাইৰ কথা শুনি তাইক পাগল হোৱা বুলি ভাবিলোঁ। আৰু যি হওঁক যাতে আৰু কোনো সমস্যা নহয়, তাৰ বাবে এমাহৰ এই অনুৰোধ মানি ললোঁ।
মোৰ স্ত্ৰীৰ এই চৰ্ত সমূহৰ কথা পৰীক কোৱাৰ পিছত তেওঁ বৰকৈ হাঁহিছিল আৰু যি মোৰ বাবে বৰ অযুক্তিকৰ অনুভৱ হৈছিল। আৰু অলপ পিছতে পৰীয়ে ঘৃণা আৰু খং কৰি কৈছিল, ” তোমাৰ স্ত্ৰীয়ে যিমানে চলনা আৰু কন্দা – কটা নকৰক তুমি তাইক সোনকালে divorce দিয়া” ।
আমাৰ বিবাহ বিচ্ছেদ স্পষ্ট হোৱাৰ দিনৰে পৰা মোৰ আৰু মোৰ স্ত্ৰীৰ মাজত কোনো শাৰীৰিক সম্পৰ্ক হোৱা নাছিল। যিয়ে হওঁক, প্ৰথম যিদিনা মই তেওঁক কোলাত লৈ প্ৰথমে drawing room আৰু তাৰ পৰা বাহিৰৰ দৰ্জালৈ লৈ গৈছিলোঁ উভয়ে খুব অস্বস্তি অনুভৱ কৰিছিলোঁ। কিন্তু সেইদিনা আমাৰ পুত্ৰই খুব আনন্দ পাইছিল আৰু চিঞৰি হাতৰ তালি বজাই কৈছিল, ” বা, কি মজাৰ কথা পপাই আজি মাক কোলাত উঠাইছে”। মই তাইক দৰ্জাৰ বাহিৰত নমাই দিলোঁ । তেনেতে তেওঁ চকু বন্ধ কৰি মোক অনুৰোধ কৰিলে যে আমাৰ বিবাহ বিচ্ছেদৰ কথা যাতে আমাৰ সন্তানে কোনো কাৰণতে গম নাপায়।
দ্বিতীয় দিনা আমিও খুব সাধাৰণ আচৰণ কিৰিলোঁ। তেওঁ মোৰ বুকুত মোৰ গুঁজিছিল আৰু মই তেওঁৰ চুলিৰ গোন্ধ পাইছিলোঁ। মোৰ অনুভৱ হল যে মই কিমান দিন সেই মানুহ জনীক ভালকৈ মাতবোল কৰা নাই, বুজিবলৈ চেষ্টা কৰা নাই । ভাবিলোঁ তেওঁৰ কিমান বয়স হল, চুলি পকিবলৈ লৈছে , তেওঁৰ মুখত বয়সৰ চাপ পৰিছে ; আৰু মুহূৰ্তৰ বাবে অনুভৱ কৰিলোঁ যে মই তেওঁৰ সৈতে এয়া কি কৰিবলৈ গৈ আছোঁ !
চতুৰ্থ দিনা যেতিয়া মই তাইক কোলাত উঠালোঁ মই অনুভৱ কৰোঁ যে পুনঃ আমাৰ মাজত কিছু অন্তৰংগতা ঘূৰি আহিছে। বুজিব পাৰিলোঁ যে এইজনীয়ে মানুহ যিয়ে জীৱনৰ অতি মূল্যবান ১০ বছৰ মোৰ সৈতে পাৰ কৰিছে।
পঞ্চম আৰু ষষ্ঠ দিনা যেতিয়া তেঁওক কোলাত লৈ বাহিৰত থবলৈ আগবাঢ়িলো তেতিয়া মই অনুভৱ কৰিলোঁ যে আমাৰ সম্পৰ্কটো আৰু কিছু গভীৰ হৈ পৰিব ধৰিছে। কিন্তু এই কথাবোৰ মই পৰীক কোৱা নাছিলোঁ।
আৰু এনেদৰে যিমানে দিন আগবাঢ়ি গৈছিল মই তেওঁক খুব সহজে কোনো কষ্ট নোহোৱাকৈ দাঙিব পৰা হৈছিলোঁ , প্ৰথম দিন কেইটাত যেনেদৰে তেওঁক দাঙি লৈ যাওঁতে তিনি চাৰি খোজতে ভাগৰ লাগিছিল সেয়া ক্ৰমান্বয়ে হ্ৰাস পাইছিল। মই ভাবিছিলোঁ প্ৰতিদিনে একে কাম কৰি থাকোতে অভ্যাস হৈ ভাগৰ নলগা হ’ল বুলিহে।
পিছদিনা ৰাতিপুৱা তেওঁ মোক অনুৰোধ কৰিছিল তেওঁৰ বাবে কিছু পছন্দৰ কাপোৰ কিনি আনিবলৈ। মই আনি দিয়াত গম পালোঁ যে কোনোটো কাপোৰে তেওঁৰ পছন্দ হোৱা নাই। আৰু প্ৰশ্ন কৰাত এক দীঘল নিশ্বাস লৈ মোক কৈছিল যে তেওঁৰ দেহত আচলতে কাপোৰ বোৰ ডাঙৰহে হৈছে …. ।
মই বুজিব পাৰিলোঁ যে তেওঁ বহু বেছি ক্ষিণাই গৈছে আৰু সেইবাবেই হয়তো মই তাইক সহজতে দাঙিব পৰা হৈছোঁ। হঠাৎ মোক এইটো কথাই খুব আমনি কৰিলে ,,, যে তেওঁ গভীৰ মানসিক চাপ লোৱা হেতুকে , ভালদৰে খোৱা লোৱা এৰিছে আৰু ভালদৰে টোপনিও যোৱা নাই বুলি । আৰু সময়ো তেতিয়া ৰাতিপুৱা হৈছিল, মই মনৰ অজানিতে তেওঁৰ ওচৰ পাই তেওঁৰ কপালত হাত ৰাখিছিলোঁ। এনেতে আমাৰ সন্তানে মোক প্ৰত্যক্ষ কৰি মাকক কৈছিল, ” মা , পপাই তোমাক কোলাত লোৱাৰ সময় হৈছে ” । সেই মুহূৰ্তত মাকে তাক একো উত্তৰ নিদি বুকুৰ মাজত জোৰকৈ সাৱটি ধৰিছিল। মই ইটো দিশত ৰৈ থাকি ভয় খাইছিলোঁ যে শেষ মুহূৰ্তত সিন্ধাত সলনি কৰিব লাগিব বুলি। কিছু ক্ষণ পিছতে মই তেওঁক bedroom ৰ পৰা drawing room আৰু drawing room ৰ পৰা বাহিৰলৈ লৈ গৈছিলোঁ। তেওঁ মোৰ ডিঙিত হাত দুখনেৰে সাৱটি ধৰিছিল। ময়ো তেওঁক খুব লাহেকৈ কোলাৰ পৰা নমাই দিছিলোঁ বিয়াৰ দিনাৰ ৰাতিৰ দৰে। সেইদিনা তেওঁক দাঙি নিয়াত কোনো ধৰণৰ অসুবিধা বা কষ্ট হোৱা নাছিল যদিও মানসিক ভাবে মই ভীষণ কষ্ট পাইছিলোঁ। ভাবিছিলোঁ অনেক দিন আগতে যেতিয়া মই তেওঁক কোলাত লৈ দাঙিছিলোঁ, সেইদিনা তেওঁক কোলাৰ পৰা নমাই দিবলৈ মন নগৈছিল , তেওঁৰ পৰা অকণমান দূৰৈত যাবলৈ কষ্ট হৈছিল।
পিছৰ দিনা আমাৰ সন্তান স্কুললৈ গৈছিল। মই মোৰ পত্নীক জোৰকৈ সাৱটি ধৰি কৈছিলোঁ , ” মই বুজিবই পৰা নাছিলোঁ যে আমাৰ মাজত ইমান খিনি আন্তৰিকতা কিয় অভাৱ আছিল ” । তাৰ পিছত অফিচলৈ গলো আৰু অফিচ ছুটী হোৱা মাত্ৰকে পৰীৰ ঘৰলৈ দৌৰি গলো আৰু তেওঁক কলো, ” তুমি মোক ক্ষমা কৰি দিয়া, মই মোৰ স্ত্ৰীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব নোৱাৰোঁ “। পৰীয়ে মোৰ কপালখন হাতেৰে চুই প্ৰশ্ন কৰিছিল, ” তুমি ঠিকে আছানে , জ্বৰ হৈছে নেকি “? ময়ো তাইৰ হাত খন মোৰ কপালৰ পৰা আঁতৰাই কলো, ” মই মোৰ স্ত্ৰীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব নোৱাৰোঁ , পৰী তুমি পাৰিলে মোক মাফ কৰি দিবা , আমাৰ বৈবাহিক সম্পৰ্ক খুব মধুৰ নাছিল কিয়নো আমি খুব সৰু সৰু মুহূৰ্তবোৰ উপভোগ কৰিবলৈ জনা নাছিলো, আৰু তাক মূল্য দিয়া নাছিলোঁ, কিন্তু তাৰ অৰ্থ এইটো নাছিল যে আমি ইজনে সিজনক ভালপোৱা নাছিলোঁ, কিন্তু মই আজি বুজি পালোঁ যে যিদিনা মই তাইক বিয়া কৰিছিলোঁ সেইদিনা মই তেওঁৰ সৈতে চিৰ জীৱন , মৃত্যু পৰ্যন্ত কটাম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ”। প্ৰতিক্ৰিয়াৰে পৰীয়ে মোক জোৰকৈ এটি চৰ সোধালে আৰু লগে লগে কন্দা কটা আৰম্ভ কৰিছিল আৰু ময়ো লাহে লাহে উপায়হীন হৈ ঘৰলৈ উভতিলোঁ।
পথৰ দাঁতিত এখন ফুলৰ দোকান পালোঁ আৰু এটি ফুলৰ থোপা কিনিলোঁ মোৰ স্ত্ৰীৰ বাবে। দোকানীয়ে সুধিলে কাৰ্ডৰ ওপৰত কাৰ নাম লিখিব বুলি। ময়ো হাঁহি মাৰি উত্তৰ দি কলো লিখা,,, ” মই প্ৰতিদিনে ৰাতিপুৱা তোমাক কোলাত লম …. মোৰ মৃত্যু পৰ্য্যন্ত “। আৰু ঘৰলৈ উভতিলোঁ। মুখত এটি মিঠা হাঁহি আৰু হাতত ফুলৰ থোপা লৈ শুৱনি কোঠাত সোমাই দেখিলোঁ মোৰ স্ত্ৰী আৰু নাই , তেওঁ আমাক এৰি গুচি গৈছে, গোটেই জীৱনৰ বাবে ! তেওঁ আৰু কেতিয়াও ঘূৰি নাহে …. !
মোৰ পত্নীৰ কেঞ্চাৰ আছিল, অথচ মই পৰীক লৈ ইমানেই ব্যস্ত আছিলোঁ যে মই তাইৰ যত্ন লবলৈ পাহৰি গৈছিলোঁ। তেওঁ জানিছিল যে তেওঁৰ মৃত্যু হ’ব সোনকালে , তথাপিও তেওঁ বিচাৰিছিল শেষৰ দিন কেইটি মোৰ সৈতে কটাবলৈ । তেওঁ আমাৰ সন্তানৰ পৰীক্ষা থকাৰ বাবে এমাহ সময় লৈছিল যাতে আমাৰ বিচ্ছেদৰ কথা শুনি তাৰ মন – মগজুত কু প্ৰভাৱ নপৰে, পৰীক্ষাৰ ফলাফল বেয়া নহয়। তেওঁ মৰি গল কিন্তু তেঁওৰ সন্তানৰ আগত প্ৰমাণ কৰি গল যে মই তেওৰ বাবে এজন ভাল স্বামী আছিলোঁ, যিয়ে তেওঁৰ স্ত্ৰীৰ বহু যত্ন লৈছিল ।
সম্পৰ্কৰ এই সৰু সৰু কথাবোৰ সচাই গুৰুত্বপূৰ্ণ । এই ৰাজপ্ৰসাদ, টকা, গাড়ী, সম্পত্তিয়ে ভালে থকাৰ পৰিবেশ সৃষ্টি কৰিব পাৰে কিন্তু সুখ দিব নোৱাৰে। সেয়ে অলপ সময় নিজৰ স্বামীৰ বাবে, নিজৰ স্ত্ৰীৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ইজনে সিজনৰ বন্ধু হোৱা উচিত , কিছু সৰু সৰু মুহূৰ্ত তৈয়াৰ কৰক যাৰ পৰা সম্পৰ্কটো সুদৃঢ় হৈ ৰয় কাৰণ এটাই সত্য, ” পৃথিৱীত নিজৰ পৰিয়াল আটাইতকৈ দামী”।
স্বামীৰ বয়স ৪০ হলে দাম্পত্যত কি কি কণা লাগে তলত ক্লিক কৰি পঢ়ক
বহুত ভাল লাগিছে