Amazing psychological facts in Assamese language

বেছিভাগ ছাত্ৰ – ছাত্ৰীৰ কলেজৰ প্ৰথম দুটি বছৰ কিয় নষ্ট হয় !

আপুনি জানেনে এটা গৱেষণাত কোৱা হৈছে যে মানুহৰ হাঁহিয়ে মেক আপত কৈ ৬০ % বেছি সৌন্দৰ্য উজ্বলাই, সেয়ে সদায় হাঁহি থাকিব লাগে। আৰু জানেনে মানুহৰ মগজুৰ বিকাশ মাত্ৰ ৪০ বছৰ বয়সলৈকেহে হয় । আৰু আপুনি এইটো কথা জানেনে ছোৱালীৰ সৈতে কথা পাতি থাকোতে যদি আপুনি বেছি চিন্তিত (serious) হৈ যায় , তেতিয়া ছোৱালীয়ে কথা কোৱা বন্ধ কৰি দিয়ে। বেছি ভাগ মানুহে যেতিয়া কাৰোবাক গিফ্ট দিয়ে তেতিয়া বিপৰীত জনেও তেওঁক উপহাৰ দিবলৈ আগ্ৰহ প্ৰকাশ কৰে । কিয় কৰে সেই মনোবিজ্ঞানৰ সাঁথৰ খিনিৰ লগতে আৰু দহটা Amazing psychological facts যুগুতাই দিয়া হৈছে।

১০) আপুনি জানেনে পৃথিৱীৰ প্ৰায় ৫০ % মানুহে প্ৰতি মুহূৰ্ততে ধনী হোৱাৰ সপোন দেখে কিন্তু তাৰ ১% লোকহে ধনী হবলৈ সক্ষম হয়। মনোবিজ্ঞান অনুসৰি ইয়াৰ প্ৰথম কাৰণ হৈছে Action নোলোৱা, আৰু দ্বিতীয় ডাঙৰ কাৰণটো হৈছে কৃতকাৰ্য নোহোৱাৰ ভয় কৰা ( Fear of failure) ।

4 HABITS TO AVOID IF YOU WANT TO BE RICH

হিট কমেদি ভিডিঅ’ চাবলৈ তলত ক্লিক কৰক

Continue reading …..

 কিন্তু সেই ১% মানুহ যিয়ে ধনী হৈ যায় তেওঁলোকে আৰম্ভণিতে action লয় , অসফল হলেও হাৰ নামানে কাৰণ তেওঁলোকে জানে যে সফল হবলৈ যাওঁতে বিফলতাৰ ভয় থাকিবই।

৯) আপুনি সদায়ে এনে কিছুমান মানুহ লগ পাব যিয়ে আনৰ ভুল ধৰিবলৈ পছন্দ কৰে, আৰু মনোবিজ্ঞান অনুসৰি সেইসকল ব্যক্তিৰ আত্মবিশ্বাস বহুত কম আৰু সেই লোকে নিজৰ আৰু নিজৰ কামৰ ওপৰত বিশ্বাস আৰু মনোযোগ নিদিয়ে , যাৰ বাবে তেওঁ আনৰ ভুল সমূহৰ ওপৰতে চকু ৰাখে আৰু আনৰ ভুল ধৰি আনন্দ লাভ কৰে।

Five serious problems arising from head injury

৮) Aboulomania হৈছে মানুহৰ মগজুৰ এনে এটি আজৱ অৱস্থা ; যাৰ ফলত মানুহে সহজতকৈ সহজ কথা মানি লব নোৱাৰা হয় , সিদ্ধান্ত লব নোৱাৰা হয় । এই ৰোগ হলে মানুহৰ অতি সাধাৰণ কাম এটি কৰিবলৈ অসুবিধা হয় যেনে – ভাত খাব নে নাই, ব্ৰাছ কৰিবনে নাই, টোপনি মাৰিব নে নাই আদিৰো সিদ্ধান্ত লব নোৱাৰা হৈ পৰে।

৭) বৰ্তমান সামাজিক মাধ্যমৰ যুগত কিছু মানুহে এই মাধ্যমৰ দ্বাৰা নিজকে grow কৰাৰ চেষ্টা কৰে আৰু কিছু মানুহে এই মাধ্যমক time pass কৰা মাধ্যম হিচাপে ব্যৱহাৰ কৰে , লগতে মনোবিজ্ঞান অনুসৰি যি মানুহে নতুনকৈ সামাজিক মাধ্যমৰ একাউণ্ট খোলে তেওঁলোকৰ ৯০% লোকে প্ৰথমে নতুন নতুন আৰু অচিনাকি মানুহৰ সৈতে বন্ধুত্ব গঢ়াৰ চেষ্টা কৰে আৰু তেওঁলোকক মেছেজ কৰে।

৬) যেতিয়া কোনোবাই আমাক ফ্ৰি উপহাৰ দি থাকে তেতিয়া আমাৰো মন যায় তেওঁক এটা উপহাৰ দিয়াৰ। মনোবিজ্ঞান অনুসৰি এই প্ৰৱণতা আহে কিয় জানে, বেছিভাগ লোকৰ মনে কাৰো উপহাৰ বা সহায় ফ্ৰীতে গ্ৰহণ কৰাটো পছন্দ নকৰে।

৫) মনোবিজ্ঞান অনুসৰি বেছি পঢ়া শুনা কৰা আৰু বেছি চিন্তাশীল লোকসকলৰ নিজৰ সৈতে কথা পতাৰ প্ৰৱণতা দেখা যায়। এনে কৰাৰ ফলত তেওঁলোকৰ মগজুৰ বন্ধ হৈ থকা অংশবোৰৰো টলা খোল যায় ,যাৰ ফলত তেওঁলোকে কোনো সমস্যাৰ সমাধান সহজতে লাভ কৰে। এনে লোক সমূহ সৃষ্টিশীল হোৱা দেখা যায়।

৪) Alien hands syndrome হৈছে এটি ভয়ংকৰ মমানসিক ৰোগ যাৰ ফলত এজন মানুহৰ মগজুৰ বাওঁফালৰ কোষৰ পৰা সোঁফালৰ কোষলৈ signal গতি নকৰে আৰু তাৰ ফলত লোক জনৰ এক ফালৰ অংশই অৰ্থাৎ হাত ভৰি আদি দেখাত ঠিকে থাকিলেও কাম বোৰ ভুলকৈ কৰা আৰম্ভ কৰে। যেনে হঠাতে হাতৰ পৰা লৈ থকা বস্তু পৰি যাব পাৰে, কাৰোবাক আঘাত কৰিব পাৰে, কিবা ধংশ কৰিব পাৰে বা কাৰোবাক হত্যা পৰ্য্যন্ত কৰিব পাৰে।

Amazing psychological facts of college students

৩) বেছিভাগ ছাত্ৰৰ কলেজৰ প্ৰথম দুটি বছৰ কোনো কাৰণ নোহোৱাকৈ নষ্ট হৈ যায় । মনোবিজ্ঞান অনুসৰি এইটো এইবাবেই হয় যে কলেজৰ অভিজ্ঞতা একেবাৰে জীৱনত নতুন আৰু পৃথক হয়, তেওঁলোকে বুজিয়ে নাপায় যে আগন্তুক কেৰিয়াৰত তেওঁলোকে কি কৰা উচিত। আৰু বুজি থাকোঁতে প্ৰথম দুই বছৰ পাৰ হৈ যায়।

২) টোপনি সকলোৰে আহে , টোপনি মাৰিবলৈ সকলোৱে পছন্দ কৰে। লগতে সকলো ব্যক্তিয়ে সাৰ পাই উঠি অকণমান দেৰি শুই উঠিবলৈ পচন্দ কৰে যদিওবা  তাৰ পিছত তেওঁ কাম কাজ আৰম্ভ কৰে। কিন্তু Clinomania এনে এটি মানসিক ৰোগ যদি কাৰোবাৰ গাত দেখা দিয়ে তেওঁ গোটেই দিন শুই থাকিবলৈ পছন্দ কৰে আৰু বাকী কাম কাজক ignore কৰে।

১) কিছুমান লোকে ভিডিঅ’ গেম খেলিব পছন্দ কৰে কাৰণ ই বৰ আমোদজনক হয় ; লগতে এই গেম খেলিলে মগজুত দোপামিন কেমিকেল ক্ষৰণ হয়। কিন্তু মনোবিজ্ঞান অনুসৰি এই গেম খেলা মানুহৰ মগজু বহুত সৃষ্টিশীল হৈ পৰে কাৰণ এই খেল খেলিলে মানুহে সম্পূৰ্ণ মনোযোগ দিব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি বাকী সকলো কাম এৰি এই খেল খেলি থাকিব। অৱশ্যেই আজৰি সময়ত কিছু সময় এই গেম খেলিলে focus আৰু creativity বাঢ়িব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *