Causes of breast cancer and precautions

ছোৱালীৰ এই ৭ টি ভুলৰ বাবে হয় স্তন কেন্সাৰ ! প্ৰত্যেক ছোৱালীয়ে পঢ়ক

ছোৱালীৰ এই ৭ টি ভুলৰ বাবে হয় স্তন কেন্সাৰ ! প্ৰত্যেক ছোৱালীয়ে পঢ়ক এই পোষ্ট —

বৰ্তমান গোটেই পৃথিৱীত স্তন কেঞ্চাৰ (Breast cancer) মহিলাৰ মাজত এক আতংকৰ নাম। ভয়াৱহতা আৰু দিনে দিনে ক্ৰমাৎ বাঢ়ি গৈয়ে আছে। ইফালে কেন্সাৰৰ বাবে প্ৰচলিত ঔষধ বোৰে সিমান কাম নকৰে, প্ৰচলিত কেমোথেৰাপিয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে এই ৰোগ। সেয়ে চিকিৎসক সকলৰো চিন্তা আৰু মূৰৰ কামোৰণি বৃদ্ধি হ’বলৈ ধৰিছে এই স্তন কেঞ্চাৰত ভোগা ৰোগীৰ সংখ্যা ক্ৰমাগত বৃদ্ধিৰ বাবে। কিন্তু কি জানে ? মহিলাৰ দৈনন্দিন কিছুমান ভুলৰ বাবে এই স্তন কেঞ্চাৰত ভোগাৰ শংকা বৃদ্ধি হয়।

USE OF DEODODERANT CAN CAUSE CANCER

৭) ঘামৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ বহুতে দিঅ’ড্ৰেণ্ড ( deodorant) ব্যৱহাৰ কৰে। কিন্তু এই দিঅ’ড্ৰেণ্ড কিনোতে সাৱধান হোৱা উচিত যে তাত কি কি উপাদান সন্নিবিষ্ট হৈ আছে ? এলুমিনীয়াম বেছ থকা দিঅ’ড্ৰেণ্ড ব্যৱহাৰ নকৰা ভাল কিয়নো ই আপোনাক দিব পাৰে স্তন কেঞ্চাৰ।

হিট কমেদি ভিডিঅ’ চাবলৈ তলত ক্লিক কৰক

Continue reading …..

৬) চুলি পকাৰ বাবে বা ফেচনৰ বাবে বিভিন্ন ধৰণৰ সস্তীয়া ৰং কিনি আনি ঘঁহা বিপদজনক। ইয়াৰ পৰা চুলি সৰা সমস্যাৰ লগতে সেই ৰং সমূহত সন্নিবিষ্ট ৰাসায়নিক দ্ৰব্যৰ পৰা কেন্সাৰ পৰ্যন্ত হ’ব পাৰে। সেয়ে ভাল ব্ৰেণ্ডৰ হাৰ্বেল ৰং ব্যৱহাৰ কৰা উত্তম। আটাইতকৈ উত্তম হৈছে মেহেন্দি ব্যৱহাৰ কৰা , কিয়নো মেহেন্দি যেনেকৈ চুলিৰ বাবে উপকাৰী ঠিক তেনেদৰে ইয়াৰ পাৰ্শ্বক্ৰিয়া নাথাকে।

Room freshener can cause breast cancer

৫) ঘৰৰ দুৰ্গন্ধ নাশ কৰিবলৈ ঘৰত ৰুম ফ্ৰেচনাৰ ( Room freshener ) ব্যৱহাৰ কৰা দেখা যায়। কিন্তু ইয়াত থকা প্যাথলেট নামৰ প্লাষ্টিচাইজিং নামৰ ৰাসায়নিক দ্ৰব্য যিয়ে সুগন্ধিক দীৰ্ঘস্থায়ী কৰে, সেয়া বহুত স্বাস্থ্য অপকাৰী ; যাৰ ফলতে স্তন কেঞ্চাৰ হ’ব পাৰে। বিকল্প হিচাপে আপুনি এটা কাম কৰিব পাৰে উতলা গৰম পানীত এটুকুৰা ডালচিনি পেলাই দি মজিয়াত ৰাখি দিয়ক আৰু চাওঁক ঘৰখনত কিমান ধুনীয়া গোন্ধই বিৰাজমান কৰিছে।

৪) আলমাৰীৰ কাপোৰ পোক পতঙ্গৰ পৰা বচাই ৰাখিবলৈ বহুতে নেপথেলিন ব্যৱহাৰ কৰে। যি মাত্ৰ পোক পতংগ দূৰ কৰাই নহয়, মহিলাৰ স্তন কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে। বিকল্প হিচাপে নিম পাত শুকাই কাগজত বান্ধি আলমাৰীত ৰাখি থওঁক একে উপকাৰ পাব।

৩) ৰান্ধনী ঘৰৰ চিংক বা কেবিনেট যি ৰঙীন ৰাসায়নিক দ্ৰব্যৰে পৰিষ্কাৰ কৰি থাকে তাৰ পৰা অকল স্তন কেঞ্চাৰে নহয় , মহিলাৰ মাইগ্ৰেইন আৰু এলাৰ্জি সমস্যা সৃষ্টি কৰে। বিকল্প হিচাপে এই ৰঙীন কেমিকেল পৰিহাৰ কৰি বেকিং চদা নাইবা ভিনেগাৰৰ সহায়ত পৰিষ্কাৰ কৰক।

২) স্তনৰ আকাৰতকৈ ডাঙৰ বক্ষবন্ধনী ( Bra ) পিন্ধিলে স্তনৰ কোষসমূহক ভালদৰে চাপৰ্ট দিব নোৱাৰে। আকৌ অতি সৰু আৰু টান পিন্ধিলে স্তনৰ তৰল পৰিবাহী নলিকা সমূহ ক্ষতিগ্ৰস্ত হোৱাৰ শংকা থাকে। লগতে খুব সাধাৰণ বক্ষবন্ধনী পিন্ধিলে ঘাম আৰু আদ্ৰতা জমা হৈ পৰে স্তনত । এই তিনি কাৰণত মহিলাৰ স্তনৰ কেঞ্চাৰৰ আশংকা বৃদ্ধি হয়। ঘৰত থকাৰ সময়ত পাৰিলে বক্ষবন্ধনী  নিপিন্ধাই শ্ৰেয়।

১) প্লাষ্টিকৰ বাকচত খাদ্য ভৰাই থৈ সেৱন কৰা স্তন কেঞ্চাৰৰ এক কাৰণ । প্লাষ্টিকৰ গিলাচ , ঠালত গৰম খাদ্য সেৱন কৰা ইত্যাদি স্তন কেঞ্চাৰৰ এক কাৰণ। বিকল্প হিচাপে কাচৰ পাত্ৰ উত্তম।

পৃথিবীৰ দহটি আচৰিত কথা জানিবলৈ তলত ক্লিক কৰক

বেছিভাগ ছাত্ৰ – ছাত্ৰীৰ কলেজৰ প্ৰথম দুটি বছৰ কিয় নষ্ট হয় !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *