মানুহৰ মনৰ স্তৰ তিনিটা, অচেতন, চেতন আৰু অৱচেতন। টোপনিৰ সময়ত মানুহ অৱচেতন হৈ থাকে আৰু এই অৱচেতন অৱস্থাতো মানুহৰ ব্যক্তিত্ব ফুটি উঠে। শুনি আচৰিত হব যে মানুহে টোপনিৰ সময়ত নিজৰ ভাব ভংগীমাৰে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰে। জাগি থকা অৱস্থাত মানুহে যেনেকৈ চলা ফুৰা কৰে, কথা বতৰা পাতে, নিজৰ আবেগ আৰু ব্যক্তিত্ব প্ৰকাশ কৰে ঠিক তেনেদৰে শুই থকা অৱস্থাতো অৰ্থাৎ টোপনিৰ ভংগীয়ে প্ৰকাশ কৰে তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰ। চাউথ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ মাৰ্ক কোহলাৰে এনে এক তথ্যই প্ৰকাশ কৰিছে ।
১) কোনো ব্যক্তি যদি মাৰ পেটত থকা শিশু এটিৰ দৰেই টোপনি যায় তেন্তে বুজা যায় যে সেই ব্যক্তি অত্যন্ত দুশ্চিন্তাগ্ৰস্ত ।
২) যি লোক সোঁৱফালে কাটি হৈ শুৱে তেওঁ বহুত হিচাপি আৰু সঠিক জীৱন যাত্ৰাৰ অধিকাৰী।
৩) যি লোকে বুকু ডাঠ কৰি ৰজাৰ দৰে শুৱে তেওঁলোক আত্মনিৰ্ভৰশীল হয়। খুব দৃঢ় ব্যক্তিত্বৰ লোকেহে এনেদৰে শুৱে। এওঁলোকৰ টোপনি খুব পাতল হয়, খুব সোনকালে টোপনি যায় আৰু সৰু শব্দ পালেই সাৰ পাই। এওঁলোকে হাত ভৰি আৰু সম্পূৰ্ণ শৰীৰ চিধা কৰি টোপনি যোৱা পছন্দ কৰে।
৪) যিয়ে তলপেট কৰি টোপনি যায় তেওঁলোক খুব হতাশাগ্ৰস্ত হৈ থাকে, এওঁলোকৰ আত্মবিশ্বাস অতি কম আৰু এওঁলোকে নিজক নিয়ন্ত্ৰণত ৰাখিব নাজানে।
লগতে স্বামী – স্ত্ৰীয়ে টোপনি যোৱাৰ অনেক কথা ডঃ মাৰ্কে বৰ্ণনা কৰিছিল। অৰ্থাৎ স্বামী স্ত্ৰীৰ টোপনি যোৱাৰ ভঙ্গীত বুজিব পাৰি তেওঁলোকৰ সম্পৰ্কৰ স্থিতি।
১) স্বামী স্ত্ৰী দূৰত্ব বজাই টোপনি গলে জানিব তেওঁলোকৰ সম্পৰ্কত অনেক দূৰত্ব বাঢ়িছে।
২) ভৰিত ভৰি তুলি শুলে জানিব তেওঁলোকৰ মাজত মধুৰ সম্পৰ্ক বিৰাজ কৰিছে।
৩) স্বামী – স্ত্ৰী ইজনে আনজনৰ কঁকালত ধৰি শুলে জানিব সম্পৰ্ক বহু দৃঢ়। তেওঁলোকৰ সম্পৰ্কক তেওঁলোকে সুন্দৰ ভাবে উপভোগ কৰিব জানে।