criteria for selection of bride for marriage

নিকাটাত্মীয়ৰ সৈতে বিবাহ বিজ্ঞানসন্মত নহয় ! কাৰণটো সকলোৰে দৰকাৰী।

নিকাটাত্মীয়ৰ সৈতে বিবাহ বিজ্ঞানসন্মত নহয় ! কাৰণটো সকলোৱে জানা দৰকাৰী।

নিকাটাত্মীয়ৰ সৈতে বিবাহ বিজ্ঞানসন্মত নহয় । নিজৰ তেজৰ সম্পৰ্ক থকা লোকৰ সৈতে বিবাহ কৰাৰ ফলত যি সন্তান জন্ম হ’ব সেই সন্তানৰ দেহত জন্মগত ক্ৰুটি দেখা দিয়াৰ প্ৰৱণতাই খুব বেছি। এই সম্পৰ্কে দা লেন্সেট নামৰ সাময়িক আলোচনীত প্ৰকাশ পাইছে গৱেষণাৰ এক নতুন তথ্য।

Ask these few question to him to whom you are going to marry

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাডফোৰ্ড চহৰত পাকিস্তানৰ বংশোদ্ভৱ জনগোষ্ঠীয় লোক সকলৰ মাজত গৱেষণা কৰি বিজ্ঞানীসকলে দেখা পাইছিল যে এই জনগোষ্ঠীৰ প্ৰায় ৩৭ শতাংশ লোকে নিজৰ আত্মীয়ৰ মাজত বিবাহ সম্পৰ্ক কৰে আৰু তেওঁলোকৰ সন্তান সমূহৰ প্ৰায় ৩০ শতাংশৰ জিনগত অস্বাভাৱিকতাৰ হাৰ উপলব্ধ। এই অস্বাভাৱিকতাৰ ভিতৰত নৱজাতকৰ অতিৰিক্ত আঙুলি থকা, ফটা নাক, ফটা ওঁঠ, ফটা তালু, হৃদপিণ্ডৰ ছিদ্ৰ থকা, মস্তিষ্কৰ গঠনৰ ক্ৰুটি থকা আদি। তাৰে ভিতৰত নিজৰ ভাই ভনীয়েকৰ সতে বিবাহ সম্পন্ন কৰা সকলৰ মাজত এই ক্ৰুটি অতি বেছি । আৰু এই গৱেষণাক নেতৃত্ব দিছিল লিডছ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ অধ্যাপক য়ামন চেৰিদানে। ২০০৭ চনৰ পৰা ২০১১ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা প্ৰায় তেৰ হাজাৰ শিশুক এই গৱেষণাত সামৰি লোৱা হৈছিল।

know your life partner before you marry

লগতে বিশেষজ্ঞ প্রকাশ কৰে যে সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ কোটিতকৈ বেছি লোকে এই বিবাহ সংস্কৃতি পালন কৰে।

আৰু পঢ়ক,,

প্ৰেম বিবাহ নে পাৰিবাৰিক বিবাহ উত্তম জানিবলৈ তলত ক্লিক কৰক

প্ৰেম বিবাহ Vs পাৰিবাৰিক বিবাহ ! উত্তম কি ? সুবিধা কত বেছি ? কাৰণসমূহ :-

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *