Which is better love marriage or arrange marriage ?

প্ৰেম বিবাহ Vs পাৰিবাৰিক বিবাহ ! উত্তম কি ? সুবিধা কত বেছি ? কাৰণসমূহ :-

প্ৰেম বিবাহ Vs পাৰিবাৰিক বিবাহ ! উত্তম কি ? সুবিধা কত বেছি ? কাৰণসমূহ ( Love marriage Vs arrange marriage)  :-

প্ৰেম বিবাহ ভাল নে পাৰিবাৰিক বিবাহ উত্তম এই বিষয় লৈ বহুতৰ মাজত দ্বিধাদ্বন্দ্বৰ অন্ত নাই। বিবাহে দুটি পৰিয়ালৰ মাজত এক সম্পৰ্ক সৃষ্টি কৰে, যাৰ মাজত অন্তৰ্নিহিত হৈ থাকে পৰস্পৰৰ বুজাবুজি , প্ৰেম ভালপোৱা, পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান। এই সমূহ দিশ বিবেচনা কৰি বহুতে প্ৰেম বিবাহক স্বীকাৰ কৰিবলৈ টান পায়। বহুজনৰ মতে পাৰিবাৰিক বিবাহ সৰ্বোত্তম। কিন্তু দৰাচলতে উভয় ধৰণৰ বিবাহৰ কিছু পৰস্পৰ বিৰোধী সুবিধা অসুবিধা বাস্তৱ ক্ষেত্ৰখনত যুগে যুগে প্ৰতিফলিত হৈ আহিছে।

love marriage Vs arrange marriage

সামাজিক ভাৱে সামঞ্জস্যপূৰ্ণ থাকে পাৰিবাৰিক বিবাহত। কাৰণ পাৰিবাৰিক বিবাহত উভয় পৰিয়ালে অকল বিবাহৰ লৰা ছোৱালীক অনুধাৱন কৰাৰ লগতে পৰিয়াল আৰু পাৰিপাৰ্শ্বিকতাক ভালদৰে নিৰীক্ষণ কৰে আৰু তাৰ পিচতহে বিবাহৰ সিদ্ধান্তত উপনীত হয়। ফলতে দুই পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড, পাৰিবাৰিক জীৱনচৰ্চা , দুই পৰিয়ালৰ ষ্টেটাছ, মূল্যবোধ, সংস্কৃতি আৰু সংস্কাৰ আদিৰ মিল পৰিলক্ষিত হয়। আৰু সেইবাবেই পাত্ৰ পাত্রী আৰু দুই পৰিয়ালৰ সদস্যই উভয় পৰিয়ালৰ ৰীতি নীতি , আচাৰ ব্যৱহাৰ সহজতে মানি লবলৈ কষ্ট বা অসুবিধা নহয়। ইয়াৰ ফলতে বৈবাহিক সম্পৰ্ক দীৰ্ঘস্থায়ী হয় , প্ৰেম বিবাহৰ তুলনাত।

Ask these few question to him to whom you are going to marry

পাৰস্পৰিক বুজাবুজি, শ্ৰদ্ধা আৰু সন্মান বেছি থাকে পাৰিবাৰিক বিবাহত। যেতিয়া দুটি পৰিয়ালৰ বুজাবুজিৰ ফলত এখন বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়া স্বাভাৱিকতে পাত্ৰ পাত্রীয়ে ইজনে সিজনৰ প্ৰতি শ্রদ্ধা আৰু সন্মান বজাই ৰখাৰ যত্ন কৰা দেখা যায়। কাৰণ এনে বিবাহত অকল দুজনৰ নহয় , দুটি পৰিয়ালৰ মান সন্মান জড়িত হৈ থাকে। অৱশ্যে প্ৰেম বিবাহ কৰা সকলৰ ক্ষেত্ৰটো মান শ্ৰদ্ধা বহুখিনি দেখা যায় যদিও যেতিয়াই পৰিয়াল কেন্দ্ৰিক খেলিমেলি আৰম্ভ হয় , তেতিয়া পাত্ৰ পাত্রী দুয়োজনৰ মনোমালিন্য আৰম্ভ হয় আৰু সম্পৰ্কই বিৰূপ গতি ধাৰণ কৰা দেখা যায়।

পাৰিবাৰিক বন্ধন মজবুট হয় পাৰিবাৰিক বিবাহত। দুই পৰিয়ালৰ সৰ্বসন্মতি মৰ্মে প্ৰস্তাৱিত বিবাহৰ পিছত পৰিয়ালৰ লোকে গৃহলৈ নতুন সদস্যৰ সৈতে সহজতে সহজ হৈ পৰে আৰু মানি লবলৈ বাধ্য হৈ পৰে। আৰু সকলোৱে এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ বদ্ধ পৰিকৰ হৈ পৰে। কিন্ত প্ৰেম বিবাহৰ পিছত , পৰিয়াল বৰ্গই মানি লোৱাৰ পিছতো কিবা নহয় কিবা অসন্তুষ্টি পুনঃ উদয় হোৱা দেখা যায়। যদিও আৰম্ভণিতে কোনো সমস্যাৰ সৃষ্টি নহয় , দিন বাগৰিলে কিবা নহয় কিবা সমস্যা উদয় হয়।

Ask these few question to him to whom you are going to marry

পাৰিবাৰিক বিবাহত এৰা ধৰা আৰু পৰস্পৰ বুজাবুজি বেছি থাকে। প্ৰেম বিবাহত ইজনে সিজনৰ ওপৰত আশা আকাংশা বেছি কৰা দেখা যায় আৰু যিসমূহ পূৰণ নহ’লে বহুসময়ত মান আৰু অভিমানে চূড়ান্ত পৰ্যায় লয়। আৰু সৰু সমস্যাতে প্ৰেমিক প্ৰেমিকাই ভাবে ইজনে আনজনক ভালপোৱাৰ পিছতো কিয় সমস্যাবোৰ বুজি নাপায় আৰু তাৰ চিন্তাই হতাশাগ্ৰস্ত কৰে তেওঁলোকক । কিন্তু পাৰিবাৰিক বিবাহত এই আকাংশা কিছু কম থাকে আৰু যি পাইছে তাতেই সন্তুষ্ট থাকি সুখী হোৱাৰ প্ৰৱণতা বেছি থাকে , যত সম্পৰ্ক সুখৰ হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *