Wine and winter

  বহুতৰে ধাৰণা যে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বা শীতৰ পৰা দেহক বচাই ৰাখিবলৈ দুই – তিনি পেক হুঁচকী, ব্ৰেণ্ডি বা ৰম্ অতি উত্তম। কিন্তু সঁচাই জানো এলকহ’ল বা মদ্যপান কৰিলে দেহ গৰম হৈ থাকে নেকি ? বিশেষজ্ঞ সকলে কি কয় এই বিষয়ে ? এই নিচা যুক্ত পানীয়ৰ লগতে আৰু কি কি পানীয়ই শীত কালত দেহ উমাল কৰি ৰাখিবলৈ সক্ষম হয় ? এই সকলো বিষয় বিস্তাৰিত ভাবে যুক্তিসংগত ভাবে আলোচনা কৰা হ’ব।

Drinking wine cannot prevent cold

শীত কালত দেহ উমাল কৰি ৰাখিব পৰা পানীয় সমূহ হৈছে :-

১) সাধাৰণ পানী :- পুষ্টি বিশেষজ্ঞ সকলৰ মতে ঠাণ্ডা দিনত দেহ উমাল কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে সাধাৰণ পানী সেৱনে যথেষ্ট। কিয়নো পানী খালে দেহত জলশূন্যতা ( Dehydration ) নহয় । আৰু কমকৈ পানী সেৱন কৰিলে জলশূন্যতা হ’ব , ফলত ঠাণ্ডা বেছিকৈ লাগিব। কিয়নো জলশূন্য শৰীৰত তেজৰ চলাচল ব্যাহত হয়, যাৰ ফলত দেহত হাইপ’থার্মীয়াৰ দৰে পৰিঘটনা সংঘটিত হৈ দেহে ঠাণ্ডা অনুভৱ কৰে।

২) চাহ :- শীত কালৰ অন্যতম পানীয় সমূহৰ এবিধ হৈছে চাহ। এই চাহ দৈনিক তিনি চাৰি কাপ সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় , লগতে শৰীৰ ডিটক্সিফাই ( Body detoxification ) অৰ্থাৎ বিশুদ্ধ হয় । লগতে শৰীৰে উষ্ণতা ধৰি ৰাখিবলৈ সক্ষম হয়।

৩) হালধি চাহ :- যাক ইংৰাজীত গোল্ডেন মিল্ক ( Golden milk) বুলি কোৱা হয়। ৰাতিপুৱাই একাপ হালধি চাহ সেৱন কৰিলে হৃদযন্ত্ৰৰ গতি নিয়মিত হয়, আৰু দেহৰ ছালখন সতেজ হয়। এই দুই উপকাৰৰ বাবে ঠাণ্ডাই দেহৰ ছালত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ অসমৰ্থ হয়।

৪) অলমণ্ড গাখীৰ ( Almond milk) :- ভিটামিন E, কেলচিয়াম, পতাশিয়াম , মেগনেচীয়ামৰ ভঁৰাল এই বাদামৰ পৰা প্ৰস্তুত কৰা পানীয় ঠাণ্ডাক প্ৰতিহঁত কৰিবলৈ এবিধ উত্তম বিকল্প।

Can wine prevent cold in winter

৫) এলকহ’ল ( Wine) :- শীত কালত পানী কম আৰু মদ বেছি সেৱন কৰিলে দেহত পানীৰ অভাৱ হয়। আৰু এই পানীৰ অভাৱৰ ফলত ঠাণ্ডাৰ অনুভৱ বেছিহে হ’ব। আৰু এটা কথা যে মদ দুই তিনি পেক লোৱাৰ পিছতে কিছু গৰম অনুভৱ লাগিব পাৰে যদিও দীৰ্ঘ সময় এই উষ্ণতা ধৰি ৰখা টান। মদ্যপান কৰিলে শৰীৰৰ কঁপনি ধৰাৰ প্ৰৱণতা নাইকিয়া হয়। জানি লব দেহত ঠাণ্ডা অনুভৱ যেতিয়া বেছি হয়, তেতিয়া প্ৰাকৃতিক ভাৱে ( natural response) দেহৰ কোষত কঁপনি আহে, যাৰ ফলতে দেহত উত্তাপৰ সৃষ্টি হয় আৰু শীতলতা প্ৰতিহঁত হয়।

সেয়ে পছন্দ আপোনাৰ।

সন্তানক কেনেকৈ ড্ৰাগছৰ পৰা দুৰত ৰাখিব জানিবলৈ তলত ক্লিক কৰক

সন্তানক কেনেকৈ ড্ৰাগছৰ পৰা দুৰৈত ৰাখিব?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *