HOW CAN YOU PREVENT YOUR CHILD FROM DRUG ABUSE

পৰিয়ালত এজনে ড্ৰাগছ সেৱন কৰিলে সকলো সদস্য নিচাশক্তহৈ পৰে !! সন্তানক কেনেকৈ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিব ?

HOW CAN YOU PREVENT YOUR CHILD FROM DRUG ABUSE

  আজিৰ সন্তান কাইলৈৰ দেশৰ ভবিষ্যত। এজন সু পুত্ৰই অকল তেওঁৰ নিজৰে নহয় এখন সমাজৰ এখন দেশৰ এখন ৰাষ্ট্ৰৰ হিত সাধন কৰিবলৈ সমৰ্থ ৰাখে। কিন্তু আজিৰ বহু সন্তানৰ ভৱিষ্যত অধঃপতনে গৈছে। ফুল কুমলীয়া সন্তানৰ মগজু আৰু বিবেক ধ্বংস হৈছে ; নিচাশক্ত হৈ পৰিছে মন আৰু মগজু। ডেকা সমাজৰ স্খলন হবলৈ ধৰিছে প্ৰাণনাশী ড্ৰাগছৰ কবলত পৰি।

 

Prevent your child from drugs addiction by few steps

  কিছু অসাধু চক্ৰই নতুন প্ৰজন্মৰ হাতত অসাধু অভিপ্ৰায়েৰে তুলি দিছে প্ৰাণনাশ কৰা কিছু মিঠা বিষ যাৰ পৰা তেওঁলোকে বৃহৎ অৰ্থৰ মুনাফা লাভ কৰে। অৰ্থাৎ এই চক্ৰই আপোনাৰ মোৰ সন্তানৰ ওপৰত সদায় নজৰ ৰাখে কিয়নো তেওঁলোকক লাগে ড্ৰাগছৰ গ্ৰাহক। এটা কথা ঠিক এজন লৰা বা ছোৱালীয়ে সাধাৰণতে পকেটত পাঁচশ টকা লৈ ঘৰৰ পৰা ড্ৰাগছ সেৱন কৰিম বুলি কেতিয়াও ওলাই নাযায়। কিবা নহয় কিবা অজুহাতত হয় হীনমন্যতাত ভুগি, পৰীক্ষা ফেইল কৰি , প্ৰেমৰ প্ৰতাৰণা আদিৰ ফলশ্ৰুতিত বিষাদ কমাবলৈ এজন সু সন্তানে প্ৰথম বাৰৰ বাবে সেৱন কৰে এই ড্ৰাগছ । হয় তেওঁৰ দুষ্ট বন্ধু বৰ্গৰ উচতনিত, নহয় তেওঁ নিজেই মানসিক চাপৰ পৰা মুক্ত হবলৈ নাইবা স্ফূৰ্তিতো এজন ভাল সন্তান ড্ৰাগছৰ কবলত পৰিব পাৰে। আৰু এদিন দুদিন আৰু তিনিদিন খোৱাৰ পিছত বাৰুকৈয়ে এৰিব নোৱাৰা হৈ পৰে।

How to prevent a child from drugs abuse

  সেয়ে এজন ভাল অভিভাৱক হিচাপে লৰা ছোৱালীৰ সুখ দুখ সকলোখিনি নজৰ দিয়া অত্যন্ত প্ৰয়োজনীয়। অভিভাৱক হিচাপে নিজৰ লৰা ছোৱালীৰ সৈতে ব্যৱধান কমাই ৰখা অতি প্ৰয়োজনীয়। তেঁও লোকে কি কব বিচাৰিছে ভালদৰে শুনা অতি প্ৰয়োজনীয়। আৰু সৰুৰে পৰা তেওঁলোকক এই নিচাসেৱন আৰু ড্ৰাগছ আদি সেৱনৰ কুফল সমূহৰ জ্ঞান দিয়া অতি দৰকাৰী। যদিহে সন্তানৰ খোৱা লোৱা কৰাৰ অভ্যাস, টোপনিৰ অভ্যাস সলনি হোৱা দেখিছে তাক মনে মনে অনুসন্ধান কৰা দৰকাৰী। যদিহে হঠাতে বন্ধুবৰ্গৰ সলনি হোৱা দেখিছে, আচৰণ আৰু ব্যৱহাৰৰ পৰিবৰ্তন দেখিছে তাক মনে মনে তদন্ত কৰা জৰুৰী। যদিহে পৰিয়ালৰ নিয়ম নীতিক অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে; যদিহে কোনো বেমাৰ নোহোৱা অৱস্থাত সন্তানৰ কোঠাত কিবা ঔষধৰ বাকলি, ঔষধৰ বটল দেখিছে নিশ্চয় চিন্তনীয়।

  ড্ৰাগছ মানে ঔষধি আৰু এই ঔষধ মানৱ কল্যাণৰ বাবেহে। কিন্তু এই ঔষধীক যদি বেকাকৈ ব্যৱহাৰ কৰা হয় তাৰ পৰিনাম বেঁকা হয়। আৰু এই সূত্ৰৰ পৰাই এই মানৱ কল্যাণকৰি ঔষধ আজিৰ কলিযুগত হৈ পৰিছে এক নিচাযুক্ত দ্ৰব্য হিচাপে যাৰ ফলশ্ৰুতিত ব্যক্তি বিশেষৰ স্খলন হোৱাৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজ খন ধ্বংস হৈছে। এই ড্ৰাগছৰ অপকাৰ সমূহ কৈ শেষ কৰিব নোৱাৰি। ই দেহৰ অংগ প্ৰতঙ্গ এফালৰ পৰা ধ্বংস কৰি পেলাই।

Way to prevent a child from drug abuse

  বিশেষকৈ শৰীৰত হব পৰা কুপ্রভাব সমূহ নিৰ্ভৰ কৰে কোনবিধ ড্ৰাগ ব্যক্তি বিশেষে ব্যৱহাৰ কৰিছে আৰু কিমান দিনৰ বাবে ব্যৱহাৰ কৰিছে। বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ হৈছে কেন্নাবীজ, হিৰোইন, ককেইন, মাৰিজোঁৱানা আদি। সকলোৰে কুপ্রভাব বেলেগ যদিও শেষ পৰিণতি একেই।

  খুব কম দিনৰ বাবে এই ড্ৰাগছ ব্যৱহাৰ কৰিলে হ্রদযন্ত্ৰৰ স্পন্দন বৃদ্ধি হোৱা, ভোক কমি যোৱা, ৰক্তচাপ বৃদ্ধি হোৱা আনকি হৃদযন্ত্ৰ বিকল আদিও হব পাৰে। আনকি প্ৰথম দিনা ব্যৱহাৰৰ পিছতে ষ্ট্ৰক আদিও হব পাৰে যদিহে এই ড্ৰাগছ ৰ মাত্ৰা বেছিকৈ সেৱন কৰে। লগতে দীৰ্ঘদিন সেৱন কৰিলে হৃদৰোগ, হাওফাঁওৰ ৰোগ, কেঞ্চাৰ, মানসিক অস্থিৰতা, হেঁপাতাইটিছ, HIV/AIDS আদি হব পাৰে। আৰু দীৰ্ঘদিন সেৱনৰ ফলত লোকজনৰ আসক্তি ( addiction ) হ’ব সেই ড্ৰাগছৰ প্ৰতি যাক এক মানসিক আৰু মগজুৰ বিকাৰ বুলি কোৱা হয়। আৰু এজন লোকৰ এই আসক্তি গঢ়ি উঠিলে ব্যক্তি জনৰ মগজুৱে কেতিয়াও ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰে ফলত হঠাতে সৰু কথাতে খং উঠা, কাজিয়া কৰা, মূল্যবান সম্পদ ভাগি পেলোৱা, তীব্ৰ বেগত গাড়ী চলোৱা, বাইক ষ্টান্ট কৰা আদি ঘটনা সংঘটিত হয় । আনকি অতি জঘন্য অপৰাধ কৰিবলৈকে ও কুণ্ঠাবোধ নকৰা অৱস্থালৈ গতি কৰিব পাৰে তেওঁৰ মানসিকতা।

Prevent your child from drugs addiction by few steps

  আৰু এই অৱস্থাৰ পৰা ঘূৰি আহিবলৈ খুব কঠিন হৈ পৰে । এই লোকক পুনঃ সংস্থাপন কৰাও অতি জটিল। এনে লোকৰ পিছত লাগি থাকি তেওঁৰ অভিভাৱক, পৰিয়াল , তেওঁৰ চুবুৰীয়া, তেওঁৰ সমাজ খন মানসিক বিকাৰগ্ৰস্ত হৈ পৰে। এজন ড্ৰাগছ আসক্ত লোক পৰিয়াল ত থাকিলে গোটেই ঘৰখনৰ সদস্য সকলৰ চিন্তা ভাৱনা , মানসিক দৃঢ়তা সকলো শূন্য হৈ পৰে কাৰণ তেওঁলোকে ঘৰখনত সদায়ে কিবা নহয় কিবা এটা অশান্তিৰ বার্তা লাভ কৰে নিচাশক্ত লোক জনৰ পৰা।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *