Benefits of applying oil in umbilicus

ৰাতি টোপনি যোৱাৰ আগত নাভিত তেল দিয়াৰ আচৰিত উপকাৰ !!

  নিয়মীয়া নাভিত তেল লগোৱাৰ আচৰিত উপকাৰ সমুহ বহুতে নাজানে। প্ৰাচীন কালৰ পৰাই নাভিত তেল প্ৰয়োগ কৰি ৰোগমুক্তি পোৱা কথা শুনি আহিছে বা শুনিছে। এই উপকাৰ সমূহ জানি সঁচাকৈয়ে আচৰিত হ’ব আপুনি। প্ৰতি নিশা টোপনিৰ আগতে নাভিত দুটোপাল তেল দি শুই থাকিলে দেহত আক্ৰমণ কৰিব পৰা বীজাণু সংক্ৰমণ আৰু বিভিন্ন ৰোগ ব্যাধিৰ পৰা বাছি থাকিব পাৰি । আহক উপকাৰ সমূহ জানি লওঁ :-

Benefits of oil application in umbilicus

১) দুটোপাল কৈ টি ট্ৰী তেল ৰাতি নাভিত দি শুই গলে শৰীৰত হোৱা বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংকর্মন ৰোধ হয়। এই টি ট্ৰী তেল নাপালে বিকল্প হিচাপে মিঠাতেল ব্যৱহাৰ কৰিব পাৰে।

২) নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষৰ বাবে ব্যৱহাৰ কৰক পিপাৰমিণ্ট ( পদিনা) তেল আৰু নাৰিকল তেল বা অলিভ তেলৰ মিশ্ৰণৰ দুটোপাল। এই তেলৰ মিশ্ৰণ দুটোপাল লগাই মিহিকৈ নাভিটো মালিচ কৰি দিলে পলকতে উপশম হয় এই বিষ।

৩) দেহৰ ছালখন ধুনীয়া আৰু সজীৱ কৰি ৰাখিবলৈ নাভিত ব্যৱহাৰ কৰক দুটোপাল বাদামৰ তেল আৰু মিহিকৈ নাভিটো মালিচ কৰক। এসপ্তাহৰ ভিতৰত ছালৰ উজ্জ্বলতাৰ পাৰ্থক্য বুজিব পাৰিব। ঠাণ্ডা দিনৰ বাবে এই উপকৰণ খুবেই উপকাৰী।

৪) মুখমণ্ডলৰ শালমইনাৰ সমস্যা নিৰ্মূল কৰিবলৈ ব্যৱহাৰ কৰক দুটোপাল তিলৰ তেল আৰু নাভিটো মিহিকৈ মালিচ কৰিবলৈ নাপাহৰিব। এই সমস্যাটো এমাহৰ ভিতৰতে দূৰ হ’ব ।

Benefits of oil application in umbilicus

৫) আদ্ৰক তেল আৰু সৰিয়হ তেল সমানে মিহলি কৰি দুটোপাল নাভিত প্ৰয়োগ কৰিলে বমি ভাব আৰু পেট ফুলা সমস্যা দূৰ হয়।

৬) নিয়মিতভাৱে এটোপাল সৰিয়হৰ তেল নাভিত প্ৰয়োগ কৰিলে দৃষ্টিশক্তি ভালে থাকে।

৭) সম পৰিমাণে গোলাপ তেল আৰু এৰাৰ তেল মিহলাই দুটোপালকৈ দৈনিক নাভিত প্ৰয়োগ কৰিলে দেহৰ বিষ, গাঁঠিৰ বিষ, চৰ্দি আৰু ফ্লুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৮) দেহৰ গোপন দুৰ্বলতা সমস্যা হ’লে বা থাকিলে চাৰি পাছ টোপাল নাৰিকলৰ তেল নাইবা অলিভ তেল লৈ নাভিটো মালিচ কৰিলে দুই তিনি দিনৰ ভিতৰতে এই দুৰ্বলতা কমিবলৈ ধৰিব।

৯) নিজৰ মগজুৰ সৃষ্টিশীলতা বঢ়াই তুলিবলৈ সদায়ে নাভিটো যিকোনো এবিধ তেল যেনে এৰা তেল নাইবা বাদাম তেল , নাৰিকলৰ তেল বা অলিভ তেলৰ সৈতে মিহলাই মালিচ কৰক। এনে কৰিলে চিন্তাশক্তি আৰু বুদ্ধিমত্তা দুগুণ বৃদ্ধি হয়

মৌজোলৰ উপকাৰ জানিবলৈ তলত ক্লিক কৰক 

মৌজোল দেহত ৰোগ প্ৰতিৰোধী এন্টী অক্সিডেণ্টৰ ভঁৰাল ! –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *