health benefits of honey

মৌজোল দেহত ৰোগ প্ৰতিৰোধী এন্টী অক্সিডেণ্টৰ ভঁৰাল ! –

ভাৰতীয় পৰম্পৰাত মৌৰ ব্যৱহাৰ যুগে যুগে চলি আহিছে, লগতে ইয়াৰ ঔষধী গুণ আৰু স্বাস্থ্য উপকাৰ কোনো গুণে কম নহয় বুলিও যুগে যুগে প্ৰমাণিত হৈ আহিছে। আৰু আপুনি শুনি আচৰিত হব যে এই মৌজোল বহু চিকিৎসালয়ত ঘাঁ শুকাবলৈ ব্যৱহাৰ কৰে। কিন্তু ইয়াত যিখিনি কথা কোৱা হব সেইখিনি ফ্ৰেছ মৌজোল ( fresh honey) মানে মৌবাহৰ পৰা পাৰি অনা মৌজোলৰ কথাহে কোৱা হব কিন্তু বজাৰত পোৱা পেষ্টুৰাইজ মৌৰ কথা কোৱা বুলি নাভাবিব।

health benefits of honey

 মানে আপুনি দোকানত বটলৰ ভিতৰত যি মৌজোল কিনিব পাই সেয়া হৈছে পেষ্টুৰাইজ মৌজোল। পেষ্টুৰাইজেচন পদ্ধতিৰে অতি উষ্ণতা প্ৰয়োগ কৰি প্ৰাকৃতিক মৌজোলত থকা কিছুমান অদৰকাৰী ইষ্ট ধ্বংস কৰা হয় আৰু লগতে মৌজোলৰ ৰং আৰু ইয়াৰ জীৱন কালৰ উন্নতি সাধন কৰাৰ উপৰিও দানা সমূহ নাইকীয়া কৰি পেলোৱা হয় আৰু এনে কৰিবলৈ যাওঁতে প্ৰাকৃতিক মৌজোলত সমৃদ্ধিশালী বহু প্ৰাকৃতিক পোষক দ্ৰব্য ধ্বংস হৈ পৰে। সেয়ে এই পেষ্টুৰাইজ মৌজোলৰ কোনো বিশেষ গুণ নাই বুলিলেই ভাবিব পাৰি। প্রকৃত অৰ্থত প্ৰাকৃতিক মৌজোল স্বাস্থ্যৰ বাবে উত্তম। এই মৌজোলৰ বহু স্বাস্থ্য উপকাৰ আছে সেইসমূহ হৈছে :-

১) মৌজোল হৈছে দেহত ৰোগ প্ৰতিৰোধী এন্টী অক্সিডেণ্টৰ ভঁৰাল। মৌজোলত বহু কেইবিধ মান উদ্ভিদ জাত ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকে যি সমূহে মানৱ দেহত এন্টী অক্সিডেণ্টৰ কাম কৰে। সেউজীয়া শাক পাচলি আৰু ফলমুলত সমৃদ্ধ এন্টী অক্সিডেণ্ট সকলো বোৰ মৌজোলত পোৱা যায়। বিভিন্ন গৱেষণাত প্ৰকাশ যে মৌজোলত সমৃদ্ধ এন্টী অক্সিডেণ্ট সমূহ হৈছে পলিফেনলচ আৰু এই পলিফেনলচ সমূহে বহু প্ৰকাৰৰ হৃদৰোগ বাধা দিব পাৰে। লগতে নিয়মীয়াকৈ মৌজোল সেৱন কৰিলে কেঞ্চাৰ প্ৰতিৰোধ হয়।

২) মৌজোলৰ বেক্টেৰিয়া প্ৰতিৰোধ আৰু ভেঁকুৰ প্ৰতিৰোধ ক্ষমতা থাকে। বিভিন্ন গৱেষণাত ইতিমধ্যে প্ৰকাশ যে মৌজোলে শৰীৰত অপ্ৰয়োজনীয় বেক্টেৰিয়া আৰু ভেঁকুৰ মাৰি পেলাব পাৰে। মৌজোলত প্ৰাকৃতিক ভাবে হাইড্ৰজেন পেৰকচাইড নামৰ এন্টীচেপতিক থাকে যাৰ ফলতে মৌজোল সেৱন কৰিলে এই বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধ হয়।

৩) দেহৰ ঘাঁ শুকুৱাই । মৌজোল সেৱন কৰিলে দেহত থকা ঘাঁ সোনকালে শুকুৱাই। মৌজোল সেৱন কৰিলে বীজাণু সংক্ৰমণ প্ৰতিৰোধ হোৱাৰ লগতে নতুন কোষৰ উৎপত্তিত সহায়ক হয়।

৪) মৌজোল হৈছে ফাইট’ পোষক দ্ৰৱ্যৰ ভঁৰাল। উদ্ভিদত পোৱা ফাইট’ পোষক দ্ৰব্যই উদ্ভিদ জোপাক সূৰ্য্যৰ পোহৰৰ অতি বেঙুনীয়া ৰশ্মি আৰু অইন পোক পতংগৰ পৰা সুৰক্ষা প্ৰদান কৰে। আৰু সেই ফাইট’ পোষক দ্ৰৱ্য সমূহ মানৱ দেহত এন্টী অক্সিডেণ্ট, বেক্টেৰিয়া নাশক আৰু ভেঁকুৰ প্ৰতিহত কৰা কাম নিয়ন্ত্ৰণ কৰে।

health benifits of honey

৫) পাচন ক্ৰিয়াৰ উন্নতি সাধন কৰে। নিয়মীয়া মৌজোল সেৱন কৰিলে ডায়েৰীয়া প্ৰতিৰোধ হয়, খাদ্যনলীত সোমাই পৰা হেলিক’বেক্টাৰ পাইলৰি বেক্টেৰিয়াক দমন কৰিব পাৰে। এই হেলিক’বেক্টাৰ পাইলৰি বেক্টেৰিয়াই পাকস্থলী আৰু অন্ট্ৰত আলছাৰ সৃষ্টি কৰি অনিয়ন্ত্ৰিত গেছৰ সমস্যা ( peptic ulcer syndrome) সৃষ্টি কৰে । মৌজোল সেৱন কৰিলে খাদ্যনলীৰ ভাল বেক্টেৰিয়া সমূহে পৰিপুষ্টি পাই,

৬) কাহ চৰ্দিৰ বাবে সুফলদায়ক এই মৌজোল। মৌজোল সেৱন কৰিলে কাহ আৰু চৰ্দি প্ৰশমন হয়। এই মৌজোলৰ কাহ চৰ্দি প্ৰশমনৰ ক্ষেত্ৰত আধুনিক ঔষধ ডেক্সট্ৰমেথৰফেনৰ সমান গুণ আছে বুলি বিভিন্ন গৱেষণাত প্ৰকাশিত হৈছে।

মৌজোলৰ হানিকাৰক গুণ :- বিভিন্ন স্বাস্থ্য উপকাৰী পোষক দ্ৰৱ্য থকাৰ উপৰিও মৌজোলত প্ৰাকৃতিক ভাবে থাকিব পাৰে ক্লষ্ট্ৰিডিয়াম বটুলিনিয়াম নামৰ অপকাৰী বেক্টেৰিয়া। যি শিশুৰ ডায়েৰীয়া সৃষ্টি কৰিব পাৰে। সেয়ে এবছৰৰ তলৰ শিশুক এই কেঁচা মৌজোল কেতিয়াও খুৱাব নালাগে। কাৰণ এই বেক্টেৰিয়াই শিশুক আক্ৰমণ কৰিলে ডায়েৰীয়া, কোষ্ঠ কাঠিন্য, উশাহ কমকৈ লোৱা, মোৰ স্থিৰ নথকা, পাৰেলাইছিছ ইত্যাদি হব পাৰে।

   আৰু ডাঙৰৰ ক্ষেত্ৰত এই বেক্টেৰিয়াই আক্ৰমণ কৰিলে বমি হোৱা, ডায়েৰীয়া হোৱা, মাংস পেশীৰ দুৰ্বলতা আদি হব পাৰে।

পদিনাৰ পাতৰ আচৰিত গুণসমুহ জানিবলৈ তলত ক্লিক কৰক 

: https://kamalpurexpress.com/2021/10/16/mint-leafs/

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *