জ্যোতিষ শাস্ত্ৰ অনুসৰি মানুহৰ দেহৰ কিছুমান অংগত অৱস্থিত কিছু বিশেষ চিহ্ন অত্যন্ত মঙ্গলজনক আৰু শুভ মান্যতা দিয়া হয়। ঠিক এই চিহ্নসমূহতে মানুহৰ ধন, টকা, ঐশ্বৰ্য্য, বিভূতিৰ আগজাননী ধাৰণা কৰা যায়। সেই বিশেষ চাৰিটা চিহ্ন হৈছে :-
১) যদিহে হাতৰ তলুৱাৰ মাজত টমৰ, ৰথ, বক্র বা পতাকা চিহ্ন থাকে তেন্তে তেনে জাতক জাতিকাক অত্যন্ত ভাগ্যবান মান্যতা দিয়া হয়। এওঁলোক চাকৰি হওঁক বা ব্যৱসায় সকলোতে সফল হবলৈ সক্ষম হয়। তেওঁলোকে যি কামে আৰম্ভণি নকৰক সফলতা তেওঁলোকৰ হাতৰ মুঠিত থাকে। পৰিয়াল আৰু সমাজৰ মাজত এওঁলোক প্রিয় হৈ পৰে। এওঁলোকৰ পাৰিবাৰিক জীৱন খুব সুখৰ হয়।
২) মানুহৰ শৰীৰত তিল থকা এটি সাধাৰণ কথা । কিন্তু এই তিলৰ কিছু বিশেষ স্থানত অৱস্থিতিয়ে মানুহক ভাগ্যশালী কৰে। এই তিল যদি হাতৰ তলুৱাত থাকে তেন্তে ই হ’ব সেই বিশেষ ব্যক্তিৰ বাবে ভাগ্যৰ কথা। হাতৰ তলুৱাৰ মাজভাগত তিল থাকিলে মানুহ অত্যন্ত ধনী হয় আৰু প্ৰতিষ্ঠিত হ’ব পাৰে। এওঁলোকে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হলেও অৱশেষত সফলতা লাভ কৰে। এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়।
৩) যিসকল জাতক জাতিকাৰ ভৰিত পদ্মচিহ্ন বা চক্ৰচিহ্ন থাকে তেওঁলোকৰ ধন সম্পত্তিৰ কোনো ক্ষয় ক্ষতি নহয়। এই লোকসকলে প্রচুৰ ধন সম্পত্তিৰ সুখ ভোগ কৰে। এই লোকসকল শিশুসুলভ হয় ; এওঁলোকৰ শিশু স্নেহ বেছি থাকে। এই লোকসকলে মানুহক ভাল ভাল উপদেশ দিবলৈ পছন্দ কৰে । এই লোকসকল খুব ভাল মানসিকতাৰ হয় আৰু সহজতে আনৰ মন জয় কৰিবলৈ সক্ষম হয় ।
৪) যিসকল লোকৰ ভৰিৰ তলুৱাত তিল থাকে তেওঁলোকক শাসক বুলি কোৱা হয়। এই জাতক জাতিকাই জীৱনত সকলো ধৰণৰ সুখ লাভ কৰে। এনে লোক সকলে স্বাধীন ভাৱে জীৱন নিৰ্বাহ কৰি ভাল পাই। এই লোক সকলে জীৱনৰ লক্ষ্যত উপনীত হবলৈ সকলো কষ্ট, ত্যাগ স্বীকাৰ কৰিব পাৰে । ধন সম্পত্তি আৰু টকা পইচাৰ ক্ষেত্ৰত এওঁলোক খুবেই ভাগ্যশালী হয়। এওঁলোকে পিতৃ মাতৃৰ পৰা অনেক ধন সম্পদ লাভ কৰি আশীৰ্বাদ তুষ্ট হয়।
দেহৰ কি কি অংগ ডাঙৰ দিঘল হ’লে ছোৱালী ভাগ্যশালী হয় জানিবলৈ তলত ক্লিক কৰক
মোৰ সোহাতৰ মাজৰ আঙুলিত তিল আছে
মোৰ কোনো দিনেই ভাল দেখা নাযায় ।অকল বেয়া ই ।মই যদি কিবা কথা ভাবোঁ সেইটো কেতিয়াও নহয় । মোৰ 17বছৰৰ ভালপোৱা আজিলৈকে নহ’ল ।মই আশা কৰা সপোনবোৰ একোৱেই নহয় ।
??