12 qualities make woman intelligent

নাৰীৰ যদি এই ১২ গুণ আছে তেন্তে জানিব তেওঁ বুদ্ধিমান !!

সকলো নাৰী নিজৰ বুদ্ধিত পাকৈত ; সেয়ে কোৱা হয় নাৰীৰ বুদ্ধি আৰু মন বুজা সহজ নহয়। তাৰ ভিতৰত কিছু আচৰিত গুণ কিছু বিশেষ মহিলাৰ তেজত থাকে যি সমূহ গুণে নাৰীক বুদ্ধিমান আৰু মহান কৰে। এই গুণ সমূহ প্ৰায় ২% মহিলাৰহে থাকে। এই মহান গুণ সমূহ যিয়ে নাৰীক সদায় মহান আৰু বুদ্ধিমান কৰে সেইসমূহ হৈছে :-

 

12 brilliant qualities make woman intelligent

১) তেওঁ সদায় উৎসাহ দিয়ে । এজনী বুদ্ধিমান নাৰীয়ে নিজৰ স্বামী হওঁক বা প্ৰেমিক হওঁক বা নিজৰ সন্তানক যিকোনো ভাল কৰ্ম আৰু লক্ষ্যত সদায় উৎসাহ প্ৰদান কৰিবলৈ যত্নপৰ হয় ; কিন্তু বাস্তৱিক প্ৰত্যাহ্বান একো নিদিয়ে। তেওঁ কেতিয়াও বাধ্য নকৰাই যে আপুনি কৰিব পাৰিবই লাগিব বা দিবই লাগিব বুলি, মাত্ৰ তেওঁ বিশ্বাস ৰাখে যে আপোনাৰ কৰিবলৈ সামৰ্থ আছে আৰু আপুনি কেতিয়াও বেয়া সিদ্ধান্ত নলয়।

২) কেতিয়াও শিশু সুলভ আচৰণ নকৰে । বুদ্ধিমান নাৰীয়ে নিজৰ লোভ আৰু ঈৰ্ষাৰ বাবে কেতিয়াও শিশু দৰে আচৰণ নকৰে ; লোভ আৰু ঈৰ্ষা সকলো মানুহৰে থাকে যদিও বুধিয়ক নাৰীয়ে এই আচৰণ কেতিয়াও আনক প্ৰত্যক্ষ নকৰাই। নিজৰ সম্পৰ্ক বোৰত কেতিয়াওঁ অসুৰক্ষিত অনুভৱ নকৰে কাৰণ তেওঁৰ বুদ্ধি আৰু মহান গুণসমূহৰ বাবে যিকোনো সম্পৰ্কত তেওঁ ইতিমধ্যে স্থায়িত্ব দখল কৰিবলৈ সক্ষম হয়।

৩) তেওঁ এনে আচৰণ নকৰে যে গোটেই পৃথিৱী তেওঁৰ চাৰিওফালে ঘুৰক। তেওঁ মাত্ৰ মৰম আৰু সন্মান বিচাৰে বিনিময়ত তেওঁ একেখিনি দিবলৈকে সক্ষম থাকে। তেওঁ নিজৰ সম্পৰ্কত থকা জনৰ ইচ্ছা অনুভূতিক , আশা আকাংশাক কেতিয়াও দমন কৰিব প্ৰয়াস নকৰে বৰং সন্মান দিয়ে যাতে তেওঁ নিজেই সুখত থাকিব পাৰে আৰু আপোনজনক সুখত ৰাখিব পাৰে।

৪) তেওঁ নিজৰ আপোনজনক কেতিয়াও দিনৰ ২৪ ঘণ্টাই নিজৰ সৈতে নিবিচাৰে। তেওঁ সদায় বুজি পাই যে প্ৰত্যেকজনৰে নিজম্ব স্বাধীনতা থাকে আৰু এটা সম্পৰ্কৰ বাহিৰতো প্ৰত্যেকৰে কৰিব লগা বহু কিছু থাকে। নিজৰ মা দেউতা ভাই ভনী আৰু আত্মীয়ৰ বাবে কিবা কৰিবলৈ যাওঁতে , তেওঁলোকক কিবা দিলেও বুদ্ধিমান নাৰীয়ে কোনো কাৰণতে নিজৰ পুৰুষজনক আপত্তি নকৰে বৰং আনন্দ আৰু গৌৰৱ অনুভৱ কৰে ।

৫) তেওঁ কেতিয়াও কোনো কথাত সহজতে উদ্বিগ্ন নহয়। এনে নাৰীয়ে সকলোৰে সৈতে কেনেধৰণৰ ব্যৱহাৰ কৰিব সেয়া জানে। সকলো অৱস্থা, সকলো অৱস্থানত আৰু সকলো মুহূৰ্ততে নিজক অনুকূলন ( adjustment ) কৰি লব পাৰে। এই নাৰীৰ ইমানেই সাধুতা গুণ সমৃদ্ধ যে তেওঁ কাৰ লগত কি কথা পাতিব লাগিব, কাক কেনে আচৰণ কৰিব লাগিব আৰু এই সকলোবোৰতে তেওঁ স্ফূৰ্ত্তি পাই।

৬) আপোনজনৰ যত্ন লোৱাত কেতিয়াও অৱহেলা নকৰে।

12 qualities of smart woman

 এনে নাৰীয়ে নিজৰ সম্পৰ্কত থকা জনৰ ওপৰত কেতিয়াও পৰ নিৰ্ভৰশীল হৈ সকলো বোজা তেওঁৰ সৈতে সম্পৰ্কত থকা জনেই লোৱাটো কেতিয়াও নিবিচাৰে। তেওঁ ইজনে সিজনৰ হাতে হাত ধৰি আগবাঢ়ি যোৱাত বিশ্বাস ৰাখে আৰু তেনেকৈ আগবাঢ়ি গৈ থাকে।

৭) এনে নাৰীয়ে সামাজিক সম্পৰ্ক আৰু সামাজিক ব্যৱহাৰত নিজৰ দক্ষতা ৰাখে।

12 qualities of intelligent woman

 এনে নাৰীয়ে কোনো ব্যক্তিৰ সতে কথা বতৰা , আদান প্ৰদান ইত্যাদিত নিজকে সুন্দৰ ভাবে উপস্থাপন কৰিব জানে। আনকি সামাজিক মাধ্যমত নিজৰ আচাৰ ব্যৱহাৰ খুব মাৰ্জিত হোৱাত বিশ্বাস কৰে।

৮) তেওঁ লাজ নকৰে । প্ৰাপ্য খিনি পাবৰ বাবে সামাজিক জীৱন হওঁক বা নিজৰ সম্পৰ্কত এনে নাৰী সদায় স্পষ্টতা ৰাখে। তেওঁৰ অভাৱ অভিযোগ আৰু প্ৰয়োজনক লুকাই নাৰাখে ; কিন্তু সেয়া পাবলৈ কাকো দাবীও নকৰে।

৯) সকলো সমস্যা সমাধানৰ বাবে উচিত মন্তব্য আৰু জ্ঞান থাকে এনে নাৰীৰ। এনে নাৰীয়ে সমস্যা সমাধানৰ বাবে নিজৰ মন্তব্য কোনো ভয় আৰু শংকা নকৰাকৈ আগবঢ়াই কাৰণ তেওঁ জানে যে তেওঁ যি কবলৈ গৈ আছে সেয়া বাস্তৱ আৰু সত্য। নিজৰ স্বাৰ্থ জড়িত মন্তব্যৰ পৰা তেওঁ সদায় বিৰত থাকে।

১০) হাই কাজিয়াত লিপ্ত হলেও তেওঁ সদায় আৰু প্ৰথমে তাক শেষ কৰিবলৈ প্ৰয়াস কৰে। তেওঁ সদায় আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান বিচাৰে হাই কাজিয়াৰ দ্বাৰা নহয়। সমস্যাৰ কাৰণ নিৰ্ণয় কৰি সমস্যা সমাধান কৰিবলৈ যত্নপৰ এই নাৰী।

১১) নিজৰ জীৱনৰ মূল্যবোধ ভালকৈয়ে বুজি পায় এনে নাৰীয়ে। নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত যিকোনো প্ৰকাৰে তেওঁলোকে উপনীত হব পাৰে ; কোনো বাধা আৰু প্ৰত্যাহ্বান তেওঁলোকৰ বাবে সমস্যা হব নোৱাৰে কাৰণ তেওঁলোকে জীৱনৰ প্ৰকৃত মূল্যবোধ ভালকৈয়ে ঠিৰাং কৰি লব জানে।

১২) এনে নাৰীৰ স্বামী আৰু সন্তান সৌভাগ্যশালি হয়।

12 qualities of intelligent woman

  এনে নাৰীক মা হিছাপে পোৱা সন্তান, এনে নাৰীক পত্নী হিচাপে পোৱা স্বামী আৰু এনে নাৰীক প্ৰেমিকা হিছাপে পোৱা প্ৰেমিক পৃথিৱীৰ আটাইতকৈ সুখী মানুহ। নিজ স্বাধীন আৰু উদাৰ মনৰ এই নাৰীয়ে আত্মীয় জনক সদায় সুখী কৰি ৰাখিবলৈ যত্নপৰ হয়।

সকলোৰে মাজত জনপ্ৰীয় হবলৈ সুন্দৰ টিপছ্ জানিবলৈ তলত ক্লিক কৰক

সকলোৰে প্ৰিয়ভাজন হবলৈ ৬ টি সুন্দৰ টিপছ্ !! সদায় মুখত হাঁহি-

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *