healthy mint leaf is best for acne pimples

পদিনাৰ ৰস এনেদৰে ব্যৱহাৰ কৰি পাওক চমৎকাৰ!!

পদিনা পাতৰ ৰস এনেদৰে ব্যৱহাৰ কৰি পাওক চমৎকাৰ !! পদিনাৰ গুণসমূহ আৰু উপাদান সমুহ :-

healthy mint leaf is best for acne pimples

সাধাৰণতে চাহ, চাটনী বা অন্য ৰন্ধন প্ৰণালীত প্ৰয়োগ কৰা পদিনা এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি । কেইবাটাও বৰ্ণসংকৰ প্ৰজাতিত উপলব্ধ এই চিৰসেউজ তৃণজাতীয় গছবিধ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ দেশতে পোৱা যায় ।

এই পদিনাৰ যে স্বাস্থ্য উপকাৰী গুণ আছে শুনি আচৰিত হ’ব। আৰু এই কথা প্রমাণ কৰে ইয়াত পৰিপুষ্ট হৈ থকা বিভিন্ন প্রকাৰৰ পোষক দ্ৰব্যসমূহে। ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত থকা উপাদান সমুহ হৈছে :-

mint leaf is benificial for cancer and piles treatment

১) শক্তি :-৪৪ কিঃ কেল’ৰি ; ২) কার্ব’হাইড্রেট:- ৫.৮ গ্রাম; ৩) স্নেহ পদার্থ:- ০.৭৩ গ্রাম; ৪) আঁহ :- ২.০ গ্রাম; ৫) প্ৰ’টিন:- ৪.৮ গ্রাম; ৬)পানী :- ৮৩ গ্রাম; ৭) আইৰণ:- ১.৫৬ মিঃ গ্রাম; ৮) কেলছিয়াম ২০০ মিঃ গ্রাম; ৯) কপাৰ:- ০.২৪০ মিঃ গ্রাম; ১০) মেগনেছিয়াম:- ৬৩ মিঃ গ্রাম; ১১) মেংগানিজ:- ১.১২ মিঃ গ্রাম; ১২) জিংক :-১.০৯ মিঃ গ্রাম; ১৩) ফচফৰাছ :- ৮০ মিঃ গ্রা; ১৪) ছডিয়াম:- ৩০ মিঃ গ্রাম; ১৫) পটাছিয়াম :-৪৫৮ মিঃ গ্রাম; ১৬) ভিটামিন A :- ২৭০০ আই ইউ; ১৭) ভিটামিন B1 :- ০.০৭৮ মিঃ গ্রাম; ১৮) ভিটামিন B2:- ০.১৭৫ মিঃ গ্রাম, ১৯) ভিটামিন B6 :- ০.৯৪৮ মিঃ গ্রাম; ২০) পাইৰ’ডক্সিন :- ০.১৫৮ মিঃ গ্রাম;
২১) ফলেট :- ১০৫ মাইক্ৰ’ মিঃ গ্ৰাম আদি।

পদিনাৰ গুণসমূহ :-

পদিনা দেহৰ পৰিপুষ্টিৰ উপৰি যথেষ্ট ঔষধি গুণৰে সমৃদ্ধিশালী বুলি যুগে যুগে প্ৰমাণিত হৈ আহিছে। আয়ুৰ্বেদ শাস্ত্ৰত পদিনাৰ বহু ঔষধি গুণ বৰ্ণিত আছে। পদিনাৰে প্ৰস্তুত কৰা চাহ খালে জ্বৰ, ব্রংকাইটিছ, পানী লগা, মূৰৰ কামোৰণি, নাক বন্ধ আদিত উপকাৰ পোৱা যায়।

পদিনাৰ পাত পেটৰ অসুখ, গেষ্ট্রিক, বদহজম, কোষ্ঠকাঠিন্য, বমি ভাব, অনিয়মীয়া ঋতুস্ৰাৱ আদিৰ উপশম কৰে।

পদিনাৰ পাতৰ পৰা আহৰণ কৰা তেল ৰিউমেটিজিম, মাংসপেশীৰ বিষৰ বাবে মহৌষধ।

সু-স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন প্ৰকাৰে উপকাৰী পদিনাৰ কেইটামান বিশেষ প্ৰয়োগ হৈছে :-

(১) চালাডত পদিনাৰ পাত প্ৰয়োগ কৰাটো স্বাস্থ্যবৰ্ধক । পদিনাৰ কেইটামান পাত চোবাই খালে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা,পায়েৰিয়া আদি ৰোগ উপশম হয়।

(২) পদিনাৰ ৪-৫ টা পাত পানীত উতলাই আৰু পানীখিনি ঠাণ্ডা হোৱাৰ পিছত সেই পানীৰে মুখ কুলকুলি কৰিলে মুখৰ দূৰ্গন্ধ দুৰ হয় ।

(৩) পদিনাৰ পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয় ।

(৪) পদিনাৰ পাতৰ পৰা প্ৰস্তুত কৰা তেল কীটনাশক হয় । এই তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা আদি পলাই যায় ।

Benefits of mint leafs

(৫) এটা গামলাত পানী লৈ সেই পানীত কেইটোপালমান পদিনাৰ তেল মিহলাই তাত ভৰি ডুবাই ৰাখিলে ভাগৰ নাইকিয়া হয় ।

(৬) পদিনাৰ পাতৰ পেষ্ট মুখত লগালে বা তাৰ ভাপ ল’লে শালমইনা, বিভিন্ন দাগ, মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয় ।

Pepermint leaf paste cure acne, pimples, fine lines and wrinkles

(৭) পেটত গেছ হ’লে পদিনাৰ সজীৱ ৰসৰ লগত আদা আৰু সৈন্ধৱ লৱণ মিহলাই সেৱন কৰিলে লাভজনক হয় ।

(৮) কাহ হ’লে পদিনা মিহলাই তৈয়াৰ কৰা চাহৰ লগত অকণমান নিমখ দি খালে আৰাম পোৱা যায় ।

(৯) পদিনাৰ পাতৰ ৰস ক্ষয়ৰোগ, এষ্টমা আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগত উপকাৰী ।

(১০) পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি, পানীলগা জ্বৰ আদি ৰোগ উপশম হয় ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *