যকৃত হৈছে এনে এটি দেহৰ অংগ যাক বাদ দি মানুহৰ জীৱন বিপদাপন্ন। আমি ৰাতিপুৱাৰ পৰা ৰাতি শুবৰ সময়লৈকে যিমানে খাদ্য নাখাওঁ সেই খাদ্যসমুহ যকৃত, ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ পৰা ক্ষৰণ হোৱা পাঁচক ৰসৰ সৈতে লগ লাগি হজম হয়। যত যকৃতৰ ক্ৰিয়া অতি গুৰুত্বপূৰ্ণ। আৰু যকৃত বা লিভাৰ যেতিয়া লৈকে সম্পূৰ্ণ ৰূপে সুস্থ থাকিব তেতিয়ালৈকে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণ সুস্থ হৈ ৰ’ব ; আৰু যদিহে ওলোটা তেন্তে জানিব জীৱন ওলোটা। এই লিভাৰ ভালে থকা আৰু বেয়া হৈ যোৱা কথাটো নিৰ্ভৰ কৰে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি খাইছোঁ , কি নাখাইছোঁ আৰু কি কৰিছোঁ, কি নকৰিছোঁ তাৰ ওপৰতে।
যকৃত বা লিভাৰৰ কাৰ্য্যক্ষমতা হ্ৰাস হোৱা কাৰণসমূহ :-
১) শাৰীৰিক পৰিশ্ৰমৰ অভাৱ :- যদিহে মানুহে দৈনিক কমেও ৩৫ মিনিট ব্যায়াম কৰা নাই বা কোনো কাম কৰা নাই অথবা খোজ কঢ়া নাই সেয়া যকৃতৰ বাবে বেয়া খবৰ। যাৰ ফলত লিভাৰত চৰ্বী জমা হ’ব । অৰ্থাৎ আমি যি খাদ্য খাইছোঁ তাক দিনটোৰ ভিতৰত দেহৰ কিছু কামত লগাই খৰচ কৰিব লাগে, নহলে সেই খাদ্যভাগ চৰ্বী ৰূপে লিভাৰত জমা হৈ ৰব। আৰু সেই অৱস্থাটিকে ফেঁটী লিভাৰ বুলি কোৱা হয়; এই ফেঁটী লিভাৰ গ্ৰেড একৰ পৰা গ্ৰেড তিনি লৈ গৈ তাৰ পিছত চিৰহ’চিছ লিভাৰ পৰ্যায় পায়। আৰু এই পৰ্যায়ৰ পৰা লিভাৰক ঘূৰাই লৈ অহা অসম্ভৱ । চৰ্বী যে অকল লিভাৰতে জমা হ’ব তেনে নহয় ; চৰ্বী দেহৰ আন অংগ সমূহতো জমা হৈ পৰিব। হৃদযন্ত্ৰ, পেট , জৰায়ু আনকি কিডনিত জমা হৈ পৰিব পাৰে অতিৰিক্ত আৰু অব্যৱহৃত চৰ্বী ।
২) চেনী আৰু মৈদা সেৱন :- আমাৰ দেহত চেনীৰ কোনো প্ৰয়োজন নাই। চেনী বুলি কওঁতে বগা আৰু ৰিফাইন চেনীৰ কথা কোৱা হৈছে। এই বৰবিষ বিধৰ বাবে বহু ৰোগ হ’ব পাৰে দেহত; একেদৰে যকৃতটো চৰ্বি জমা হৈ পৰে। সেয়ে চেনী আৰু চেনী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সকলো খাদ্য লিভাৰৰ বাবে হানিকৰ। একেদৰে বগা মৈদা আৰু বগা আটাৰ কোনো খাদ্যগুণ নাই ( nutrition value ) ; মাত্ৰ ইয়াত কাৰ্বহ্যড্ৰেট থাকে আৰু এই অতিৰিক্ত কাৰ্বহ্যড্ৰেট এদিন চৰ্বী হিচাপে লিভাৰ আৰু অইন অংগত সঞ্চয় হৈ ৰয়।
৩) বিষনাশক ঔষধি সেৱন :– যিকোনো বিষ উপশম কৰিবলৈ খোৱা টেবলেট লিভাৰৰ শত্ৰু। তাৰ উপৰিও কলেষ্টৰল কমাবলৈ খোৱা দৰৱ সমূহ দীঘলীয়া কৈ খাই থাকিলে লিভাৰৰ ক্ষতি হয়। আনকি পেৰাচিটামল ঔষধ বেছিকৈ খালেও লিভাৰৰ ক্ষতি, আনকি বিকল হ’ব পাৰে।
৪) অত্যাধিক চৰ্বী জাতীয় খাদ্য গ্ৰহণ :- অত্যাধিক চৰ্বী সদায় লিভাৰৰ শত্ৰু। দেহত ব্যৱহাৰ নোহোৱা চৰ্বী সদায় লিভাৰত জমা হৈ ৰয়। সেয়ে কোৱা হয় খাদ্য তালিকাত বেছিকৈ শাক পাচলি, ফলমুল আৰু ডাইল জাতীয় খাদ্য বেছি ৰাখিব লাগে , মধ্যম পৰিমাণে ৰাখিব লাগে ভাত আৰু ৰুটি , শেষত আটাইতকৈ নগণ্য হ’ব লাগে তেলজাতীয় খাদ্য বা চৰ্বী।
৫) কিছুমান ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হলে লিভাৰৰ ক্ষতি হয় :- হেঁপাটচিটিছ A , হেঁপাটচিটিছ B, হেঁপাটচিটিছ C ভাইৰাছ আদি যিয়ে চিধা লিভাৰক সংক্ৰমণ কৰে। আৰু এই ভাইৰাছ তেজৰ দ্বাৰা এজনৰ গাৰ পৰা আনজনৰ গালৈ যায়।
৬) মদ্যপান :-
লিভাৰৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে মদ্যপান । অত্যাধিক মদ্যপান কৰিলে এলকহলীক লিভাৰ চিৰহ’চিছ হোৱাটো নিশ্চিত আৰু যাক কেতিয়াও চিকিৎসা কৰা নাযায়।
যকৃত ভালে ৰাখিবলৈ কিছুমান চুপাৰ ফুড :-
১) সেউজীয়া শাক পাচলি :- পালেং শাক , মেথি শাক , পতাৰ পাত, মূলা শাক, সৰিয়হ শাক হৈছে লিভাৰৰ বাবে উত্তম । এইবোৰত চৰ্বী কম আৰু ফাইবাৰৰ লগতে পোষক দ্ৰব্য বেছিকৈ থাকে।
২) গ্ৰীণ টি :- কমেও দুই তিনি কাপ এই চাহ খোৱা লিভাৰক এখন নতুন চাদৰ কিনি দিয়াৰ দৰে। অৰ্থাৎ এই অভ্যাসে যকৃতক ৰক্ষা ( protection) কৰে। এই চাহে লিভাৰৰ অক্সিদেটিভ ষ্ট্ৰেছ প্ৰতিৰোধ কৰে আৰু লিভাৰত জমা হোৱা ফ্ৰী ৰেদিকেল সমূহ নিষ্কাষণ কৰে।
২) বিট :- যথেষ্ট ফাইবাৰ, এন্তিঅক্সিডেন্ট আৰু মিনাৰেল সমৃদ্ধিশালী এই বিট হৈছে লিভাৰৰ প্ৰকৃত বন্ধু। ভিটামিন A, ভিটামিন B -6 , ভিটামিন C আৰু আইৰন সমৃদ্ধ এই বিট সেৱন কৰিলে লিভাৰ সুৰক্ষিত হয়, লিভাৰত জমা হোৱা ফ্ৰী ৰেদিকেল নিষ্কাষণ হয়, লিভাৰৰ চৰ্বী কমে আৰু লিভাৰৰ ফুলা হ্ৰাস হয়।
৩) তিতা কেৰেলা :- এই তিতা কেৰেলা যকৃত ভালে ৰাখিবলৈ উত্তম পথ্য আৰু লিভাৰৰ বন্ধু। এই কেৰেলা সেৱন কৰিলে লিভাৰ বিশুদ্ধ হয়, লিভাৰৰ পৰা ক্ষৰণ হোৱা উৎসেচক সমূহে নতুন গতি পায়। অতিৰিক্ত মদ্যপান কৰাৰ ফলত লিভাৰত জমা হৈ থকা এলকহলৰ লোড কমে।
৪) নহৰু :- এই নেহৰুত উপলব্ধ চেলেনীয়াম নামৰ এন্তিঅক্সিডেন্টে লিভাৰ পৰিষ্কাৰ কৰে ; লিভাৰৰ পৰা উৎসেচক ক্ষৰণ বৃদ্ধি কৰে।
৫) মাছ :-
তেল থকা সকলো মাছ লিভাৰৰ বাবে উপযোগী। এই মাছত ওমেগা – ৩ ফেঁটী এচিড থাকে, যি হৈছে এবিধ অসংপৃক্ত চৰ্বী যি চৰ্বীয়ে লিভাৰত জমা হৈ ৰোৱা বেয়া চৰ্বী অৰ্থাৎ সংপৃক্ত চৰ্বীৰ বিয়োজন কৰিব পাৰে ।
৬) কেঁচা হালধিৰ ৰস :- এই ৰসে লিভাৰৰ ফুলি যোৱা সমস্যা দূৰ কৰে। মনত ৰাখিব দৈনিক আধা চামুচ এই ৰস ৰাতিপুৱা খালি পেটত খোৱা অমৃতসম। ইয়াত থকা এন্তিঅক্সিডেন্টে লিভাৰৰ পৰা বাইল উৎপাদন বৃদ্ধি কৰে, লিভাৰৰ কোষ সমূহৰ ক্ষয় ক্ষতি ৰোধ কৰিব পাৰে।
৭) আখৰোট গুটি ( Walnuts ) :- ওমেগা ৩ ফেঁটী এচিড সমৃদ্ধিশালী এই আখৰোট গুটি খালে লিভাৰৰ পৰা বিষাক্ত দ্ৰব্য এমনীয়া নিষ্কাষণ হয় ; লগতে এই গুটিত থাকে অতি গুৰুত্বপূৰ্ণ এমিন’ এচিড গ্লোটাথায়ন আৰু আৰ্জিনিন যিয়ে লিভাৰক পৰিপুষ্টি প্ৰদান কৰে।
ডায়েবেটিছ নিয়ন্ত্ৰণত আমলখিৰ ভূমিকা জানিবলৈ তলত ক্লিক কৰি পঢ়ক
সুন্দৰ বাতৰি।যদি পাৰে গেছৰ ওপৰত দিবচোন।